ETV Bharat / politics

ভোট চুৰিৰ প্ৰমাণ লৈ ওলাই আহিম অতিশীঘ্ৰে... বিহাৰৰ নিৰ্বাচনী ফলাফলত সন্দেহ কংগ্ৰেছৰ

মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু মধ্যপ্ৰদেশৰ নিৰ্বাচনতো গেৰুৱা দলটোৱে উচ্চ হাৰত বিৰোধী সত্বাক পৰাভূত কৰিবলৈ সক্ষম হৈছিল বুলি উল্লেখ কৰে কংগ্ৰেছে ।

Congress Doubts Bihar Poll Result, Says 'Will Come Out With Vote Theft Proof Soon'
বিহাৰৰ নিৰ্বাচনী ফলাফলত সন্দেহ কংগ্ৰেছৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 15, 2025 at 8:43 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: বিহাৰৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এদিন পিছতে কংগ্ৰেছে ফলাফল মানি ল’বলৈ অস্বীকাৰ কৰি ভোট চুৰিৰ প্ৰমাণ দিয়াৰ হুংকাৰ দিয়ে । ১৪ নৱেম্বৰত ঘোষিত হোৱা বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছ তথা বিৰোধীক স্তম্ভিত কৰি তোলে আৰু শনিবাৰে দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, এ আই চি চিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল, এ আই চি চিৰ কোষাধ্যক্ষ অজয় ​​মাকেন আৰু প্ৰভাৰী কৃষ্ণ আল্লাৱাৰু এক গুৰুত্বপূৰ্ণ বৈঠকত মলিত হয় ।

দলৰ গোপন সূত্ৰৰ মতে কংগ্ৰেছ নেতাসকল আৰু INDIA ব্লকৰ দলসমূহে তেওঁলোকৰ এনে শোচনীয় পৰাজয়ৰ কাৰণসমূহৰ বিষয়ে আলোচনা কৰে । শাসকীয় এন ডি এই মুঠ ২৪৩ খন আসনৰ ভিতৰত ২০২ খন আসন লাভ কৰাৰ বিপৰীতে INDIA ব্লকৰ দলসমূহে মাত্ৰ ৩৫ খনতে সন্তুষ্ট থাকিবলগীয়া হয় ।

কংগ্ৰেছৰ এক ভিতৰুৱা সূত্ৰই জনাই যে বিহাৰৰ নিৰ্বাচনী ফলাফলৰ সত্যতা বিতংকৈ প্ৰকাশ পাইছে আৰু অনাগত দিনবোৰত ই পোহৰলৈ আহিব । বিহাৰৰ প্ৰাক্তন শাসকীয় দলৰ নেতা-মন্ত্ৰী, আৰ জে ডি আৰু বাঁওপন্থী দলৰ সদস্যসকলৰ সৈতে নিৰ্বাচনী অংক অধ্যয়ন কৰিব কংগ্ৰেছে ।

বিহাৰৰ এ আই চি চিৰ ভাৰপ্ৰাপ্ত সচিৱ দেৱেন্দ্ৰ যাদৱে ই টিভি ভাৰতৰ আগত কয়, "বিহাৰৰ ফলাফল আমাৰ বাবে আৰু আমাৰ সহযোগী দলসমূহৰ বাবে গ্ৰহণযোগ্য নহয় । এই ফলাফল যদিও এপক্ষীয় নহয় তথাপিও ইয়াত প্ৰকৃত সত্য প্ৰতিফলিত হোৱা নাই । আমি ইয়াৰ আঁৰৰ কাৰকসমূহৰ বিশদ বিশ্লেষণ কৰি আৰু পৰৱৰ্তী সময়ত ইয়াৰ প্ৰত্যুত্তৰ দিম ।"

যদিও বিশদ বিশ্লেষণৰ বাবে সময় লাগিব, তথাপিও ‘অবাস্তৱিক’ ভোটৰ হাৰত বিজেপি আৰু ইয়াৰ মিত্ৰ দলসমূহে জয়ী হোৱা আসনৰ সৈতে ভোটৰ হাৰৰ বিসংগতিৰ তথ্যই পুৰণি সকলো পাৰ্টীৰে চকু কঁপালত তুলিছে । তেওঁলোকে লগতে কয় যে মহাৰাষ্ট্ৰ, হাৰিয়াণা আৰু মধ্যপ্ৰদেশৰ দৰে বিহাৰতো ভোট চুৰিৰ একেই আৰ্হি দেখা গৈছে । য'ত বিৰোধীৰ শক্তিশালী ভূমিকা থকা স্বত্বেও বিজেপিয়ে অভূতপূৰ্বভাৱে জয়লাভ কৰে ।

উদাহৰণস্বৰূপে, ২০২৪ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে মিত্ৰতাৰ অংশ হিচাপে মুঠ ২৮৮খন আসনৰ ভিতৰত ১৪৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ৮৮ শতাংশ হাৰেৰে ১৩২খন আসনত জয়ী হৈছিল । বিহাৰতো একেই কথা আছিল য’ত গেৰুৱা দলটোৱে মিত্ৰতাৰ অংশ হিচাপে মুঠ ২৪৩খন আসনৰ ভিতৰত ১০১খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৮৯খন আসনত জয়লাভ কৰিছিল ।

বিহাৰৰ দায়িত্বত থকা এ আই চি চিৰ সচিব বি এম সন্দীপে কয়, "মহাৰাষ্ট্ৰত লাখ লাখ ভোট কেনেদৰে হেতালি খেলি বিজেপি আৰু ইয়াৰ মিত্ৰদলটোক প্ৰান্ত দিছিল তাৰ প্ৰমাণ আমি আগতেই দিছিলোঁ । মহাৰাষ্ট্ৰতো বিজেপিৰ ভোট লাভৰ হাৰ বিহাৰৰ দৰেই অস্বাভাৱিক আছিল । আমি ভোট চুৰিৰ অভিযোগ নিৰ্বাচন আয়োগক দিছিলোঁ, কিন্তু একো ব্যৱস্থা গ্ৰহণ নকৰিলে । বিহাৰতো একেই হ'ল ।"

তদুপৰি বিহাৰৰ দলসমূহৰ ভোটৰ অংশ আৰু জয়ী আসনৰ অনুপাতেও কংগ্ৰেছৰ নেতাসকলকক অশান্তি দিছিল । উদাহৰণস্বৰূপে, ২০ শতাংশ ভোট লাভ কৰি বিজেপিয়ে ৮৯ খন আসন, ২০ শতাংশ আসনত জে ডি ইউয়ে ৮৫ খন আসন আৰু ৫ শতাংশ ভোট লাভ কৰি তেওঁলোকৰ মিত্ৰ এল জে পিয়ে এন ডি এৰ ২১ খন আসন লাভ কৰে । ইয়াৰ বিপৰীতে INDIA ব্লকত ২২.৮ শতাংশ ভোট লাভ কৰি আৰ জে ডিয়ে মাত্ৰ ২৫ খন আসন আৰু ৮.৬ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ ৬ খন আসনহে লাভ কৰে ।

লগতে পঢ়ক: ৪০ হাজাৰ কোটি টকা ব্যয়েৰে বিহাৰৰ জনাদেশ কিনি লোৱা হৈছে ! কোনে আনিলে এই গুৰুতৰ অভিযোগ ?

বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল : ভোটৰ শতকৰা হাৰৰ ক্ষেত্ৰত উন্নতি জে ডি ইউৰ, পূৰ্বৰ ধাৰা অব্যাহত আৰ জে ডিৰ