ETV Bharat / politics

যোৰহাটৰ পৰা ৰাজনীতিৰ ময়দানত গৌৰৱ গগৈ; আকৰ্ষণীয় হ'ব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজ

কংগ্ৰেছে অসমক বিজেপিৰ দখলৰ পৰা ঘূৰাই আনিবলৈ অশেষ চেষ্টা চলাইছে আৰু গৌৰৱৰ প্ৰয়াত পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উত্তৰাধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি আছে ।

Gaurav Gogoi
যোৰহাটৰ পৰা ৰাজনীতিৰ ময়দানত গৌৰৱ গগৈ; আকৰ্ষণীয় হ'ব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 4, 2026 at 10:01 AM IST

6 Min Read
Choose ETV Bharat

অমিত অগ্নিহোত্ৰী

আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে যোৰহাটৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক প্ৰক্ষেপ কৰিছে । ইয়াৰ লগে লগে আগন্তুক নিৰ্বাচন যে গৌৰৱ গগৈ বনাম মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ যুঁজত পৰিণত হ’ব সেইটো খাটাং হৈছে । উল্লেখ্য যে নিজৰ আস্থা প্রদর্শন কৰিবলৈ নির্বাচন আয়োগে নির্বাচনৰ দিন ঘোষণা কৰাৰ পূর্বেই আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ৪২ গৰাকী প্রার্থীৰ প্রথম তালিকা মঙলবাৰে ঘোষণা কৰে ৷

এপ্ৰিল মাহত অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ আটাইকেইখন আসনতে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে মাৰ্চৰ প্ৰথম সপ্তাহত নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে ।

যোৰহাটৰ লোকসভাৰ সাংসদ আৰু তিনিটা কাৰ্যকালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈক আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে খেলপথাৰত নমাই গৌৰৱ গগৈ বনাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যুঁজৰ বাবে কংগ্ৰেছ সকলো প্ৰকাৰে সাজু হৈ উঠিছে ।

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে উত্তৰ-পূবৰ ৰাজ্যখনত কংগ্ৰেছ দলক নেতৃত্ব প্ৰদান কৰিবলৈ যোৱা বছৰ গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে নিয়োগ কৰাৰ পিছৰে পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিয়মীয়াকৈ যোৰহাটৰ সাংসদজনৰ ওপৰত আক্ৰমণ চলাই আহিছে ।

হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ এজেণ্ট বুলি গৌৰৱ গগৈক অভিহিত কৰি আহিছে আৰু ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীগৰাকী ব্যাপক দুৰ্নীতিৰ সৈতে জড়িত বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰি আহিছে । আনহাতে, আগন্তুক বিধানসভা নিৰ্বাচনত পৰাজয়ৰ আগতীয়া অনুভৱ কৰাৰ বাবে মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰা বুলি দাবী কৰি আহিছে ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিদ্বন্দ্বিতা নতুন নহয় । এসময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰীসভাৰ প্ৰবল প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০১৫ চনত কংগ্ৰেছৰ বৰঘৰত আঘাত কৰি বিধায়কৰ দল এটাৰ সৈতে বিজেপিত যোগদান কৰিছিল ।

যাৰ ফলত ২০১৬ চনৰ নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হোৱাৰ লগতে বিজেপিৰ জয়ত হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল যদিও তথাপিও তেওঁ মুখ্যমন্ত্ৰী হ’ব পৰা নাছিল । গেৰুৱা দলটোৱে ৰাজ্যখনৰ মুৰব্বী হিচাপে জনজাতীয় নেতা সৰ্বানন্দ সোণোৱালক নিযুক্তি দিয়ে । তথাপিও হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ সেৱা অব্যাহত ৰাখিছিল আৰু ২০২১ চনৰ নিৰ্বাচনত গেৰুৱা দলটোৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে জয় নিশ্চিত কৰিছিল । তাৰ পিছত তেওঁক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় ।

তৰুণ গগৈৰ নেতৃত্বত ১৫ বছৰ ক্ষমতাত থকা কংগ্ৰেছ ২০১৬ চনৰ নিৰ্বাচনত পৰাজয়ৰ পিছত দুৰ্বল হৈ পৰে আৰু পুনৰ ২০২১ চনত কেইবাজনো দলৰ নেতা আৰু সাংসদে হিমন্ত বিশ্ব শৰ্মাৰ সৌজন্যত বিজেপিত যোগদান কৰে ।

শেহতীয়াকৈ কংগ্ৰেছক মোক্ষম আঘাত দিয়া ব্যক্তিজন হৈছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ভূপেন বৰা । যোৱা বছৰ গৌৰৱ গগৈ ভূপেন বৰাৰ স্থলাভিষিক্ত হৈছিল আৰু তেতিয়াৰে পৰাই ভূপেন বৰাৰ ক্ষোভৰ জুইকুৰা নীৰৱে জ্বলি আছিল ।

ইয়াৰ মাজতে অৱশ্যে কংগ্ৰেছ ত্যাগ কৰি অসমত তৃণমূল কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন সাংসদ ৰিপুণ বৰা পুনৰ নিজৰ পুৰণি ঘৰলৈ উভতি আহে । ৰিপুণ বৰাই এইবাৰ বৰচলা সমষ্টিৰ পৰা আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে নাজিৰা সমষ্টিৰ পৰা কংগ্ৰেছ বিধায়িনী দলৰ মুৰব্বী দেৱব্ৰত শইকীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব ।

সমাগত বিধানসভা নিৰ্বাচনত নিজৰ শীৰ্ষ ৰাজ্যিক নেতাসকলক স্থান দি কংগ্ৰেছে নিজকে এন ডি এৰ প্ৰতি গুৰুতৰ প্ৰত্যাহ্বানকাৰী হিচাপে উপস্থাপন কৰিছে যদিও ২০২১ চনত ১২৬ খন আসনৰ ভিতৰত মাত্ৰ ২৯ খন আসন লাভ কৰিবলৈ সক্ষম হোৱা শতিকা পুৰণি দলটোৰ বাবে আগন্তুক নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা এক প্ৰত্যাহ্বানমূলক কাম হ’ব ।

অসমৰ দায়িত্বত থকা এ আই চি চি নেতা জীতেন্দ্ৰ সিঙে ইটিভি ভাৰতক কয়, "আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে সামূহিক নেতৃত্বত কংগ্ৰেছে আগন্তুক বিধানসভা নিৰ্বাচনত জয়ী হ’ব । ৰাজ্যৰ ব্যাপক দুৰ্নীতি কংগ্ৰেছৰ প্ৰচাৰৰ মূল কেন্দ্ৰবিন্দু হ’ব । অতি সোনকালে আমি ৰাজ্যখনৰ উন্নয়নৰ ওপৰত নিৰ্ভৰ কৰা আমাৰ এজেণ্ডাৰ ভিত্তিত এক আগ্ৰাসী অভিযান আৰম্ভ কৰিম । এই ক্ষেত্ৰত জনসাধাৰণে ৰাজ্য চৰকাৰৰ পৰা নিৰাশ হৈছে । কিয়নো সংস্থাপন আৰু শিক্ষাকে ধৰি মূল ক্ষেত্ৰসমূহত গুৰুত্ব প্ৰদান কৰা হোৱা নাই ।"

কংগ্ৰেছৰ ভিতৰ মহলৰ সূত্ৰই কয় যে জ্যেষ্ঠ নেত্ৰী তথা এ আই চি চিৰ স্ক্ৰীনিং কমিটীৰ মুৰব্বী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই শেহতীয়াকৈ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ প্ৰতিক্ৰিয়া জানিবলৈ ৰাজ্যখন ভ্ৰমণ কৰাটোৱেই নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পূৰ্বেই প্ৰাৰ্থীৰ প্ৰথম তালিকা ঘোষণা কৰাৰ পদক্ষেপৰ আঁৰত আছিল ।

আনহাতে, দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, প্ৰতিদ্বন্দ্বিতা আৰু অধিক তীব্ৰতৰ কৰিবলৈ গৌৰৱ গগৈৰ উপৰি ধুবুৰীৰ আসনৰ পৰা আন এজন লোকসভা সাংসদ ৰকিবুল হুছেইনক প্ৰক্ষেপ কৰা হ’ব পাৰে ।

মঙলবাৰে ৪২ গৰাকী প্ৰাৰ্থী ঘোষণা কৰা কংগ্ৰেছে প্ৰায় ১০০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰিছে আৰু বাকী আসনসমূহ এন ডি এৰ বিৰুদ্ধে যুঁজিবলৈ গঠন হোৱা বিৰোধী মিত্ৰজোঁটৰ আন অংশীদাৰ আঞ্চলিক দলসমূহৰ বাবে এৰি দিব । এই মিত্ৰশক্তিৰ ভিতৰত আছে বাঁওদল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, জে ডি এ আৰু এ পি এইচ এল চি ।"

আসন ভাগ-বাটোৱাৰা আলোচনাত নেতৃত্ব দিছে দেৱব্ৰত শইকীয়াই । আনহাতে, গৌৰৱ গগৈয়ে আসন ভাগ-বাটোৱাৰা চুক্তি সন্দৰ্ভত এ আই চি চিলৈ প্ৰেৰণ কৰিছে এক বিশদ প্ৰতিবেদন ।

ইটিভি ভাৰতৰ আগত অসমৰ দায়িত্বত থকা এ আই চি চিৰ ভাৰপ্ৰাপ্ত সম্পাদক মনোজ চৌহানে কয়, "প্ৰথম তালিকাত বৰ্তমানৰ বিধায়ক আৰু কিছু নতুন মুখ আছে । ইতিমধ্যে আমাৰ প্ৰচাৰ চলি আছে । আমি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছোঁ আৰু চলি থকা সময় পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ যাম ।"

উল্লেখ্য যে নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছত বাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ’ব ।

লগতে পঢ়ক :

কংগ্ৰেছৰ প্ৰথমখন ৪২ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ

বাংলাদেশী মূলৰ মুছলিম অধ্যুষিত আসনক লৈহে বিৰোধীৰ খোৱা কামোৰা লাগিছে : মুখ্যমন্ত্ৰী