ETV Bharat / politics

বিহাৰৰ ৰাজনীতিত হোলীৰ ৰং ! নীতিশপুত্ৰ নিশান্ত কুমাৰ আহি আছে ৰাজনীতিলৈ

"হোলী উপলক্ষে ঘোষণা কৰিব বিচাৰিছো যে সমগ্ৰ ৰাজ্যতে চৰ্চিত হৈ থকা নিশান্ত কুমাৰে অতি সোনকালে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিব... ৷" পঢ়ক সবিশেষ ৷

Nishant Kumar
নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 3, 2026 at 2:47 PM IST

2 Min Read
Choose ETV Bharat

পাটনা: ভাৰতৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত আৰু এক নতুন মাত্ৰা দি এইবাৰ ৰাজনীতিত প্ৰৱেশ কৰিবলৈ ওলাইছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰ ৷ 49 বছৰীয়া কিন্তু এতিয়াও আবিবাহিত নীতিশপুত্ৰৰ ৰাজনীতিলৈ আগমনৰ বিষয়ে সদৰী কৰিছে বিহাৰ চৰকাৰৰ মন্ত্ৰী তথা জে ডি ইউৰ নেতা শ্ৰৱণ কুমাৰে । তেওঁ কয়, "হোলী উপলক্ষে আপোনালোকক এটা ডাঙৰ খবৰ দিম- নিশান্ত কুমাৰে ৰাজনীতিত প্ৰৱেশ কৰিবলৈ ওলাইছে ।"

শ্ৰৱণ কুমাৰে কয়, "হোলী উপলক্ষে মই ঘোষণা কৰিব বিচাৰিছো যে দীৰ্ঘদিন ধৰি সমগ্ৰ ৰাজ্যতে চৰ্চিত হৈ থকা নিশান্ত কুমাৰে অতি সোনকালে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিব ৷ বিশেষকৈ যিহেতু বিহাৰৰ ৰাইজে তেওঁক দীৰ্ঘদিন ধৰি পৰামৰ্শ আৰু দাবী জনাই আহিছে, গতিকে এই পদক্ষেপে তেওঁক ৰাজনীতিত প্ৰৱেশ কৰিবলৈ কোৱা বহু যুৱকৰ দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ কৰিব । তেওঁৰ ৰাজনৈতিক যাত্ৰা অব্যাহত ৰখাৰ সময়ত তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।"

এই সন্দৰ্ভত শ্ৰৱণ কুমাৰে আৰু কয়, "এই বিষয়ে দলেই চূড়ান্ত সিদ্ধান্ত ল'ব, কিন্তু মই কৈছোঁ যে তেওঁ আহিব ৷ তেওঁৰ আগমন নিশ্চিত । তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিলে বহু সম্ভাৱনাৰ দুৱাৰ খোল খাব, এনে পৰিস্থিতিত আমাৰ দলৰ জ্যেষ্ঠ নেতাই তেওঁৰ ভূমিকা নিৰ্ণয় কৰিব ।"

নিশান্ত ৰাজ্যসভালৈ যাব নেকি:

অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও শ্ৰৱণ কুমাৰে নিশান্তৰ ৰাজনৈতিক প্ৰৱেশৰ কথা কৈছিল । তেওঁ পূৰ্বে উল্লেখ কৰিছিল যে নিশান্তৰ কোনো অৰ্হতাৰ অভাৱ নাই আৰু তেওঁ সক্ষম । কিন্তু নিশান্তই নিজে এটা সিদ্ধান্ত ল’ব লাগিব আৰু নীতিশ কুমাৰেও এটা সিদ্ধান্ত ল’ব লাগিব, তেতিয়াহে বিষয়টো আগবাঢ়িব । ইফালে ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত বিহাৰতো নিশান্তৰ নাম চৰ্চা চলি আছে ।

লগতে পঢ়ক: মুখ্য়মন্ত্ৰীয়ে ১ লাখ ৯৭ হাজাৰ টকাৰ ঘড়ী উপহাৰ দিলে ভাগিনক