ETV Bharat / politics

গৌৰৱ গগৈৰ পাকিস্তান সংযোগ : এছ আই টিৰ প্ৰতিবেদন দেওবাৰে ৰাজহুৱা কৰাৰ সিদ্ধান্ত কেবিনেটৰ

ফাদিল হ'ব গৌৰৱ গগৈৰ পাকিস্তান সংযোগ । দেওবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদমেলযোগে সদৰী কৰিব সকলো তথ্য় ।

CM will make public the SIT report on Gaurav Gogoi Pakistan link
কেবিনেট বৈঠকৰ বিষয়ে সংবাদমেলযোগে সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 8, 2026 at 8:43 AM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক'লবাৰ্ণ গগৈৰ পাকিস্তান সংযোগৰ তথ্য দেওবাৰে সংবাদমেলযোগে ৰাজহুৱা কৰা হ'ব । দেওবাৰে পুৱা ১০.৩০ বজাত দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এছ আই টিয়ে কৰা তদন্তৰ প্ৰতিবেদন সংবাদমেলযোগে সদৰী কৰিব । শনিবাৰে নিশা হোৱা কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শনিবাৰে নিশা দিছপুৰৰ লোকসেৱা ভৱনত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্ত সমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

সংবাদমেলত মুখ্যমন্ত্রীয়ে কয়, "পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখৰ ভাৰত বিৰোধী কাৰ্য-কলাপৰ বিৰুদ্ধে এছ আই টিয়ে তদন্ত কৰি দিয়া প্ৰতিবেদন কেবিনেটত পুংখানুপুংখভাৱে আলোচনা কৰা হয় । কেবিনেটত এছ আই টিৰ প্ৰতিবেদন পৰৱৰ্তী পৰ্যায়ৰ তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্রালয়লৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেন্দ্ৰীয় এজেন্সীৰ দ্বাৰা তদন্ত কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্রালয়ক প্ৰতিবেদন হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । যাতে পৰৱৰ্তী তদন্ত ভাৰত চৰকাৰৰ পৰ্যায়ত হয় ।"

আনহাতে এছ আই টিৰ প্ৰতিবেদনৰ গোপনীয়তাক বাদ বাকী তথ্য সাংবাদমেলযোগে ৰাজহুৱা কৰাৰ সিদ্ধান্ত কেবিনেটত লোৱা হয় । দেওবাৰে পুৱা ১০:৩০ বজাত মুখ্যমন্ত্রীয়ে সংবাদমেলযোগে তথ্যখিনি ৰাজহুৱা কৰাৰ বাবে কেবিনেটে মুখ্যমন্ত্রীক দায়িত্ব দিছে । প্ৰতিবেদনত বহু স্পৰ্শকাতৰ তথ্য আছে । কেবিনেটৰ দৃষ্টিত এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ গোচৰ । ভাৰতৰ সুৰক্ষাৰ কথা আছে । তিনিজন লোক ইয়াত জড়িত আছে । পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখৰ লগতে অসমৰ এজন সাংসদ আৰু তেওঁৰ ব্ৰিটিছ পত্নী ।

মুখ্যমন্ত্রীয়ে লগতে কয়,"বহু তথ্য অসম চৰকাৰে সংগ্ৰহ কৰিব নোৱাৰে । তথাপিও অসম পুলিচে ভাল তদন্ত কৰিছে । বহু দূৰলৈকে গৈছে যদিও সেইটো যথেষ্ট নহয় । কেন্দ্ৰীয় চৰকাৰৰ এজেন্সীয়ে তদন্ত কৰাৰ প্ৰয়োজন আছে । সাংসদগৰাকী যেতিয়া পাকিস্তানলৈ গৈছিল তেতিয়া তেওঁৰ পিতৃ মুখ্যমন্ত্রী আছিল । মুখ্যমন্ত্রীৰ পুত্র শত্ৰু ৰাষ্ট্ৰ এখনলৈ গ'লে চৰকাৰী পক্ষক অৱগত কৰি যাব লাগে । গোপনীয়তাৰে তেওঁ পাকিস্তানলৈ গৈছিল । সেই দহদিন তেওঁ নিৰৱ হৈ আছিল । আমি তেওঁৰ গোপনীয়তা উন্মোচন কৰিম । বাকী তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক সিদ্ধান্ত ৰাহুল গান্ধী তথা কংগ্ৰেছ দলে ল'ব ।"

আনহাতে কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ যাত্রাক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়,"কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ যাত্রাৰ সময়ত বাছত ভূপেন বৰাই অতি অমাৰ্জিত আচৰণ প্ৰদৰ্শন কৰিলে । মহিলাৰ প্ৰতি কৰা অমাৰ্জিত এই আচৰণৰ বাবে কেবিনেটে ভূপেন বৰা, দেৱব্ৰত শইকীয়া আৰু মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে ক্ৰিমিনেল কেচ পঞ্জীয়ন কৰাৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিছে । ঘটনা সন্দৰ্ভত আইনৰ নিৰ্দ্দিষ্ট ধাৰাত গোচৰ পঞ্জীয়ন কৰি তদন্তৰ বাবে অসম আৰক্ষীক নিৰ্দেশ দিয়া হৈছে ।"

কেবিনেটৰ আন সিদ্ধান্ত সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়,"ৰাজ্য চৰকাৰে গঠন কৰা অষ্টম অসম দৰমহা আয়োগক কেবিনেটে পূৰ্ণ ৰূপ প্ৰদান কৰিলে । ইয়াৰ বাবে অসমৰ চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাস হ’ব ৰাজ্য চৰকাৰে গঠন কৰা অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাতুল মহন্ত হ’ব অষ্টম অসম দৰমহা আয়োগৰ সদস্য । আনহাতে অষ্টম অসম দৰমহা আয়োগৰ সদস্য হ’ব ৰাজ্যৰ বিত্ত বিভাগ, পাৰ্ছনেল বিভাগ, ন্যায়িক বিভাগৰ আয়ুক্তসকল ।"

মুখ্যমন্ত্রীয়ে লগতে কয়,"জলজীৱন মিছনৰ অধীনত চলি থকা আঁচনিসমূহ সম্পৰ্ণ কৰাৰ বাবে অপাৰেচন এণ্ড মেইণ্টেনেন্স পলিচীত কেবিনেটে অনুমোদন জনায় । ইয়াৰ দ্বাৰা কেন্দ্ৰৰ পৰা পাবলগীয়া পুঁজি লাভ কৰিব পৰা যাব আৰু আঁচনি সমূহ সম্পূৰ্ণ কৰিব পৰা যাব । আনহাতে ধেমাজি নগৰত ৰাজহ আইন অনুসৰি পাঁচ কিলোমিটাৰ পৰ্যন্ত মাটি আৱণ্টনৰ ক্ষেত্রত ডেৰ কঠাৰ বেছি মাটি পোৱা নাছিল । কেবিনেটৰ অনুমোদন অনুসৰি ধেমাজিৰ ক্ষেত্রত এই আইন শিথিল কৰা হয় ।"

তেওঁ পুনৰ কয়, "সেই অনুসৰি এতিয়া চহৰৰ এক কিলোমিটাৰৰ পৰা পাঁচ কিলোমিটাৰ পৰ্যন্ত অঞ্চলটোক গাঁও হিচাপে ধৰা হ'ব । ইয়াৰ ফলত এটা পৰিয়ালে চৰকাৰৰ পৰা ৭ বিঘা পৰ্যন্ত মাটি পাব পাৰিব । সেইদৰে ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্রীয়ে আই আই এমৰ অস্থায়ী চৌহদ মুকলি কৰিব । কেবিনেটে আই আই এমৰ স্থায়ী চৌহদৰ বাবে ভূমিৰ আৱণ্টন দিয়ে। কেবিনেটে মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিখন ৰূপায়ণৰ বাবে ৮০০ কোটি টকা মঞ্জুৰ কৰে । সেইদৰে কেবিনেটে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ বাবে সৰ্থেবাৰীত ১০০ বিঘা ভূমি আৱণ্টন দিয়ে । আনহাতে জৱাহৰ নৱোদয় বিদ্যালয় স্থাপনৰ বাবে কেবিনেটে শোণিতপুৰ জিলা, চৰাইদেউ জিলা আৰু কামৰূপ মহানগৰ জিলাত ভূমিৰ আৱণ্টন দিয়ে ।"

লগতে পঢ়ক: বিধানসভা নিৰ্বাচনৰ বুজ ল'বলৈ দুদিনীয়া কাৰ্যসূচীৰে অসমত নিৰ্বাচন আয়োগৰ দল

কাজিয়া-পেচাল কৰি ১০ জন মানুহে বাছত উঠি পিকনিক খোৱাৰ দৰে ঘূৰি ফুৰিছে, এইটো কি ৰাজনীতি ? কথাটো বুজা নাই মুখ্যমন্ত্ৰীয়ে