ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছবি চাৰিওফালে নষ্ট কৰিছে: ভূপেশ বাঘেল

অসমত হিমন্ত বিশ্ব শৰ্মাই হিটলাৰৰ দৰে শাসন চলাই আছে । অসম এতিয়া দুষ্ট, অভদ্ৰ, দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীৰ বাবে পৰিচিত । কংগ্ৰেছৰ নেতৃত্বৰ অভিযোগ ।

Congress criticise Assam CM
হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছবি নষ্ট কৰিছে: ভূপেশ বাঘেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 20, 2026 at 8:22 PM IST

7 Min Read
Choose ETV Bharat

গুৱাহাটী : "কলা-সংস্কৃতিৰে চহকী অসমৰ এক সুকীয়া পৰিচয় আছে । গঁড়, চাহ, ব্ৰহ্মপুত্র, বিহু, গামোচা আদিৰে অসম সমৃদ্ধ আৰু পৰিচিত । সংস্কৃতিৱান অসম ভূপেন হাজৰিকা, খগেন মহন্ত, জুবিন গাৰ্গ আদিৰ বাবে জনাজাত । কিন্তু দুৰ্ভাগ্যজনক কথা যে অসম এতিয়া দুষ্ট, অভদ্ৰ, দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীৰ বাবে পৰিচিতি হৈছে । এতিয়া অসম অভদ্ৰ মুখ্যমন্ত্রীৰ বাবে জনাজাত ।" এই মন্তব্য ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ পৰ্যবেক্ষক ভূপেশ বাঘেলৰ ।

মঙলবাৰে গুৱাহাটীৰ দিছপুৰস্থিত মানৱেন্দ্ৰ শৰ্মা চৌহদত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এইদৰে কয় । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি বাঘেলে কয়, "দুখজনক কথা যে আজি অসম ঋণত পোত গৈছে । ২০২১ত ছিণ্ডিকেটৰ ব্যাপক চৰ্চা আছিল আৰু সেই সময়ত মই সৰ্বানন্দ সোণোৱালক 'ছিণ্ডিকেট আনন্দ' নাম দিছিলোঁ । হিমন্ত বিশ্ব শৰ্মাৰ দিনত এতিয়া সেই ছিণ্ডিকেট সৰু হৈ পৰিল । দুষ্ট আৰু অভদ্ৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছবি নষ্ট কৰিছে ।"

হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছবি নষ্ট কৰিছে: ভূপেশ বাঘেল (ETV Bharat Assam)

তেওঁ লগতে কয়, "কংগ্ৰেছত থাকোঁতে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত দুৰ্নীতিৰ বহু অভিযোগ আনিছিল । কিন্তু বিজেপিত যোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ ৱাশ্বিং মেচিনত চাফা হৈ গ'ল । হিমন্ত বিশ্ব শৰ্মাই ভ্ৰষ্টাচাৰৰ সকলো ৰেকৰ্ড ভাঙি দিলে । দেশৰ অন্যতম ভ্ৰষ্ট মুখ্যমন্ত্রী হিচাপে তেওঁ পৰিগণিত হৈছে ।"

মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ হিচাপ দি তেওঁ কয়, "১ কোটি টকাৰ পৰা ২০২১ চনত তেওঁৰ সম্পত্তি ১৭ কোটি টকা হ'ল । হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিবাৰ ৰিণিকি ভূঞা শৰ্মা আজি বিশাল সম্পত্তিৰ গৰাকী । বিশাল ভূসম্পত্তিৰ গৰাকী তেওঁলোক । শ্ৰেণী বিভাজন কৰি চাহ বাগানৰ ভূমি হস্তগত কৰিছে, ৰিজ'ৰ্ট খুলিছে। ৰিণিকি ভূঞা শৰ্মাই ৰাজ্যজুৰি বিশাল সম্পত্তি গঢ়িলে । ৰাজ্যৰ ঠায়ে ঠায়ে আছে বিশাল ভূসম্পদ ।"

আনহাতে, এই সম্পৰ্কত মুখ্যমন্ত্ৰীৰ পত্নীক টানি আনি ভূপেশ বাঘেলে কয়, "মুখ্যমন্ত্ৰীৰ পত্নীয়ে কিমান সম্পত্তি গঢ়িলে তাৰ কোনো হিচাপ নাই । গুৱাহাটী, মাজুলীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত ৰিণিকি ভূঞাৰ সম্পত্তি আছে । হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰৰ পতনৰ কাৰণ হ'ব । আগন্তুক নিৰ্বাচনত আমাৰ চৰকাৰ হ'ব । আমাৰ চৰকাৰ অহাৰ লগে লগে প্ৰতিটো দুৰ্নীতিৰ সকলো হিচাপ লোৱা হ'ব ।"

মিত্রতাৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বাঘেলে কয়, "সমভাবধাৰাৰ দলৰ লগত আলোচনা হৈ আছে । শীঘ্ৰেই সকলো সন্মুখলৈ আহিব । যোৱা বছৰ পাঁচ বছৰত ব্ৰহ্মপুত্রইদি বহুত পানী ওলাই গ'ল । এইবাৰ আমি নতুন ধৰণে ৰাইজৰ মাজলৈ যাম । ৰাইজৰ বিশ্বাস আমি ৰাখিম । আমাৰ নিৰ্বাচনী এজেণ্ডা সন্দৰ্ভত বিস্তাৰিত আলোচনা হ'ব ।"

সংবাদমেলত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী তথা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ পৰ্যবেক্ষক বন্ধু তিৰ্কীয়ে কয়, "অসমৰ বিশেষত্ব তথা সংস্কৃতি-পৰম্পৰা সম্পৰ্কে সমগ্ৰ দেশে জানে । কিন্তু সেই অসমত হিমন্ত বিশ্ব শৰ্মাই হিটলাৰৰ দৰে শাসন চলাই আছে । দেশত দুজন হিটলাৰ আছে, এজন নৰেন্দ্ৰ মোদী আৰু আনজন অমিত শ্বাহ । তেওঁলোকৰেই শিষ্য হিমন্ত বিশ্ব শৰ্মা । মানুহৰ মাজত তেওঁৰ প্ৰতি বিৰূপভাব জন্মিছে আৰু এইবাৰ ৰাইজে তেওঁক আঁতৰ কৰিব । আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সকলো দুৰ্নীতি-অনিয়ম, ভ্ৰষ্টাচাৰ ৰাইজৰ মাজলৈ লৈ যাম । এইবাৰৰ যুঁজ আৰ-পাৰৰ যুঁজ । এই নিৰ্বাচনত বিজেপিক উৎখাত কৰা হ’ব ।"

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, "কেন্দ্ৰীয় নেতৃত্বই অসমৰ ৰাইজৰ আশা আৰু বেদনাক উপলব্ধি কৰি বিজেপিক পৰাজিত কৰি কংগ্ৰেছৰ চৰকাৰ কৰাটোক অতি গুৰুত্বসহকাৰে লৈছে । ভূপেশ বাঘেলৰ পৰা আমি বহুত শিকিব পাৰিম । আমাৰ দৃঢ় বিশ্বাস যে তেখেতৰ সুদীৰ্ঘ ৰাজনৈতিক অভিজ্ঞতা, সাংগঠনিক বিচক্ষণতা আৰু জনকল্যাণকামী চিন্তাধাৰাই অসম কংগ্ৰেছক এক নতুন গতি প্ৰদান কৰিব । অনাগত দিনত দলীয় সংহতি সুদৃঢ় কৰা, তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰা আৰু জনসাধাৰণৰ আস্থা পুনৰ অৰ্জনৰ ক্ষেত্ৰত তেখেতৰ বলিষ্ঠ নেতৃত্ব আৰু দিকদৰ্শন আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব ।"

বিৰোধীৰ মিত্রতা প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে স্পষ্টভাৱে কয়, "মিত্রতা হ'ব হ'ব । বিজেপিয়ে যিমানেই চেষ্টা নকৰক কিয় মই বিনম্ৰতাৰে কওঁ যে আমাৰ বিৰোধীৰ মিত্ৰতা হ’ব হ’ব হ’বই ।"

বিজেপিৰ শিবিৰৰ খবৰ আছে বুলি সদৰী কৰি গৌৰৱ গগৈয়ে কয়, "হিমন্ত বিশ্ব শৰ্মাৰ পৰা টিকট পাবলৈ হ'লে সৰ্বানন্দ সোণোৱালক বদনাম কৰিব লাগিব । বিজেপিৰ মাজত বহুত সংঘাত আছে । বিজেপিতকৈ আমাৰ বহুত ভাল । স্বয়ং মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালৰ দিনত কেলেংকাৰী হৈছিল বুলি কৈছে । এইবোৰ কথা লুকুৱাবলৈ বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে । হিমন্ত বিশ্ব শৰ্মাৰ কাষলৈ আহিবলৈ হ'লে সৰ্বানন্দ সোণোৱালক বদনাম কৰিব লাগিব । বিজেপিত হাগ্ৰামা মহিলাৰী আছে নে নাই ধৰিব পৰা নাই । প্ৰধানমন্ত্রীৰ সন্মুখত কৈ দিলে প্ৰতিশ্ৰুতি ৰাখিব নোৱৰাৰ কথা ।"

আনহাতে, ৰাজ্যসভাৰ নিৰ্বাচন প্ৰসংগত গৌৰৱ গগৈয়ে কয়, "অকলে ৰাজ্যসভাত জয়ী হ’বলৈ কংগ্ৰেছত পৰ্যাপ্ত সংখ্যা নাই । পূৰ্বৰ অভিজ্ঞতা অনুসৰি ৰাজ্যসভাত জিকিবলৈ হ’লে এ আই ইউ ডি এফৰ লগত মিত্ৰতা কৰিব লাগিব । কিন্তু এ আই ইউ ডি এফৰ লগত মিত্ৰতা অসম্ভৱ । আমি আমাৰ স্থিতিত অটল আছোঁ । অগপ আৰু এ আই ইউ ডি এফৰ বহু বিধায়কে দল এৰো এৰোকৈ আছে । গতিকে কিছুদিন ৰ’ব লাগিব । পৰৱৰ্তী সময়ত আমি নিশ্চিত হ’ম ।"

সংখ্যালঘুৰ মাজত জনপ্ৰিয়তা লাভৰ সমীক্ষা সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, "এনে বহুত ছাৰ্ভে হয় । জনসাধাৰণৰ ছাৰ্ভেক মই বিশ্বাস কৰোঁ ।"

আনহাতে, এলিভেটেড ক'ৰিডৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, "এনে ক'ৰিডৰ হ'লে মুখ্যমন্ত্রীয়ে পকেট মানী পায় । অদৰকাৰী উৰণ সেতু বনোৱাৰ প্ৰয়োজন কি । কাজিৰঙাৰ সমস্যা কি । জীৱ-জন্তুৱে হাইলেণ্ড, গছ-গছনি বিচাৰে । আমি পইণ্টত কথাবোৰ ধৰোতে তেওঁলোকে বেয়া পাইছে ।"

গৌৰৱ গগৈয়ে লগতে কয়, "আমি কথাবোৰ ৰাইজৰ মাজলৈ লৈ যাব বিচাৰোঁ । যাৰ বাবে হিমন্ত বিশ্ব শৰ্মা শংকিত হৈছে । জিলা আয়ুক্তক চিঠি দিয়া হৈছে ডি আই পি আৰ লগত নথকা এজেন্সীক বাধ্যতামূলক কৰা হৈছে । ভয় কৰে কাৰণ হিমন্ত বিশ্ব শৰ্মাক ৰাইজে নিবিচাৰে । বিভিন্ন সমষ্টিত মানুহৰ ওপৰত হেঁচা দি নাম কৰ্তন কৰিব বিচাৰিছে ।"

এছ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, "চৰকাৰী বি এল অ'ৰ ওপৰত হেঁচা দিয়া হৈছে । চৰকাৰী লিষ্ট মতে মানুহৰ নাম কৰ্তন কৰিব দিছে । আমি অসমত উত্তৰ প্ৰদেশ তথা পশ্চিমবংগৰ দৰে অৱস্থা হোৱাটো নিবিচাৰোঁ । কাইলৈৰ পৰা ৰাজ্যজুৰি কংগ্ৰেছৰ 'নতুন বৰ অসম' শীৰ্ষক কাৰ্যসূচী হাওৰাঘাটৰ পৰা আৰম্ভ হ’ব । জিলাই জিলাই অনুষ্ঠিত হ’ব এই কাৰ্যকৰ্তা সন্মিলন । ২৮ তাৰিখে বৰাকত অন্ত পৰিব এই কাৰ্যসূচীৰ ।"

উল্লেখ্য যে 'হাতত হাত ধৰোঁ, নতুন বৰ অসম গঢ়োঁ' শীৰ্ষক শ্লোগানেৰে এইবাৰ নিৰ্বাচনত নামিব প্ৰদেশ কংগ্ৰেছ । সংবাদমেলৰ পাছতে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় 'নতুন বৰ অসম' শীৰ্ষক মিউজিক ভিডিঅ' আৰু ৱাল পেইণ্টিং । সংবাদমেলত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, কংগ্ৰেছ নেতা পৃথ্বীৰাজ সাথে, মনোজ চৌহান, বিকাশ উপাধ্যায়ৰ উপৰি কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে ।

লগতে পঢ়ক :ৰাজ্যিক বিজেপিত বিভাজন ! ভুৱা পত্ৰৰ দাবীক অস্বীকাৰ কৰি গোচৰ ৰুজু
লগতে পঢ়ক :বিজেপিত নবীন যুগ আৰম্ভ ... অটল বিহাৰী বাজপেয়ীৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে বিজেপিৰ সভাপতিসকল