২৬ৰ নিৰ্বাচনত ১০৩টা সমষ্টি : মুখ্যমন্ত্রীৰ ঘোষণাৰ পাছতে মিত্রদলত অস্থিৰতা বৃদ্ধি
বিজেপিৰ কর্ণধাৰ সমিতিৰ বৈঠকৰ পাছত মুখ্যমন্ত্রীয়ে ১০৩টা সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৰা ঘোষণাৰ পাছতে অগপ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতাসকলৰ মাজত একপ্ৰকাৰ হাহাকাৰ লাগিছে ।

Published : November 23, 2025 at 5:08 PM IST
গুৱাহাটী : আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্র কেইটামান মাহ বাকী আছে । ইতিমধ্যে শাসক-বিৰোধীকে ধৰি সকলো দলেই নিজা নিজা ৰণকৌশল লৈ নিৰ্বাচনী যুঁজৰ বাবে প্ৰস্তুতি চলাইছে । এই প্ৰস্তুতিৰ মাজতে অগপ দলত অস্থিৰতাই দেখা দিছে । ইয়াৰ মূলতে হৈছে মিত্রদল বিজেপিয়ে কৰা ঘোষণা ।শুকুৰবাৰে অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কৰ্ণধাৰ সমিতিৰ বৈঠকৰ পাছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০৩ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব । মুখ্যমন্ত্রীৰ এই ঘোষণাৰ পাছতে মিত্রদল অগপৰ ভিতৰচ'ৰাত জোকাৰণিৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে মাৰ্চৰ শেষত বা এপ্ৰিলৰ প্রথম ভাগত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ নির্বাচন । আগন্তুক নিৰ্বাচনৰ বাবে ইতিমধ্যে শাসকীয় দল বিজেপিয়ে ৰণনীতি প্ৰস্তুত কৰি ফিল্ডত নামি পৰিছে । সকলোকে ভগাই দিয়া হৈছে দায়িত্ব আৰু সমান্তৰালভাৱে বাজপেয়ী ভৱনত চলিছে এখনৰ পাছত আনখনকৈ বৈঠক । শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত অনুষ্ঠিত হোৱা দলৰ কর্ণধাৰ সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠকৰ জৰিয়তে বিজেপিয়ে আৰম্ভ কৰিলে ২০২৬ৰ নিৰ্বাচনী যাত্রা । বৈঠকৰ পাছতে মুখ্যমন্ত্রীয়ে কৈছিল, "বিজেপিয়ে ১০৩ টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব । ২০২৬ৰ নিৰ্বাচনত বিজেপিয়ে কমেও ৫-১০ খন যুৱ মুখক প্রার্থিত্ব দিব । যিমানেই যুৱক-মহিলাই টিকট পাব সিমানেই ময়ো ভাল পাম ।"
ইফলে মুখ্যমন্ত্রীয়ে শীঘ্ৰেই মিত্রদল অগপ, ইউ পি পি এল আৰু বি পি এফ দলৰে আলোচনা হ'ব বুলি সদৰী কৰিছিল । লক্ষণীয় বিষয় যে মুখ্যমন্ত্ৰীয়ে ১০৩ টা সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৰা ঘোষণাৰ পাছতে অগপ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতাসকলৰ মাজত একপ্ৰকাৰ হাহাকাৰ লাগিছে ।
মুখ্যমন্ত্রীৰ ঘোষণাৰ পাছতে মিত্রদল অগপত জোকাৰণি :
লক্ষণীয় বিষয় যে আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি অগপৰ ভিতৰচ'ৰাত ইতিমধ্যেই অসন্তুষ্টিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে । বহুকেইজন নেতাই ৰাজনৈতিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অগপ ত্যাগ কৰি আন দললৈ গমন কৰিছে । বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অগপৰ ভিতৰচ'ৰাত অসন্তুষ্টি ক্ৰমাৎ তীব্ৰতৰ হ'ব ধৰিছে । অগপত বৃদ্ধি পাইছে ক্ষোভ আৰু অসন্তুষ্টি । দুবাৰকৈ শাসনৰ বাঘজৰী লোৱা আঞ্চলিক দলটোৱে আজি বিজেপিৰে মিত্রতাত থাকি অস্তিত্ব ৰক্ষা কৰি আহিবলগীয়া হৈছে । এক কথাত বিজেপিৰ মতেই আঞ্চলিক দলটো চলিবলগীয়া হৈছে । নিজস্বতা বুলি বিশেষ একো নাই । এনে এক পৰ্যায়লৈ যোৱাৰ বাবেই অগপৰ নেতা আৰু নিষ্ঠাবান কৰ্মীৰ মাজত ক্ষোভ আৰু অসন্তুষ্টিয়ে দেখা দিছে ।
বিজেপিয়ে ১০৩ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মুখ্যমন্ত্রীয়ে কৰা ঘোষণা সন্দৰ্ভত ইটিভি ভাৰতৰে হোৱা টেলিফোনিক বাৰ্তালাপত অগপৰ জ্যেষ্ঠ নেতা তথা বৰ্তমানৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । বিধায়ক কলিতাই কয়, "ইতিমধ্যে আমি গোটেই অসমতে আমাৰ সাংগঠনিক স্থিতিটো সৱল কৰাৰ বাবে কাম কৰি আছো । প্ৰতিটো বিধানসভা সমষ্টিতে আমাৰ কৰ্মীসকলে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলাইছে । দলৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰাও প্ৰতিটো সমষ্টিতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে । মিত্রদল বিজেপিৰ লগত আসনৰ ভাগ বটোৱাৰা নাইবা মিত্রতা সন্দৰ্ভত এতিয়ালৈকে কোনো আলোচনা হোৱা নাই ।"

কলিতাই কয়, "আমি ভাবো অতি সোনকালে বিজেপিৰ নেতৃত্বৰ লগত মিত্রতা সন্দৰ্ভত আলোচনা হ'ব । মুখ্যমন্ত্রীয়ে কৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আমাৰ জয়ৰ সম্ভাৱনা থকা আসনৰ সংখ্যা বৃদ্ধি পাইছে । মুখ্যমন্ত্রীয়ে ১০৩ খন আসনৰ কথা কৈছে আৰু এই ১০৩ খনত জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । বিজেপিৰ ১০৩ টা সমষ্টি ভিতৰত নিশ্চয় মিত্রদলো থাকিব লাগিব । মিত্রতা হ'লে নিশ্চয় আমি জয়ৰ সম্ভাৱনা থকা অধিকৰ পৰা অধিক আসন বিচাৰিম । আমি মিত্রতা হোৱাটো বিচাৰিছো । মিত্রতা বুজাবুজিৰ মাজত হ'ব । কোনেও আকোৰগোজ স্থিতি নলয় । অগপ দলৰ মৰ্যাদা নিশ্চয় বিজেপি দলে ৰাখিব । আমি এইবাৰ বেছি আসন লাভ কৰিম বুলি আশা কৰিছো ।"
লক্ষণীয় বিষয় যে বিজেপিয়ে খিলঞ্জীয়া অধ্যুষিত ১০৩ টা সমষ্টি নিজে লৈ অগপক কেৱল জয়ৰ সম্ভাৱনা নথকা সংখ্যালঘু সমষ্টিহে এৰি দিব পাৰে বুলি অগপৰ ভিতৰচ'ৰাত চৰ্চিত হৈছে । ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত অগপৰ বহু কেইবাগৰাকী বিধায়কৰ স্থিতি নোহোৱা হৈ পৰিছে । যাৰ ফলত অগপৰ বহু নেতাৰ মাজত শংকাৰ সৃষ্টি হৈছে । আগন্তুক সময়ত আশা কৰা ধৰণে আসন নাপালে অগপৰ ভিতৰচ'ৰাত ব্যাপক অসন্তুষ্টি আৰু সংঘাত হোৱাটো নিশ্চিত ।
উল্লেখ্য যে ২০১৬ চনত বিজেপিয়ে অগপক এৰি দিছিল মুঠ ২৪ টা সমষ্টি । তদুপৰি আন ৬ টা বিধানসভা সমষ্টিত বিজেপিয়ে অগপৰ সৈতে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা কৰা দেখা গৈছিল । আনহাতে ২০২১ চনৰ নিৰ্বাচনত বিজেপিয়ে অগপক এৰি দিছিল প্রায় ২৯ টা সমষ্টি । আগন্তুক ২০২৬ চনৰ নিৰ্বাচনত বিজেপিয়ে অগপক কিমান আসন এৰি দিব তাৰ কোনো নিশ্চয়তা এতিয়াও হোৱা নাই যদিও অগপই এইবাৰ বহু বেছি আসনৰ আশা কৰিছে ।
লগতে পঢ়ক : বিধানসভা নিৰ্বাচন ২০২৬: কিমানটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে, কিমানটাত বিজয়ৰ লক্ষ্য ?

