ETV Bharat / politics

এইবাৰ বিজেপি চৰকাৰ হ'বই, কোনেও ৰখাব নোৱাৰে : মুখ্যমন্ত্ৰী

পুনৰ মৰিয়নীত টিকট লাভ কৰিব ৰূপজ্যোতি কুৰ্মীয়ে ইংগিত দি গ'ল মুখ্যমন্ত্ৰীয়ে ।

Congress and Akhil Gogoi are sharply criticized by CM Himanta Biswa Sarma in Moriani
উদ্যমিতা আঁচনিৰ চেক বিতৰণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 24, 2026 at 7:05 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: "গৌৰৱ গগৈক ভাৰত ফিলিপাইনছ মৈত্ৰী গোটৰ অধ্যক্ষ দায়িত্ব ভুলতে দি দিলে, তেওঁক দিব লাগিছিল ভাৰত-পাকিস্তানৰ মৈত্ৰী গোটৰ অধ্যক্ষ ।"-মৰিয়নী বৈছাহাবি চাহ বাগিচাৰ খেলপথাৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"আজি প্ৰায় ত্ৰিশ হাজাৰ মহিলাক উদ্যমিতা আঁচনিৰ অধীনত দহ হাজাৰ টকাকৈ চেক বিতৰণ কৰাৰ সমান্তৰালভাৱে মৰিয়নী পৌৰসভাৰ এম আৰ আই সুবিধা, জগন্নাথ দক্ষতা কেন্দ্ৰ আৰু বহুকেইটা উন্নয়নমূলক কামৰ শুভ উদ্বোধন কৰা হয় ।"

মুখ্যমন্ত্ৰীৰ মন্তব্য (ETV Bharat Assam)

আনহাতে আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক ভাৰত ফিলিপাইনছ মৈত্ৰী গোটৰ অধ্যক্ষৰ দায়িত্ব দিয়া প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"তেওঁক দিব লাগিছিল ভাৰত-পাকিস্তানৰ, কিন্তু ভুলতে ভাৰত-ফিলিপাইনছ মৈত্ৰী গোটৰ অধ্যক্ষ দিয়া হ'ল ।" আনহাতে মৰিয়নী সমষ্টিত পুনৰ ৰূপজ্যোতি কুৰ্মীয়ে টিকট লাভ কৰা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়,"মৰিয়নীত বেলেগে টিকট বিচৰা নাই আৰু টিকটৰ প্ৰথম তালিকাতেই মুখ্যতঃ নাম আছে ৰূপজ্যোতি কুৰ্মীৰ ।"

Congress and Akhil Gogoi are sharply criticized by CM Himanta Biswa Sarma in Moriani
উদ্যামিতা আঁচনিৰ চেক বিতৰণ সভাত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

আনহাতে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ বাবে ফাষ্টট্ৰেক আদালত গঠন কৰা বিষয়ত তেওঁ কয়,"ফাষ্টট্ৰেক আদালত আমি পৰিয়ালৰ লগত কথা পাতি দিম । বৰ্তমানৰ বিচাৰপতিজনে এজনো অভিযুক্তক জামিন দিয়া নাই আৰু সকলো জামিন আৱেদন নাকচ কৰিছে । যদি ফাষ্টট্ৰেক আদালতলৈ গ'লে অভিযুক্তৰ জামিন হৈ যায়, তেতিয়া মোৰ ওপৰত দোষটো নপৰে যেন ।"

তেওঁ লগতে কয়,"সেই কথাবিলাক ভালকৈ পাতি আমি সিদ্ধান্ত ল'ম, আমি যদি ভাল ৰিজাল্ট পাই থাকোঁ, সেই মানুহজনক সলনি নকৰে, ইয়াত এইটো হৈছে যিজনে ভাল ৰিজাল্ট কৰি আছে । তেওঁক আঁতৰাব বিচৰা হৈছে । যিসকলে এইবোৰ কথা কৈ আছে তেওঁলোকে ভালকৈ কথাবোৰ বুজি পোৱা নাই । একাংশই জুবিন গাৰ্গৰ প্ৰসংগকটোক লৈ ৰাজনীতি কৰি আছে ।"

Congress and Akhil Gogoi are sharply criticized by CM Himanta Biswa Sarma in Moriani
মুখ্যমন্ত্ৰীৰ সভাত অংশগ্ৰহণ কৰা একাংশ মহিলা (ETV Bharat Assam)

আনহাতে জুবিন ক্ষেত্ৰলৈ ৰাজনীতি কৰা মানুহ যাব লাগে বুলি অখিল গগৈয়ে কোৱা প্ৰসংগত তেওঁ কয়,"অখিল গগৈ ওলোটা প্ৰকৃতিৰ মানুহ, সেই কাৰণে তেওঁ মিঞা বাংলাদেশীক চুমা খায় । তেওঁ লগত আমাৰ কথা নিমিলে । যিখিনি মানুহ নিগেটিভ চিন্তাৰে পৰিচালিত তেওঁলোকক উন্নয়নৰ ধুমুহাই আঁতৰাই লৈ যাব, নিগেটিভ চিন্তা কৰা অখিল গগৈসহ একাংশই জীৱনকালত জুবিনক সন্মানেই নকৰিছিল ।"

লগতে তেওঁ কয়- "কংগ্ৰেছ, ৰাইজ দলৰ মিত্ৰতা হ'লেও , নহ'লেও বিজেপিক পুনৰ চৰকাৰ গঠনত কোনেও ৰখাব নোৱাৰে, এইবাৰ ৯০ৰ পৰা ৯৫ টা ছীটত বিৰোধীয়ে নাই ।"

লগতে পঢ়ক: AI সন্মিলনত কংগ্ৰেছৰ অৰ্ধ-উলংগ প্ৰতিবাদ : যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিক চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

কংগ্ৰেছৰ পৰা ফোন অহাৰ আশাত বন্দী ৰাইজৰ দলৰ সভাপতি অখিল গগৈ