ETV Bharat / politics

এইখন কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা নহয়, উত্তৰাধিকাৰীৰ তালিকাহে : আচল কথাটো কৈ দিলে মুখ্যমন্ত্ৰীয়ে !

দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত বৃহস্পতিবাৰে বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ ৩ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ, বসন্ত দাস আৰু শশীকান্ত দাসে ।

CM in Barpeta
বৰপেটাত মুখ্যমন্ত্ৰী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 4, 2026 at 1:55 PM IST

3 Min Read
Choose ETV Bharat

বৰপেটা : পুনৰ গেৰুৱা বসন পিন্ধিব কংগ্ৰেছৰ বিধায়কে । বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব ৩ বিধায়ক ক্ৰমে কমলাক্ষ দে' পুৰকায়স্থ, বসন্ত দাস আৰু শশীকান্ত দাসে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰপেটাত এই কথা ঘোষণা কৰিছে । দীৰ্ঘদিনৰ পৰা চৰ্চাত আছিল কংগ্ৰেছৰ এই ৩ বিধায়ক ।

কমলাক্ষ দে' পুৰকায়স্থ হৈছে কৰিমগঞ্জৰ বিধায়ক । একেদৰে বসন্ত দাস মঙলদৈ আৰু শশীকান্ত দাস ৰহা সমষ্টিৰ বিধায়ক । তিনিওগৰাকীয়ে কংগ্ৰেছত থাকি মুকলি সমৰ্থন কৰি আছিল বিজেপিক । যাৰ বাবে দলৰ পৰা নিলম্বনো হৈছিল । অৱশ্যে অৱশেষত তেওঁলোকে বিজেপিত যোগদানৰ কথা নিশ্চিত কৰিলে মুখ্যমন্ত্ৰীয়ে ।

বৰপেটা সত্ৰৰ দৌল মহোৎসৱত মুখ্যমন্ত্ৰী (ETV Bharat)

বৰপেটা সত্ৰৰ দৌল উৎসৱত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "আহিব খোজা বহুত মানুহ আছে । কিন্তু যদি মই চবকে কংগ্ৰেছৰ পৰা আনি থাকো তেতিয়া মোকে বিজেপিৰ পৰা উলিয়াই দিব । কাইলৈ কমলাক্ষ দে' পুৰকায়স্থ , বসন্ত দাস আৰু শশীকান্ত দাসে পুৱা ৮ বজাত বিজেপি দলত যোগদান কৰিব ।" মঙলবাৰে প্ৰকাশ পোৱা কংগ্ৰেছ দলৰ প্ৰথম প্ৰাৰ্থী তালিকা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে, "কংগ্ৰেছৰ লিষ্টখনত বাপেকৰ পুতেক আৰু জীয়েকসকলহে আছে । লিষ্ট বুলিও ক'ব পাৰে বা উত্তৰাধিকাৰীৰ তালিকা বুলিও ক'ব পাৰে । মই এইখন লিষ্ট বুলি নকওঁ উত্তৰাধিকাৰীৰ তালিকা বুলি কম ৷ তাত আপোনালোকে যদি চাই সাধাৰণ কংগ্ৰেছ কৰ্মীতো নাই । কিন্তু বিজেপিৰ লিষ্টখন যদি চাই সাধাৰণ বিজেপি কৰ্মকৰ্তাক পাব ।"

Three Congress MLA
কমলাক্ষ দে' পুৰকায়স্থ , বসন্ত দাস আৰু শশীকান্ত দাস (ETV Bharat)

আনহাতে মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে অসম গণ পৰিষদৰ লগত বিজেপিৰ নিৰ্বাচনী বুজাপৰা দুই এদিনতে সম্পন্ন হ'ব । বি পি এফ আৰু ইউ পি পি এলৰ বিষয়টো দুয়োটা দলক নিজৰ মাজত কথা পাতি ঠিক কৰিবলৈ আহ্বান জনোৱাৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ।

Barpeta Satra Holi
বৰপেটা সত্ৰৰ দৌল মহোৎসৱত মুখ্যমন্ত্ৰী (ETV Bharat)

উল্লেখ্য যে বুধবাৰে বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ তৃতীয় দিনাৰ কাৰ্যসূচী হিচাপে ভৰদৌলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । বৰপেটা সত্ৰত প্ৰৱেশ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰথমে যোগমোহন গৃহত গায়ন-বায়নৰ ওচৰত আঁঠু লয় । ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে দৌলগৃহত থকা গোসাঁইক ফাকুগুৰিৰে সেৱা জনায় । পৰৱৰ্তী সময়ত মঠৰ চোতাললৈ গৈ বৰপেটা সত্ৰৰ বুঢ়া আৰু ডেকাসত্ৰীয়া ক্ৰমে ডঃ বাবুল চন্দ্ৰ দাস আৰু গৌতম পাঠকৰ ওচৰত আঁঠু লয় । তাৰ পাছত ক্ৰমে মথুৰা দাস বুঢ়া আতাৰ ভিঠি, বদলা পদ্ম আতাৰ ভিঠি আৰু কীৰ্তন ঘৰৰ গুৰু আসনৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে সেৱা জনায় । মুখ্যমন্ত্ৰীয়ে সত্ৰ চৌহদত হোলীগীত পৰিৱেশন কৰি থকা এটা দলৰ সৈতে হোলীগীতো পৰিৱেশন কৰে । ইফালে ভৰদৌল আৰু মুখ্যমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি লোকাৰণ্য হৈ পৰে বৰপেটা সত্ৰ ।

Barpeta Satra Holi
বৰপেটা সত্ৰৰ দৌল মহোৎসৱত মুখ্যমন্ত্ৰী (ETV Bharat)

কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয়, "প্ৰত্যেক বছৰে হোলীৰ দিনা বৰপেটা সত্ৰত আহিবলৈ চেষ্টা কৰোঁ । আজি দৌল মহোৎসৱত আহি দৌল গোবিন্দ আৰু কলিয়াবাবাক সেৱা কৰাৰ সৌভাগ্য হ'ল ৷ বৰপেটাত হোলীৰ দিনা আহিলে মনে পৰিৱৰ্তন হৈ যায়...।"

লগতে পঢ়ক :

যাও যাও বুলিও নাযায়, এৰো এৰো বুলিও নেৰে... চাৰি দশকৰ প্ৰাপ্তিয়েও উদৰ পূৰোৱা নাই এইসকল নেতাৰ