বিধানসভা নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি কংগ্রেছৰ : ৰাজীৱ ভৱনত কেইবাখনো ৰুদ্ধদ্বাৰ বৈঠক
আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক ৷

Published : November 11, 2025 at 6:43 PM IST
গুৱাহাটী : আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে কংগ্ৰেছে । ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বভাৰ লোৱাৰ পিছতে সাংসদ গৌৰৱ গগৈয়ে দলটোক নতুন ৰূপ দিয়াৰ বাবে বিভিন্ন স্তৰত নতুনকৈ কমিটী গঠন কৰাৰ লগতে বহু কেইখন বৈঠকো অনুষ্ঠিত কৰে ।
মঙলবাৰে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদেশ কংগ্ৰেছৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । প্ৰথমতে নিৰ্বাচনী ইস্তাহাৰ কমিটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত গুৱাহাটীৰ ৰাজীৱ ভৱনত সাংসদ প্ৰদ্যুৎ বৰদলৈক অধ্যক্ষ হিচাপে লৈ গঠন কৰা নিৰ্বাচনী ইস্তাহাৰ কমিটীৰ এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । বৈঠকত চত্তীশগড়ৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী টি এছ সিং দেউ, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ সহকাৰী তত্ত্বাৱধায়ক পৃথ্বীৰাজ প্ৰভাকৰ সাথে, মনোজ চৌহান আৰু বিকাশ উপাধ্যায়, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই অংশগ্ৰহণ কৰে ।
আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলে ৰাইজক আকৰ্ষিত কৰিব পৰাকৈ কিদৰে দলীয় ইস্তাহাৰ প্ৰস্তুত কৰিব তাকলৈ বিশদভাৱে আলোচনা কৰা হয় । ’২৬ৰ নির্বাচনী ইস্তাহাৰত কোনবোৰ বিষয় থাকিব সেই লৈ আলোচনা হয় । ইস্তাহাৰ কমিটীৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈৰ সভাপতিত্বত বৈঠকখন অনুষ্ঠিত হয় ।

উল্লেখ্য যে, নিৰ্বাচনী ৰণনীতিক লৈ আজি (মঙলবাৰ) দিনজোৰা বিশেষ বৈঠকৰ আয়োজন কৰে প্ৰদেশ কংগ্রেছে । প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত আটাইকেইখন বৈঠকৰ আয়োজন কৰা হয় । উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ।
নিৰ্বাচনী ইস্তাহাৰ কমিটীক লৈ হোৱা বৈঠকৰ পাছতে বি টি চিক লৈ বৈঠকৰ আয়োজন কৰা হৈছে । বি টি চি নিৰ্বাচনত কংগ্রেছৰ শোচনীয় পৰাজয়ক লৈ বৈঠকত পৰ্যালোচনা কৰা হ'ব । বৈঠকত উপস্থিত থাকিব বি টি চি নিৰ্বাচনত অংশ লোৱা সকলো প্ৰাৰ্থী ।
আনহাতে তৃতীয়খন বৈঠক ’২৬ৰ নিৰ্বাচন কমিটীৰ পাঁচগৰাকী অধ্যক্ষকলৈ অনুষ্ঠিত হ'ব । বৈঠকত অংশ ল'ব ভূপেন বৰা, দেৱব্রত শইকীয়া, ৰিপুণ বৰা, প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে ।

ইফালে বৈঠকৰ পূৰ্বে ৰাজীৱ ভৱনত দিল্লীৰ লালকিল্লা মেট্ৰ' ষ্টেচনৰ সমীপত সোমাবাৰে সংঘটিত হোৱা বোমা বিস্ফোৰণত নিহতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । লগতে স্বাধীনতা সংগ্ৰামী তথা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদক জন্মবাৰ্ষিকী উপলক্ষে স্মৰণ কৰা হয় ।
অনুষ্ঠানত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, চত্তীশগড়ৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী টি এছ সিং দেউ, কংগ্ৰেছৰ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথে, মনোজ চৌহান আৰু বিকাশ উপাধ্যায়, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাকে প্ৰমুখ্য কৰি কংগ্ৰেছ দলৰ বহু সংখ্যক নেতা-কৰ্মী উপস্থিত আছিল ।
সংবাদ মাধ্যমৰ আগত জীতেন্দ্ৰ সিঙে দিল্লীৰ বোমা বিস্ফোণৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "এয়া গৃহ বিভাগৰ চূড়ান্ত গাফিলতি । লালকিল্লাৰ দৰে গুৰুত্বপূৰ্ণ স্থানত কেনেকৈ বোমা বিস্ফোৰণ হ’ল ? দেশৰ চোৰাংচোৱা সংস্থাসমূহে কি কৰি আছিল । ইয়াৰ অৰ্থ এয়ে যে ডাবল ইঞ্জিনৰ চৰকাৰখন সম্পূৰ্ণৰূপে বিফল । তেওঁলোকে বিহাৰত চৰকাৰ ভঙা পতাত ব্যস্ত হৈ আছে । এই ঘটনা বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ কৰা উচিত । সমগ্ৰ দেশত এতিয়া ভয়ৰ বাতাবৰণ হৈছে । চৰকাৰৰ এজেন্সীসমূহে ইয়াৰ বাবে জবাবদিহি হ'ব লাগে ।"

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰসংগত জীতেন্দ্ৰ সিঙে কয়, "আজি আমাৰ কেইবাখনো বৈঠকৰ আয়োজন কৰা হৈছে । কংগ্ৰেছে নিবাচনী ইস্তাহাৰ ৰাজীৱ ভৱনত নাইবা এ চি ৰূমত বহি প্ৰস্তুত নকৰে । গাঁৱে গাঁৱে গৈ ৰাইজৰ মতামত লৈ প্ৰস্তুত কৰিব নিৰ্বাচনী ইস্তাহাৰ । উজনি-নামনি, বৰাক উপত্যকা, চাহ বাগিচা এলেকা আদি সকলো স্তৰৰ ৰাইজৰ সমস্যাৰ বুজ লৈ ইস্তাহাৰ কৰা হ'ব । কংগ্ৰেছৰ ইস্তাহাৰ ৰাইজৰ ইস্তাহাৰ । কংগ্ৰেছৰ ইস্তাহাৰ আৰু বিজেপিৰ ভিজন ডকুমেণ্টৰ মাজত আকাশ-পাতাল পাৰ্থক্য দেখা পাব । তেওঁলোকে ভোটৰ বাবে কৰে আৰু জনতাৰ ভালৰ বাবে কৰো ।"
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত জীতেন্দ্ৰ সিঙে কয়, "এতিয়া নিৰ্বাচনৰ পৰিৱেশ । তেওঁক এতিয়া চন্দ্ৰক ইয়ালৈ আনিবলৈ ক'লে তাকো লৈ আনিবলৈ প্ৰস্তুত হৈ যাব । নিৰ্বাচনৰ সময়ত এতিয়া তেওঁলোকৰ দৰিদ্ৰজনৰ কথা মনলৈ আহিছে । চাৰে চাৰি বছৰ অসমৰ দুখীয়া ৰাইজৰ কথা ভাবিবলৈ সময় নাপালে । এতিয়া নিৰ্বাচনৰ সময়ত মনত পৰিছে । এশ টকাত দাইল চেনি, নিমখ দি ৰাইজক আকৰ্ষিত কৰিব বিচাৰিছে । ৰাইজে সকলো জানে । দেশৰ সকলোতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্রী হৈছে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । সেই কথা সকলোৱে জানে আৰু এইবাৰ এইখন চৰকাৰক ৰাইজে আঁতৰ কৰিব ।"

