কংগ্ৰেছৰ প্ৰথমখন ৪২ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ
সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই কংগ্ৰেছে মঙলবাৰে বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে ৷

Published : March 3, 2026 at 9:54 PM IST
|Updated : March 3, 2026 at 10:50 PM IST
গুৱাহাটী: কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ ৷ ফল্গুৎসৱৰ আনন্দ-উল্লাসৰ মাজতে কংগ্ৰেছে ৪২ টা সমষ্টিৰ বাবে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম ৷
সেই অনুসৰি, যোৰহাটত প্ৰাৰ্থিত্ব লাভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে ৷ আনহাতে, জ্যেষ্ঠ কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াই নাজিৰাত আৰু মীৰা বৰঠাকুৰে দিছপুৰত লাভ কৰিছে প্ৰাৰ্থিত্ব ৷ একেদৰে চামগুৰি সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিছে ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনে ৷


কোন প্ৰাৰ্থীয়ে ক’ত লাভ কৰিছে প্ৰাৰ্থিত্ব ?
| ক্ৰমিক নং | প্ৰাৰ্থীৰ নাম | সমষ্টি |
|---|---|---|
| 1 | যোৰহাট | গৌৰৱ গগৈ |
| 2 | দিছপুৰ | মীৰা বৰঠাকুৰ গোস্বামী |
| 3 | নাজিৰা | দেবব্ৰত শইকীয়া |
| 4 | কমলপুৰ | সত্যব্ৰত কলিতা |
| 5 | নলবাৰী | অশোক কুমাৰ শৰ্মা |
| 6 | হাজো-শুৱালকুছি(এছ চি) | নন্দিতা দাস |
| 7 | বঙাইগাঁও | গিৰিশ বৰুৱা |
| 8 | ৰূপহীহাট | নুৰুল হুদা |
| 9 | চামগুৰি | তাঞ্জিল হুছেইন |
| 10 | বকো-ছয়গাঁও(এছ টি) | ৰমেন সিং ৰাভা |
| 11 | বৰক্ষেত্ৰী | দিগন্ত বৰ্মন |
| 12 | ৰহা (এছ চি) | উৎপল বণিয়া |
| 13 | লামডিং | স্বপন কৰ |
| 14 | টিহু | ৰাতুল পাটোৱাৰী |
| 15 | গৌৰীপুৰ | আব্দুছ ছোবাহান আলী সৰকাৰ |
| 16 | পশ্চিম গোৱালপাৰা(এছ টি) | মাৰ্কলাইন মাৰাক |
| 17 | বৰপেটা(এছ চি) | মহানন্দ সৰকাৰ |
| 18 | ছিপাঝাৰ | বিনন্দ কুমাৰ শইকীয়া |
| 19 | জাগীৰোড(এছ চি) | বুবুল দাস |
| 20 | বৰচলা | ৰিপুণ বৰা |
| 21 | বিহপুৰীয়া | নাৰায়ণ ভূঞা |
| 22 | জোনাই(এছ টি) | ৰাজ কুমাৰ মেদক |
| 23 | ডুমডুমা | দুৰ্গা ভূমিজ |
| 24 | মাৰ্ঘেৰিটা | প্ৰতীক বৰদলৈ |
| 25 | চাবুৱা-লাহোৱাল | প্ৰাঞ্জল ঘাটোৱাৰ |
| 26 | দুলীয়াজান | ধ্ৰুৱ গগৈ |
| 27 | নাহৰকটীয়া | প্ৰণতি ফুকন |
| 28 | সোণাৰি | উৎপল গগৈ |
| 29 | ডিমৌ | অজয় কুমাৰ গগৈ |
| 30 | মাজুলী(এছ টি) | ইন্দ্ৰনীল পেগু |
| 31 | টীয়ক | পল্লবী শইকীয়া গগৈ |
| 32 | গোলাঘাট | বিতোপন শইকীয়া |
| 33 | বোকাজান(এছ টি) | ৰতন ইংতি |
| 34 | ৰংখাং(এছ টি) | আগষ্টাইন ইংঘি |
| 35 | লক্ষীপুৰ | এম শান্তি কুমাৰ সিংহা |
| 36 | উদাৰবন্ধ | অজিত সিং |
| 37 | বৰখলা | ড৹ অমিত কুমাৰ কলৱাৰ |
| 38 | শিলচৰ | অভিজিৎ পাল |
| 39 | সোণাই | আমিনুল হক লস্কৰ |
| 40 | উত্তৰ কৰিমগঞ্জ | জাকাৰিয়া আহমেদ |
| 41 | পাথাৰকান্দি | কাৰ্তিক সেনা সিনহা |
| 42 | ৰামকৃষ্ণ নগৰ(এছ চি) | সুৰুচি ৰয় |
বাকী থকা ৮৪ টা সমষ্টিৰ বাবে এতিয়াও প্ৰাৰ্থী তালিকা ঘোষণা কৰিবলৈ বাকী ৷ সেই তালিকাও পৰৱৰ্তী সপ্তাহৰ ভিতৰত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে ৷
উল্লেখ্য যে, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অসমৰ স্ক্ৰীনিং কমিটীৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধী ভদ্ৰাই ১৯ আৰু ২০ ফেব্ৰুৱাৰীত অসম ভ্ৰমণ কৰি কেইবাগৰাকীও ৰাজ্যিক পদাধিকাৰী আৰু নেতাৰ সৈতে বিস্তৃত আলোচনাত মিলিত হৈছিল । তাৰপিছতে গৌৰৱ গগৈৰ নেতৃত্বত তিনিজনীয়া এটা দলে দিল্লীলৈ গৈ অসম বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী আৰু প্ৰাৰ্থিত্ব সম্পৰ্কত আলোচনাত মিলিত হৈছিল ৷
লগতে পঢ়ক: কাজিৰঙাত আকৌ এখন অৰ্কিড উদ্যান : অখিল গগৈৰ নহয়, এইবাৰ চৰকাৰৰ

