ETV Bharat / politics

কংগ্ৰেছে ১০০+ আসনত খেলিলে কেইখন আসন পাব অখিল-লুৰিণৰ দলে ? অসন্তুষ্ট 'মিত্ৰ'

গৌৰৱ গগৈয়ে আসন সন্দৰ্ভত কৰা মন্তব্যক লৈ অসন্তুষ্ট বিৰোধী মিত্ৰ দলসমূহ । প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে অখিল গগৈয়েও ।

Congress allies  react on Gaurav Gogoi's 100+ contest declaration
গৌৰৱ গগৈৰ ঘোষণাত অসন্তুষ্ট বিৰোধী সতীৰ্থ দল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 30, 2025 at 8:36 PM IST

7 Min Read
Choose ETV Bharat

গুৱাহাটী: সমাগত ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে আনুষ্ঠানিক ঘোষণা বৰ্তমানলৈ নকৰিলেও ৰাজ্যত বিজেপি বিৰোধী মিত্ৰজোঁটে কংগ্ৰেছৰ নেতৃত্বত ভোটযুদ্ধৰ বাবে সাজু হৈছে । তাৰ মাজতে বিৰোধীৰ মিত্ৰতা আৰু আসনৰ ভাগ-বাটোৱাৰাৰ কথা-বতৰা চূড়ান্ত নহওতেই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সংবাদ মাধ্যমত ঘোষণা যে ২০২৬ত এইবাৰ কংগ্ৰেছ দলে অসমত এশতকৈ অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ।

মিত্ৰ দলৰে আলোচনা নকৰাকৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ '১০০' আসনৰ এই ঘোষণাই জোকাৰিছে আন মিত্ৰ বিৰোধী দলসমূহক ৷ অসন্তুষ্টি প্ৰকাশ কৰিছে সহযোগী দলসমূহে । কিয়নো একাংশ সহযোগী দলে যিমান পাৰি সোনকালে বিৰোধীৰ মিত্ৰজোঁটে আসনৰ ভাগ-বাটোৱাৰা কৰাৰ দাবী জনাই আহিছিল ।

গৌৰৱ গগৈৰ ঘোষণাত অসন্তুষ্ট বিৰোধী সতীৰ্থ দল (ETV Bharat Assam)

বিৰোধীৰ মাজত অসমৰ মুঠ ১২৬ খন বিধানসভা আসনৰ ১০০ৰো অধিক আসনত কংগ্ৰেছ দলে প্ৰাৰ্থী দিলে বাকী সহযোগী দলসমূহলৈ কেইখন আসন থাকিব ? অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চি পি আই, চি পি আই এম, চি পি আই এম এল, All Party Hills Leaders Conference (APHLC) আদি দলৰ মাজত ভাগ-বাটোৱাৰাৰ বাবে বাকী ৰ’বগৈ মাত্ৰ ২৬ খনতকৈয়ো কম আসন ।

কিয়নো গৌৰৱ গগৈৰ মতে কংগ্ৰেছ দলে '১০০ৰ অধিক আসন'ত প্ৰতিদ্বন্দিতা কৰিব ৷ বিৰোধীৰ মতে আলোচনা নোহোৱাকৈ আসন ঘোষণা কৰি কংগ্ৰেছে পালন কৰা নাই মিত্ৰতাৰ ধৰ্ম ৷ আঞ্চলিক শক্তি অসম জাতীয় পৰিষদ, ৰাইজৰ দলৰ পৰা আৰম্ভ কৰি বাঁওপন্থী দলকে ধৰি প্ৰায় সকলো বিৰোধীয়েই প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া আৰু অসন্তুষ্টি ৷

কংগ্ৰেছে যদি ১০০ৰো অধিক আসনত নিৰ্বাচন খেলে, All Party Hills Leaders Conference (APHLC) ক যদি কাৰ্বি আংলঙত ৩ খন, বাঁওপন্থী দলসমূহলৈ যদি তিনিখন আসন দিয়ে তেন্তে অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ দলে কেইখন আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ পাব ?

১০০ আসনক লৈ কি কৈছিল গৌৰৱ গগৈয়ে ?

দিনটো আছিল যোৱা দেওবাৰ, ২৭ ডিচেম্বৰ ৷ তেজপুৰত এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণৰ পিছতেই সংবাদ মাধ্যমৰ সমুখত গৌৰৱ গগৈয়ে ঘোষণা কৰি কয় যে কংগ্ৰেছে মুঠ ১০০তকৈ অধিক আসনত ২০২৬ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকী আসন কেইখন আলাপ-আলোচনাৰে ভাগ কৰিব ৷ অৰ্থাৎ বিজেপি বিৰোধী মিত্ৰতাৰ কথাত নিশ্চয়তা ঘোষণা কৰিলেও অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে ঘোষণা কৰিলে নিজৰ দলৰ আসনৰ সংখ্যা ।

গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়,"আমি কংগ্ৰেছ দলে ১০০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু বাকী কেইখন আসন কেনেদৰে ভাগ-বাটোৱাৰা কৰিব পাৰিম সেয়া ৰাইজৰ মাজত আনুষ্ঠানিকভাৱে আলাপ-আলোচনাৰে সেয়া ৰাইজে দেখা পাব ।"

বিৰোধী মিত্ৰ দলৰ অসন্তুষ্টি:

আনুষ্ঠানিক মিত্ৰতাৰ কথা ঘোষণা আৰু আসনৰ বুজাপৰা নোহোৱাকৈয়ে এ পি চি চিৰ সভাপতি গৌৰৱ গগৈয়ে কৰা '১০০+'এই ঘোষণাৰ আকস্মিকতাত একপ্ৰকাৰ আচৰিত হৈ পৰে বিৰোধীৰ সম্ভাব্য মিত্ৰজোঁটৰ আন দলসমূহ । বিৰোধী দল ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ হ’লে আসন সংখ্যা গৌণ বুলি কৈয়ো কংগ্ৰেছৰ আসনৰ সংখ্যা ঘোষণাক লৈ ব্যক্ত কৰে নিজৰ অসন্তুষ্টি ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আসনৰ সংখ্যা ঘোষণা কৰি নিজৰ নীতি (principle) ভংগ কৰাৰ অভিযোগ তুলি অসন্তুষ্টি ব্যক্ত কৰে । মঙলবাৰে অখিল গগৈয়ে ই টিভি ভাৰতৰ সন্মুখত এই বিষয়ে কয়,"মই ভাবো গৌৰৱ গগৈৰ যিটো পিন্সিপল আছিল যে আমি কেমেৰাৰ সন্মুখত আচল আৰু মিত্ৰতাৰ আলোচনা নকৰোঁ । মই ভাবো আকস্মিকভাৱে কিবা এটা কাৰণত গৌৰৱ গগৈয়ে নিজে কৈ নিজৰ প্ৰিন্সিপলটোৰ পৰা আতৰি আহিছে ।”

“আমাৰ কাৰণে আসন কেইখন পাম গুৰুত্বপূৰ্ণ নহয়, আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হ’ল সাম্প্ৰদায়িক আৰু সেচ্ছাচাৰী মনোভাৱেৰে আমাৰ সমাজ ব্যৱস্থাটোক ধ্বংস কৰা বিজেপি আৰু আৰএছএছক শাসনৰ পৰা আঁতৰ কৰিব পৰাটোৱেই আমাৰ মূল উদ্দেশ্য ।”—বুলি লগতে অখিল গগৈয়ে কয় ।

অখিল গগৈৰ অভিযোগ যে মিত্ৰতাত কোনেও কাকো জাপি দিয়া উচিত নহয়:

এই সন্দৰ্ভত গগৈয়ে কয়,"আমাৰ কাৰণে দেশ ডাঙৰ, দল তাৰ পিছত ৷ সাম্প্ৰতিক পৰিস্থিতিত আমাৰ কাৰণে দল পিছত, মিত্ৰতা আগত । ছীট কিমান পাম সেয়া একেবাৰে গৌণ ৷... কিন্তু মিত্ৰজোঁটটোৰ কথা নিশ্চিত কৰাৰ লগতে গৌৰৱ গগৈয়ে আকস্মিকভাৱে আসনৰ সংখ্যাটো জাপি দিছে, ভাবো এইটো হ’ব নালাগে ৷"

তেওঁ পুনৰ কয়,"গণতান্ত্ৰিকভাৱে কথা পাতিহে আমি আসনৰ সংখ্যাটো নিশ্চিত কৰিম । এলায়েন্স মানে বন্ধুত্ব ৷ এলায়েন্স মানে বুজা-বুজি, সমিলমিল, এলায়েন্স মানে জাপি দিয়াটো নিশ্চয় নহয় ৷ মই সকলোকে অনুৰোধ জনাম মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিবলৈ ৷ কিন্তু আমাৰ এলায়েন্স হৈ গ’ল । সেয়া গৌৰৱ গগৈয়ে ঘোষণা কৰিলে । আমি মিত্ৰতাৰে যুঁজিম ৷”

আনহাতে গৌৰৱ গগৈৰ ঘোষণাক যোগাত্মক আখ্যা দিলেও বিৰোধী গোটৰ অন্যতম অংশীদাৰ দল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আলোচনাত বহাৰ পিছতহে এই সংখ্যা নিৰ্ধাৰণ কৰা হ’ব বুলি মন্তব্য কৰে ।

লুৰীণজ্যোতি গগৈয়ে কয়,"গৌৰৱ গগৈয়ে ১০০ খন আসনৰ কথা ক'লেও এই কথা আলোচনাত বহাৰ পাছতহে চূড়ান্ত হ'ব । গৌৰৱ গগৈয়ে ১০০ খন আসনৰ কথা কোৱা মানে বিৰোধী ঐক্যৰ বিষয়টো তেওঁলোকে যোগাত্মকভাৱে লৈছে ।‌ আমি অসম জাতীয় পৰিষদে আগৰে পৰাই মিত্ৰতা হ'ব বুলি দাবী কৰি আহিছোঁ । মিত্ৰতা নহ'লে বিজেপিক পৰাভূত কৰাটো সম্ভৱ নহয় ।"

আনহাতে, কংগ্ৰেছে প্ৰতিদ্বন্দিতা কৰিব খোজা ১০০ খন আসনত বিটিএডিৰ আসনসমূহ অন্তৰ্ভুক্ত হৈছে নে নাই তাক লৈয়ো প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ । কিয়নো বিটিএডিত আছে মুঠ ১৫ খন আসন । তাত বড়োসকলক কেন্দ্ৰ কৰি গঠিত দুই ৰাজনৈতিক দল বড়োভূমিৰ পৰিষদীয় শাসনাধিষ্ঠ বিপিএফ আৰু ইউপিপিএল যথেষ্ট প্ৰভাৱশালী । আনহাতে দুয়োটা দলেই এনডিএৰ অংশীদাৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তথ্য অনুসৰি ২০২৬ তো দুয়োটা দল থাকিব বিজেপিৰ সৈতে ।

সেয়ে সমষ্টি ভাগ-বিতৰণৰ বিষয়টো আলোচনাৰ মাজেদি সমাধান কৰাৰ পোষকতা কৰি লুৰীণজ্যোতি গগৈৰ মন্তব্য,"আগন্তুক দিনত আলোচনাৰ মাজেদি সকলো সঠিক সিদ্ধান্ত গ্ৰহণ কৰা হ'ব । গৌৰৱ গগৈয়ে কোৱা ১০০ খন আসনৰ মাজত বি টি আৰৰ আসন অন্তৰ্ভুক্ত হৈছেনে নাই সেয়াও চাব লাগিব । গতিকে সমষ্টি ভাগ-বিতৰণৰ বিষয়টো আলোচনাৰ মাজেদি কৰিব লাগিব । তেতিয়াহে সঠিক উত্তৰ ওলাব ।’’

আনহাতে, গৌৰৱ গগৈয়ে সতীৰ্থ মিত্ৰ দলৰ সৈতে আলোচনা অবিহনেই ১০০ ৰো অধিক আসনত নিৰ্বাচন খেলিব বুলি কৰা ঘোষণাত আচৰ্য প্ৰকাশ কৰিছে চিপিআই(এম)দলেও । দলটোৰ ৰাজ্যিক কমিটিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে গৌৰৱ গগৈয়ে কৰা ১০০+ কংগ্ৰেছৰ আসন ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ইতিমধ্যে দ্বিপাক্ষিক পৰ্যায়ত আলোচনা আৰম্ভ হৈছে যদিও আসন ভাগ-বটোৱাৰাৰ পৰ্যায়লৈ যোৱা নাই ৷ আলোচনাৰ মাধ্যমেৰেহে আসনৰ কথা নিশ্চিত কৰা উচিত ।

লগতে চিপিআই(এম)ৰ ৰাজ্যিক কমিটিৰ সম্পাদকগৰাকীয়ে কয়,"গৌৰৱ গগৈয়ে পূৰ্বে কৈ অহাৰ দৰে কেমেৰাৰ সন্মুখত নহয়, কেমেৰাৰ আঁৰতহে মিত্ৰতা আৰু আন বুজাবুজিৰ কথা হোৱা উচিত । দ্বিপাক্ষিক নাইবা সকলোৰে লগত আলাপ-আলোচনাৰ মাজেৰেহে আসনৰ বুজাবুজিৰ সিদ্ধান্ত হোৱা উচিত ৷"

লগতে পঢ়ক: ৪০ লাখ বিদেশীক খেদিবলৈ বিজেপিক অসমখন ঠিকাত দি দিব লাগিব: অখিল গগৈ

হিংসাত্মক বাতাবৰণ ! বৰদিনৰ সময়ত সংঘটিত কেইবাটাও ঘটনাক লৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ কে চি বেণুগোপালৰ