নিৰ্বাচন আয়োগৰ বিৰুদ্ধে যন্তৰ-মন্তৰত কংগ্ৰেছৰ ‘সত্যাগ্ৰহ’
নিৰ্বাচনী শপতনামাত বিসংগতিৰ অভিযোগ ৷ মীনাক্ষী নটৰাজনৰ মনোনয়ন পত্ৰ বাতিল হোৱাৰ পিছতে কংগ্ৰেছৰ প্ৰতিবাদ আৰম্ভ ।

Published : June 12, 2026 at 7:14 PM IST
নতুন দিল্লী: মধ্যপ্ৰদেশ ৰাজ্যসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ প্ৰাৰ্থী মীনাক্ষী নটৰাজনৰ মনোনয়ন বাতিলক লৈ শুকুৰবাৰে দিল্লীৰ যন্তৰ-মন্তৰত ভাৰতীয় নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কংগ্ৰেছে ‘সত্যাগ্ৰহ’ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে হাতত বেনাৰ লৈ ‘প্ৰথমে ভোট চুৰি, এতিয়া আসন চুৰি আৰু তাৰ পিছত নিৰ্বাচন আয়োগৰ নিৰ্লজ্জ স্বেচ্ছাচাৰী’ বুলি শ্লোগান লিখি এই প্ৰতিবাদত বহে ।
উল্লেখ্য যে, মীনাক্ষী নটৰাজনৰ ৰাজ্যসভাৰ মনোনয়ন অগণতান্ত্ৰিক আৰু অন্যায়ভাৱে বাতিল কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে সত্যাগ্ৰহৰ আয়োজন কৰে । ইয়াৰ জৰিয়তে দলটোৱে ভাৰতীয় নিৰ্বাচন আয়োগৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি মুক্ত, ন্যায্য আৰু গণতান্ত্ৰিক নিৰ্বাচনী প্ৰক্ৰিয়াৰ নীতিসমূহ ৰক্ষা কৰাৰ প্ৰয়াস কৰিছে ।
#WATCH दिल्ली: मध्य प्रदेश विधान सभा में नेता प्रतिपक्ष उमंग सिंघार ने कहा, "वे देश की राष्ट्रपति हैं किसी पार्टी की राष्ट्रपति नहीं हैं। जिस प्रकार से उन्होंने नहीं मिलने का मेल भिजवाया इससे स्पष्ट है कि वे भाजपा के एजेंट के रुप में काम कर रही हैं। क्या लोकतंत्र को राष्ट्रपति… pic.twitter.com/oNZ8EuFveQ
— ANI_HindiNews (@AHindinews) June 12, 2026
দেশ আৰু গণতন্ত্ৰৰ বাবে বিপদজনক
মধ্যপ্ৰদেশ বিধানসভাৰ বিৰোধী দলৰ নেতা উমাং সিংহাৰে কয়, ‘‘দেশৰ গণতন্ত্ৰক ৰক্ষা কৰিবলৈ উচ্চতম ন্যায়ালয়ে এতিয়া এনে এটা ৰায়দান দিব লাগে, যিয়ে দেশবাসীৰ সন্মুখত এক নজিৰ সৃষ্টি কৰে । যদি উচ্চতম ন্যায়ালয়ে এই বিষয়ত ৰায় নিদিয়ে, তেন্তে মই বিশ্বাস কৰোঁ যে ই দেশ আৰু ইয়াৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব ।’’
উচ্চতম ন্যায়ালয়ৰ সন্মুখত পৰিস্থিতি সম্পূৰ্ণ স্পষ্ট ৷ তাৰ পিছতো কিন্তু নিৰ্বাচন আয়োগে বাৰে বাৰে উচ্চতম ন্যায়ালয়ক বিপথে পৰিচালিত কৰিছে ।
এই সিদ্ধান্তক অসাংবিধানিক বুলি অভিহিত
ৰাজীৱ গান্ধী পঞ্চায়তী ৰাজ সংগঠনৰ ৰাষ্ট্ৰীয় সভাপতি সুনীল পানোৱাৰে উল্লেখ কৰে যে তেওঁলোকে নটৰাজনৰ মনোনয়ন পত্ৰ বাতিল কৰাৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ তেওঁলোকে এই কাৰ্যক একপ্ৰকাৰৰ অন্যায় বুলি অভিহিত কৰে । পানোৱাৰে কয়, ‘‘আমি চৰকাৰ আৰু ইচিআইৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম ৷ কাৰণ তেওঁলোকে নটৰাজনক ৰাজ্যসভাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাত বাধা দিছিল ৷ এই সিদ্ধান্ত ভুল আৰু অসাংবিধানিক ।’’
#WATCH दिल्ली: कांग्रेस पार्टी नेता मीनाक्षी नटराजन का राज्यसभा नामांकन रद्द होने के विरोध में जंतर-मंतर पर 'सत्याग्रह' कर रहे कांग्रेस नेताओं को पुलिस ने हिरासत में लिया। pic.twitter.com/H86vI0iYnb
— ANI_HindiNews (@AHindinews) June 12, 2026
গুৰুতৰ অভিযোগ
নিৰ্বাচনী বিষয়াসকলে মীনাক্ষী নটৰাজনৰ নিৰ্বাচনী শপতনামাত বিসংগতিৰ অভিযোগ উত্থাপন কৰি মনোনয়ন পত্ৰ বাতিল কৰিছিল ৷ তাৰ পিছতে আৰম্ভ হৈছে কংগ্ৰেছৰ প্ৰতিবাদ ৷ দলটোৱে নিৰ্বাচন আয়োগে এনেধৰণৰ অনুচিত কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে ।
চলিত সপ্তাহৰ আৰম্ভণিতে ১০ জনীয়া কংগ্ৰেছ সদস্যৰ এটা প্ৰতিনিধি দলে মুখ্য নিৰ্বাচন আয়ুক্তক সাক্ষাৎ কৰি এই বিষয়ত উদ্বেগ প্ৰকাশ কৰে । লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে নিৰ্বাচন আয়োগ আৰু বিজেপি দুয়োকে সমালোচনা কৰে । গান্ধীয়ে নিৰ্বাচন আয়োগ আৰু বিজেপিৰ মাজত গোপন বুজাবুজিৰ অভিযোগ উত্থাপন কৰি দাবী কৰে যে যাক তেওঁ ‘আসন চুৰি’ বুলি আখ্যা দিছিল, সেই সিদ্ধান্ত পৰিকল্পিতভাৱে ভোটগ্ৰহণ হোৱাৰ পূৰ্বেই লোৱা হৈছিল ।
আৰম্ভ হোৱাৰ পূৰ্বেই যুঁজ সমাপ্ত
সামাজিক মাধ্যম এক্সত ৰাহুল গান্ধীয়ে মধ্যপ্ৰদেশৰ ৰাজ্যসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী মীনাক্ষী নটৰাজনৰ মনোনয়ন পত্ৰ বাতিলৰ বিষয়টো উত্থাপন কৰে । তেওঁ কয়, ‘‘ভোট চুৰি আৰু চৰকাৰ চুৰিৰ পিছত বিজেপি আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ মাজত হোৱা গোপন বুজাবুজিয়ে 'আসন চুৰি'ৰ জৰিয়তে আৰম্ভ হোৱাৰ আগতেই যুঁজখনৰ অন্ত পেলাইছে । শেহতীয়া ৰাজ্যসভা নিৰ্বাচনত কি হৈছিল চাওকচোন ।’’
কংগ্ৰেছ প্ৰাৰ্থী মীনাক্ষী নটৰাজনে প্ৰয়োজনীয় সকলো নথি দাখিল কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে কোনো গোচৰ চলি থকা নাছিল । তথাপিও বিজেপিয়ে উত্থাপন কৰা ভিত্তিহীন অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে তেওঁৰ মনোনয়ন বাতিল কৰে ।
ৰাহুল গান্ধীয়ে লগতে উল্লেখ কৰে যে ঝাৰখণ্ডৰ ৰাজ্যসভা নিৰ্বাচনৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী পৰিমল নাথৱানীয়ে প্ৰ-পত্ৰত নিজৰ নাম ভুলকৈ লিখাৰ লগতে প্ৰয়োজনীয় তথ্য প্ৰদান কৰাত ব্যৰ্থ হৈছিল ৷ তাৰপিছতো কিন্তু নিৰ্বাচন আয়োগে তেওঁক ভুলবোৰ শুধৰণি কৰিবলৈ পৰ্যাপ্ত সময় দিছিল ।
লগতে পঢ়ক: মধ্যপ্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাত; কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজনৰ ৰাজ্যসভাৰ মনোনয়ন নাকচ

