ETV Bharat / politics

গৌৰৱ গগৈৰ ভূতে খেদি থাকে মুখ্যমন্ত্ৰীক, সাহস আছে যদি গৌৰৱৰে টিভিত বহক : মুখ্যমন্ত্ৰীলৈ কংগ্ৰেছৰ আহ্বান

গামোচাৰ GI TAG আছে, এইখন গামোচা নেকি ? ৰাহুল গান্ধী আৰু গামোচা বিতৰ্কক লৈ প্ৰত্যুত্তৰ দেৱব্ৰত শইকীয়াৰ ।

Debabrata Saikia slams Assam CM
গৌৰৱ গগৈৰ ভূতে খেদি থাকে মুখ্যমন্ত্ৰীক, সাহস আছে যদি গৌৰৱৰে টিভিত বহক: মুখ্যমন্ত্ৰীলৈ কংগ্ৰেছৰ আহ্বান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 28, 2026 at 8:03 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : গৌৰৱ গগৈৰ 'পাকিস্তান লিংক’ আৰু 'মিঞাক হাৰশাস্তিৰ নিৰ্দেশ’ প্ৰসংগত সৰৱ হৈ থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ ৷ মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনাৰে থকা-সৰকা কৰিছে বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া আৰু অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ৷

অহা ৮ ফেব্ৰুৱাৰীত গৌৰৱ গগৈৰ পাকিস্তানী লিংকৰ সবিশেষ তথ্য দিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ঘোষণা কৰিছে ৷ লগতে ভোটাৰ তালিকাৰ এছ আৰ (SR) প্ৰক্ৰিয়াত ফৰ্ম-৭ৰ যোগেদি মুখ্যমন্ত্ৰীয়ে বিজেপি কৰ্মীক নিৰ্দেশ দিয়া বুলি ৰাজহুৱা স্বীকাৰোক্তি দিছে ৰাজ্যৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । ৰাজ্যজুৰি মুখ্যমন্ত্ৰীৰ মন্তব্যই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

গৌৰৱ গগৈৰ ভূতে খেদি থাকে মুখ্যমন্ত্ৰীক, সাহস আছে যদি গৌৰৱৰে টিভিত বহক: মুখ্যমন্ত্ৰীলৈ কংগ্ৰেছৰ আহ্বান (ETV Bharat Assam)

গৌৰৱ গগৈক লৈয়েই নিৰ্বাচন পাৰ কৰাৰ ইচ্ছা মুখ্যমন্ত্ৰীৰ

গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসংগত ৰাষ্ট্ৰীয় সংবাদ মাধ্যম মাতি আনি ৮ ফেব্ৰুৱাৰীত ৰাজহুৱা কৰিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা প্ৰসংগত দেৱব্ৰত শইকীয়াৰ মন্তব্য যে মুখ্যমন্ত্ৰীগৰাকীৰ আন একো বিষয় নাই আৰু জনতাৰ সমস্যাসমূহ এৰাই চলিবৰ বাবেই গৌৰৱ গগৈক লৈয়েই ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী ৷

শইকীয়াই কয়, “কোনখন পঞ্জিকা চাই ৮ তাৰিখৰ কথা কৈ আছে মুখ্যমন্ত্ৰীয়ে ? গৌৰৱ গগৈৰ বিৰুদ্ধে কথা কৈয়েই নিৰ্বাচন পাৰ কৰাৰ ইচ্ছা মুখ্যমন্ত্ৰীৰ ।”

Debabrata Saikia slams Assam CM
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

আনহাতে, মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰা ভোটাৰ তালিকাৰ পুনৰীক্ষণত মিঞাক হাৰাশাস্তিৰ নিৰ্দেশৰ বিতৰ্ক সন্দৰ্ভত উত্তৰ দিবলৈ অস্বীকাৰ কৰি দেৱব্ৰত শইকীয়াৰ মন্তব্য, “মুখ্যমন্ত্ৰীয়ে ফটুৱা কথা কয়, মুখ্যমন্ত্ৰীৰ এনে ফটুৱা কথাত প্ৰতিক্ৰিয়া দিব নালাগে । তেওঁ কিহৰ ডক্টৰ ? মানুহৰ অথবা গৰুৰ ডক্টৰতো নহয় ৷ তেওঁ কিতাপ পঢ়া ডক্টৰ ৷ কিতাপ পঢ়া ডক্টৰে এনে কথা কয় নেকি ?”

লগতে মুখ্যমন্ত্ৰীক গৌৰৱ গগৈৰ সৈতে টিভি শ্ব’ত একেলগে বহিবলৈ আহ্বান জনায় দেৱব্ৰত শইকীয়াই ৷ তেওঁ কয়, “ভাল দিনৰ আশাত ফটুৱা এজনক মুখ্যমন্ত্ৰী পাতিলে ৰাইজে । যদি সাহস আছে গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাই টিভিৰ আগত একেলগে বহক ।”

Debabrata Saikia slams Assam CM
গৌৰৱ গগৈ (ETV Bharat Assam)

গৌৰৱ গগৈৰ ভূতে খেদি থাকে মুখ্যমন্ত্ৰীক : মীৰা বৰঠাকুৰ

গৌৰৱৰ পাকিস্তানী লিংক সন্দৰ্ভত মহিলা কংগ্ৰেছৰ ৰাজ্যিক সভাপতি মীৰা বৰঠাকুৰেও উভতি ধৰে মুখ্যমন্ত্ৰীক । মীৰা বৰঠাকুৰৰ মন্তব্য, “ৰাহুল গান্ধীৰ body double উলিয়াব পাৰিলেনে মুখ্যমন্ত্ৰীয়ে ? গৌৰৱ গগৈৰ যদি পাকিস্তান লিংক আছে, অমিত শ্বাহে ঘোঁৰাৰ ঘাঁহ কাটি আছে নেকি ? ৰিণিকি ভূঞাৰ সম্পত্তি বৃদ্ধিৰ কথা ওলালেই মুখ্যমন্ত্ৰীয়ে পাকিস্তানৰ কথা কয় ৷”

তেওঁ লগতে কয়, "মুখ্যমন্ত্ৰীয়ে কেৱল মিঞা আৰু পাকিস্তানৰ কথা কৈ থাকে । যিবোৰ প্ৰশ্নৰ উত্তৰ দিব লাগে, সেইবোৰ নকয় কিয় ? ফ্লাই অ'ভাৰ আৰু বিল্ডিং বনাই 60-40 কমিছন লৈ থাকিব লাগে কেৱল ।"

"গৌৰৱ গগৈৰ ভূতে খেদি থকা কাৰণে যি-তি কৈ থাকে হিমন্ত বিশ্ব শৰ্মাই । ভয়ে পাইছে, জ্বৰে খাইছে হিমন্ত বিশ্ব শৰ্মাক ।” এইবুলি মন্তব্য মীৰা বৰঠাকুৰৰ ।

মুখ্যমন্ত্ৰীক হিন্দী চিনেমাৰ অমৰীশ পুৰীৰ সৈতে তুলনা কৰি মীৰা বৰঠাকুৰে লগতে কয়, “এইবাৰ অমৰীশ পুৰীয়ে পানী খোৱাৰ নিচিনাকৈ পানী খাই যাব মুখ্যমন্ত্ৰীয়ে ।”

গৌৰৱ গগৈ সন্দৰ্ভত এনেই কিবাকিবি কৈ থকাতকৈ মুখামুখিকৈ টিভিৰ সন্মুখত গৌৰৱ গগৈৰে বিতৰ্কত বহিবলৈয়ো হিমন্ত বিশ্ব শৰ্মাক আহ্বান মীৰা বৰঠাকুৰৰো ৷

ৰাহুল গান্ধী আৰু গামোচা বিতৰ্ক - গামোচাৰ নামত ভুচুং এখন উলিয়াই দিছে

দেশৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা আয়োজিত অনুষ্ঠানত ৰাহুল গান্ধীয়ে অসমীয়াৰ স্বাভিমান গামোচাক অপমান কৰা বুলি অভিযোগ আনিছে বিজেপিয়ে । পিছে দেৱব্ৰত শইকীয়াৰ মতে কিবা এখন কিপোৰ বা ৰংবিৰঙৰ বস্তু হ’লেই গামোচা নহয় ।

শইকীয়াৰ মন্তব্য, “যিকোনো বস্তু গামোচা হ'ব পাৰে নেকি ? গামোচাৰ GI TAG আছে, এইখন গামোচা নেকি ? গামোচাৰ নামত ভুচুং এখন উলিয়াই দিছে । তেওঁলোকে মিছাতে অসমৰ কাৰণে কান্দি কান্দি ব্ৰহ্মপুত্ৰৰ Water Level High কৰিছে ।”

আনহাতে, মীৰা বৰঠাকুৰৰো মন্তব্য যে গামোচাৰ নামত অন্য কিবা এখন কাপোৰ লৈ গামোচাক বিকৃত কৰিছে, গামোচাক তেওঁলোকেহে অপমান কৰিছে ।

লগতে পঢ়ক :সমষ্টিয়ে সমষ্টিয়ে দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দৌৰ, সংখ্যা বৃদ্ধি পাইছে কংগ্ৰেছ শিবিৰত
লগতে পঢ়ক :মোৰ কাম হ'ল মিঞাক কষ্ট দিয়া, 'ছাৰ' আহিলে ৪-৫ লাখ মিঞা ভোট কাটিব লাগিব : খোলাখুলিকৈ কৈ দিলে মুখ্যমন্ত্ৰীয়ে