ETV Bharat / politics

গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ সংবাদমেলক ফ্লপ শ্ব' আখ্যা অসম জাতীয় পৰিষদৰ

অজাপই অসমৰ বিভিন্ন স্থানত কংগ্ৰেছ দলৰ ৰাজনৈতিক কাৰ্যসূচীত বিজেপি দলে প্ৰদৰ্শন কৰা অভব্য আচৰণক গৰিহণা দিছে ।

GAURAV GOGOI PAKISTAN LINK ROW
অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু সভাপতি লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 8, 2026 at 10:48 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে দেওবাৰে সম্বোধন কৰা সংবাদমেলখনক হাস্যকৰ আখ্যা দিছে অসম জাতীয় পৰিষদ চমুকৈ অজাপই । অজাপই অসমৰ বিভিন্ন স্থানত কংগ্ৰেছ দলৰ ৰাজনৈতিক কাৰ্যসূচীত বিজেপি দলে প্ৰদৰ্শন কৰা অভব্য আচৰণক গৰিহণা দিছে ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত পাকিস্তানী এজেণ্টৰ অভিযোগটো আজিৰ সংবাদমেলত প্ৰমাণ কৰিব নোৱাৰিলে । মুখ্যমন্ত্ৰীয়ে আনকি অসম আৰক্ষীৰ এছ আই টিক ৰাজনৈতিক প্ৰয়োজনত ব্যৱহাৰ কৰি আৰক্ষীকো হাঁহিয়াতৰ পাত্ৰ কৰি তুলিলে । আৰক্ষীৰ ৰাজনৈতিক ব্যৱহাৰে আৰক্ষীৰ ওপৰত বিশ্বাসযোগ্যতা আৰু ৰাইজৰ আস্থা হ্ৰাস কৰিব ।"

আনহাতে বিজেপি দলৰ প্ৰসংগত অজাপৰ নেতাদ্বয়ে কয়, "বিজেপি দলে আৰম্ভ কৰা অমাৰ্জিত, অগণতান্ত্ৰিক কৰ্ম-কাণ্ডই সকলোকে হতবাক কৰাই নহয়, ই ভয়াৱহ ভবিষ্যতৰো ইংগিত বহন কৰিছে । বিজেপিয়ে কৰা এই আচৰণত গণতন্ত্ৰৰ প্ৰতিফলন হোৱা নাই বৰং গুণ্ডাতন্ত্ৰৰহে প্ৰতিফলন হৈছে ।"

কংগ্ৰেছৰ 'সময় পৰিৱৰ্তনৰ যাত্ৰা'ত বিজেপি কৰ্মীয়ে কৰা আক্ৰমণৰ ঘটনাত প্ৰতিক্ৰিয়া ব্যক্তি কৰি অজাপৰ নেতাদ্বায়ে কয়, "বিৰোধী দলক ৰাজনৈতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বাধা দিয়া তথা ৰাজপথত ৰাজনৈতিক কাৰ্যসূচীৰ মধ্যভাগতে বিৰোধ প্ৰদৰ্শনৰ দৰে কাৰ্যই গণতন্ত্ৰক অতি ভয়াৱহভাৱে আক্ৰমণ কৰিছে ৷ আজি বিজেপিত থাকি কংগ্ৰেছক আক্ৰমণ কৰাসকলেই এদিন কংগ্ৰেছত থাকোতে বিজেপিকো আক্ৰমণ কৰিছিল । এদিন এইসকলেই পুনৰ অন্য দললৈ গৈ পুনৰ বিজেপিকেই আক্ৰমণ কৰিব । সময় থাকোতেই শুধৰণি হোৱাটো ভাল । কিয়নো সময় বৰ নিষ্ঠুৰ । এই বিষাক্ত বতাহজাকে এদিন বিজেপিকো চুবগৈ ।"

উল্লেখ্য যে সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিবাৰৰ পাকিস্তান সংযোগ সন্দৰ্ভত এছ আই টিয়ে তদন্ত কৰি দিয়া প্ৰতিবেদনৰ ভিত্তিত দেওবাৰে দিছপুৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে । ১০ ছেপ্টেম্বৰতে এছ আই টিয়ে তদন্তৰ প্ৰতিবেদন মুখ্যমন্ত্রীক অৰ্পণ কৰিছিল । এই বিষয়টোক কেন্দ্ৰ কৰি দীৰ্ঘদিন ধৰি ৰাজ্যৰ ৰাজনীতিত বিতৰ্ক আৰু উৎকণ্ঠা অব্যাহত আছিল ।

অৱশেষত সকলো বিতৰ্ক আৰু উৎকণ্ঠাৰ অৱসান ঘটাই দেওবাৰে মুখ্যমন্ত্রীয়ে বহু প্ৰতীক্ষিত সংবাদমেলখন সম্বোধন কৰে । অৱশ্যে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে দিয়া মুখ্যমন্ত্রীৰ এই সংবাদমেলখনক বিৰোধীয়ে ফ্লপ শ্ব' আখ্যা দিছে ৷

লগতে পঢ়ক: গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান সংযোগ : তথ্য প্ৰমাণ সহকাৰে ৰাজহুৱা কৰিলে মুখ্যমন্ত্রীয়ে