ETV Bharat / politics

মিঞা সমষ্টিত প্ৰাৰ্থিত্বৰ বিনিময়ত কংগ্ৰেছক কিমান টকা দিব লাগিব ? মুখ্যমন্ত্ৰীয়ে দিলে সকলো হিচাপ

এইবাৰ কোনকেইটা সমষ্টিত কংগ্ৰেছত গণ্ডগোল হ'ব তাৰো হিচাপে দিলে মুখ্যমন্ত্ৰীয়ে । বুদ্ধিজীৱীকো জনালে প্ৰত্যাহ্বান ।

Himanta Biswa Sarma
ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 23, 2025 at 8:15 PM IST

4 Min Read
Choose ETV Bharat

তেজপুৰ : সমাগত অসমৰ বিধানসভা নিৰ্বাচন । শাসক-বিৰোধীয়ে ইতিমধ্যে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে । বিশেষকৈ বিজেপিয়ে অসমৰ প্ৰতিটো প্ৰান্ততে সাংগঠনিক কামকাজ কেনেদৰে চলিছে তাৰ পৰ্যালোচনা কৰিছে । একেদৰে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতো ঠায়ে ঠায়ে আৰম্ভ হৈছে । তাৰ মাজতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা ।

বিজেপিত নতুন মুখে পাব প্ৰাধান্য

বিজেপিৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক চৰ্চা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীয়ে কয়, "সাধাৰণতে বিজেপিত মুখৰ পৰিৱৰ্তনো হয় । বিজেপিত আমাৰ সদায় চেষ্টা থাকে নতুন উদীয়মান যুৱকে যাতে স্থান পাই আৰু মহিলা প্ৰাৰ্থীৰ সংখ্যা আগতকৈ যাতে বাঢ়ে । নিশ্চিতভাৱে নতুন যুৱকেও টিকট পাব ।" মুখ্যমন্ত্ৰীয়ে লগতে দাবী কৰে যে এইবাৰ পাৰ্টীত চিপিং-গেটিং নাথাকে । কাৰণ সমষ্টিবিলাক পৰিৱৰ্তন হৈ গ'ল ।"

মিঞা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্বকলৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য (ETV Bharat)

কংগ্ৰেছত প্ৰাৰ্থিত্বৰ দৰ কিমান ?

আনহাতে এই ক্ষেত্ৰত কংগ্ৰেছক তুলনা কৰি তেওঁ কয়,"কংগ্ৰেছ চাউল-পানী অসমত নাই । একো বাকী নাই । কংগ্ৰেছে ২২ খন আসনত নিৰ্বাচন খেলিব । তাতেই ঘূৰা-ঘুৰি কৰি থাকিব । প্ৰাৰ্থীসকলৰ পৰা পইচা উঠাব । ইতিমধ্যে প্ৰাৰ্থীসকলক ইংগিত দিছে যে ১ কোটি আগধন দিয়ক আৰু ৩ কোটি পিছত দিব লাগিব । মিঞা সমষ্টিত যিমান প্ৰাৰ্থী আছে তাৰ পৰা ধামখুম পইচা উঠাব । আগতে উঠাইছিল । এইবাৰ গণ্ডগোল লাগিব কংগ্ৰেছত ।" কোন কেইটা সমষ্টিত এই প্ৰক্ৰিয়া চলিব তাৰো নাম ক'লে মুখ্যমন্ত্ৰীয়ে । তেওঁৰ মতে সৃজনগ্ৰাম, বাঘবৰ, মন্দিয়া, দলগাঁও, চমৰীয়া আদি ২২ টা সমষ্টিত এইধৰণৰ কাৰ্যকলাপ চলিব ।

মিঞা কংগ্ৰেছৰ অক্সিজেন

ইফালে মিঞা আৰু কংগ্ৰেছৰ সম্পৰ্ক সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে । মুখ্যমন্ত্ৰীয়ে কয়, "মিঞাই কংগ্ৰেছৰ অক্সিজেন । মিঞাৰ ভোটতে কংগ্ৰেছ চলে, মিঞাৰে ৰাজনীতি কৰে । আমি মিঞাৰ বহুত কাম কৰিছো । কিন্তু খালী মাটি পালেই বহি দিয়ে । যিবিলাক বেয়া কথা মই বেয়া বুলি কওঁ ।"

বুদ্ধিজীৱীক প্ৰত্যাহ্বান

মুখ্যমন্ত্ৰীয়ে দেওবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ ঠাকুৰবাৰীত এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে । মিঞাৰ প্ৰতি কঠোৰ হোৱা বিষয়ত অসমৰ বুদ্ধিজীৱীয়ে কৰা সমালোচনা সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয়, "সেই চাম বুদ্ধিজীৱী মনৰ শান্তিৰ কাৰণে মই আকৌ কৈছো যে মই থকালৈকে সন্দেহজনক মিঞাক মই দিগদাৰ কৰিয়ে থাকিম । বুদ্ধিজীৱীয়ে মোক হিলাব নোৱাৰে । উচ্ছেদ চলিবই, বহুবিবাহ বন্ধ হ'ব । বুদ্ধিজীৱীয়ে তেওঁলোকৰ কাম কৰক, মই মোৰ কাম কৰিম ।" মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মহিলা সবলীকৰণৰ স্বাৰ্থত বিজেপিয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।

আনহাতে জনতাৰ শিল্পী জুবিন গাৰ্গৰ চার্জশ্বীট দিয়াৰ পিছতে ডিচেম্বৰ মাহৰ ভিতৰত কংগ্ৰেছ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত তথ্য ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰীয়ে । জুবিন গাৰ্গৰ বিষয়টো সমাপ্ত নোহোৱাকৈ এই প্ৰসংগ উত্থাপন নকৰে বুলিও তেওঁ সাংবাদিকক কয় । ইফালে সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক গাদীৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "আমি কুইক ফিক্স, কেনেকৈ আঁতৰাব ।"

আলফা স্বাধীনৰ দুই কেডাৰৰ আত্মসমৰ্পণ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে মন্তব্য দিয়ে । তেওঁ কয়, "দুয়োজন আলফা কেডাৰক দিল্লীৰ বিপৰীতে তিনিচুকীয়াতে ৰখা হ'ব । অৰুণোদয় আৰু ফ্রান্সিসক দিল্লীলৈ লৈ যোৱাৰ পৰিকল্পনা অসম চৰকাৰৰ নাই আৰু সেই দিশত কোনো চিন্তা-ভাবনা নাই । শান্তি আলোচনা অসম চৰকাৰে পৰেশ বৰুৱাৰ লগত কৰিব লাগিব । অন্য ব্যক্তিৰ সৈতে আলোচনা কৰি লাভ নহ'ব ।"

উল্লেখ্য যে শোণিতপুৰ জিলাৰ ৰঙাপৰা সম-জিলাত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ ২৪ হাজাৰ ৮২৯ গৰাকী মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰা হয় । ৰঙাপৰাৰ ঠাকুৰবাৰী খেলপথাৰত এই উপলক্ষে অনুষ্ঠিত কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে । বৰ্তমান সময়ত ৰাজ্যখনৰ মহিলাসকলক আত্মনির্ভৰশীল হোৱাৰ বিষয় উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ আত্মসন্মান বৃদ্ধি পোৱা বুলি দাবী কৰে ।

অৰুণোদয় হিতাধিকাৰীয়ে শীঘ্ৰে পাব ভাল খবৰ

ইফালে অহা ফেব্ৰুৱাৰী মাহত অৰুণোদয় পৰিয়ালসকলক চৰকাৰে এটা ভাল উপহাৰ দিব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে ।

এই অনুষ্ঠানত নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু, ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, শোণিতপুৰ জিলাৰ আযুক্ত আনন্দ কুমাৰ দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :সংবিধানত সন্দেহজনক মিঞাৰ বিৰুদ্ধে কোৱাত কোনো বাধা নাই : মুখ্যমন্ত্ৰী