ETV Bharat / politics

বাজপেয়ী ভৱনৰ ৫০১ নম্বৰ কোঠাৰ ৰহস্য : কি ক'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

বাজপেয়ী ভৱনৰ ৫০১ নম্বৰ কোঠাক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ । সাংবাদিকক ক'লে, "চাই আহক..."।

CM reacts regarding the controversy Room No-501 of Bajpayee Bhawan
৫০১ নম্বৰ কোঠাৰ ৰহস্য : কি ক'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2026 at 3:29 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: বিজেপি দলৰ পৰা টিকট বঞ্চিত হোৱাৰ পাছতে জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাসে এটা বিস্ফোৰক অভিযোগ আনিছিল । ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনৰ ৫০১ নং কোঠাত দহ হাজাৰ ফেক একাউণ্টৰ জৰিয়তে ভুৱা প্ৰচাৰ চলোৱা হয় আৰু দৰমহা দি নিয়োজিত কৰি ৰখা হৈছে কমবয়সীয়া যুৱক-যুৱতীক । এই আভিযোগ আছিল জয়ন্ত কুমাৰ দাসৰ ৷

এই অভিযোগৰ পাছতে বাজপেয়ী ভৱনৰ ৫০১ নং কোঠাক লৈ অসম জাতীয় পৰিষদকে ধৰি বিৰোধী পক্ষ সৰৱ হৈ পৰিছে । আনকি অসম জাতীয় পৰিষদে কোঠাটো ছীল কৰাৰ দাবী জনাইছে । বিৰোধীৰ এনে অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

৫০১ নম্বৰ কোঠাৰ ৰহস্য : কি ক'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই (ETV Bharat Assam)

বুধবাৰে নিশা বাজপেয়ী ভৱনত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে সাংবাদিকক উদ্দেশ্যি কয়,"৫০১ ত কি আছে আপোনালোক সকলো গৈ চাই আহক । সকলোৱে গৈ চাই আহো বলক । এইটো কোনো আলফাৰ ঘাটি নহয় । আপোনালোকে চৰ্চা চলাই আছে, তাৰ পৰিৱৰ্তে উঠি গৈ চাই আহক । তাৰ মানে চৰ্চা চলাই ভাল পায় ? এবাৰ গৈ ৫০১ কোঠাটো চাই আহক, দিলীপ শইকীয়াই তাতে চাহ খুৱাব ।"

মুখ্যমন্ত্রীয়ে লগতে কয়, "অভিযোগ কোনোবাই কৰিছে আৰু অভিযোগটো চলাই আছে কোনোবাই । অভিযোগটো আপোনালোকে দিনে-ৰাতিয়ে চলাই আছে । এবাৰ চাই আহিলেই অভিযোগটো শেষ হৈ যায় । কেৱল ৫০১ নম্বৰ কোঠাই নহয়, বিজেপি অফিচৰ প্ৰতিটো ৰূম আৰু প্ৰত্যেকটো ফাইল আপোনালোকে চাব পাৰে । কম্পিউটাৰ, ফাইল সকলো চাব পাৰে । মই বহা স্থান, ড্ৰ'য়াৰ যি চাব বিচাৰে চাব পাৰিব । কেতিয়া যাব কওঁক ? নহ'লে এতিয়াই বলক ।"

আনহাতে ৰন্ধন গেছ আৰু ইন্ধনৰ নাটনি সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "অসমত পেট্ৰ’ল আৰু ডিজেলৰ কোনো ধৰণৰ নাটনি হোৱা নাই । ৰাজ্যবাসীয়ে ইন্ধনৰ নাটনিৰ শংকাত ভোগাৰ কোনো কাৰণ নাই । পৰ্যাপ্ত পেট্ৰ'ল আৰু ৰন্ধন গেছ আছে । গতিকে চিন্তা কৰিব নালাগে । বেছিকৈ পেট্ৰ’ল কিনি থ’ব নালাগে । বেছিকৈ কিনিলে বেছিকৈ টকাহে খৰচ হ’ব । ভাৰত চৰকাৰে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিছিল । ভাৰতত কোনোধৰণৰ সংকট হোৱা নাই । মই আহ্বান জনাইছোঁ যে কোনেও বেছিকৈ তেল কিনিব নালাগে ।"

লগতে পঢ়ক: বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰিবলৈ গৌৰৱ গগৈয়ে সাত জনম ল'ব লাগিব : সৰ্থেবাৰীত মুখ্যমন্ত্ৰীৰ হুংকাৰ

অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ : ২৫ টা মূল প্ৰতিশ্ৰুতি