বিৰোধী মিত্ৰজোঁটৰ 'মুখপাত্ৰৰ' ৰূপত মুখ্যমন্ত্ৰী ! ঘোষণা কৰিলে কোনে কেইখন আসন পাব
শদিয়া, খোৱাং অজাপে পাব । চি পি এম, চি পি আই এমেও পাব আসন । মাত্ৰ অখিল গগৈৰ ৰাইজৰ দলহে অসন্তুষ্ট । মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী ।

Published : February 23, 2026 at 6:29 PM IST
গুৱাহাটী : "কংগ্ৰেছ দল আৰু এজেপিৰ মিত্ৰতা প্ৰায় সম্পূৰ্ণ হৈছে । বিন্নাকান্দিকে আদি কৰি খোৱাং, বঢ়মপুৰ, শদিয়া আদি ছীট এজেপি দলক কংগ্ৰেছে দিব । এ পি এইছ এল চি বুলি যিটো দল আছে তেওঁলোককো দুখন আসন কাৰ্বি আংলং জিলাত দিয়াটো ঠিক কৰিছে । যিমানদূৰ মই জানো চি পি এমক দুখন আৰু চি পি আইক এখন আসন দিবলৈ ঠিক কৰিছে । কিন্তু ৰাইজৰ দলৰ লগত এতিয়াও বুজাবুজিত উপনীত হ'ব পৰা নাই । আমি শুভেচ্ছা জনাম যাতে তেওঁলোকে ৰাইজৰ দলকো লগত লয় ।" এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ।
বিৰোধীৰ মিত্ৰজোঁটৰ আসন বিতৰণ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিৰোধী মিত্ৰজোঁটৰ মুখপাত্ৰৰ ৰূপত এই তথ্য দাঙি ধৰে মুখ্যমন্ত্ৰীয়ে । গুৱাহাটীত এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে বিৰোধী মিত্ৰজোঁটৰ ভিতৰুৱা খবৰ যে সকলো জানে সেই কথা প্ৰতিপন্ন কৰিবলৈ দৃঢ়তাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।
উল্লেখ্য যে বিধানসভাৰ নিৰ্বাচন সমাগত । ইতিমধ্যে শাসক-বিৰোধী উভয়ে নিৰ্বাচনৰ ৰণকৌশল ৰচাৰ কামত ব্যস্ত । লগতে কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব তাক লৈয়ো চলি আছে গুণাগথা । বিশেষকৈ বিৰোধী মিত্ৰজোঁটৰ মাজত ইয়াকে লৈ চৰ্চা তীব্ৰতৰ হৈছে । কিয়নো কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্যৰ বিৰোধী মিত্ৰজোঁটৰ মাজত আসন বুজাবুজি এতিয়াও সম্পূৰ্ণ হোৱা নাই । ইতিমধ্যে ওলাৱা খবৰৰ ভিত্তিত ৰাইজৰ দলে সম্ভাব্য আসন আৱণ্টনক লৈ তীব্ৰ অসন্তুষ্টি প্ৰদৰ্শন কৰিছে । আন এক অন্যতম অংশীদাৰ দল অসম জাতীয় পৰিষদেও এই ক্ষেত্ৰত কিছু এৰা-ধৰা কৰিবলৈ কংগ্ৰেছক আহ্বান জনাইছে ।
কিন্তু তাৰ মাজতে মুখ্যমন্ত্ৰীৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে । কিয়নো বহু সময়ত মুখ্যমন্ত্ৰীয়ে দাবী কৰি আহিছে যে তেওঁ কংগ্ৰেছ তথা বিৰোধীৰ ভিতৰুৱা খবৰ সকলো জানে । কেৱল সেয়াই নহয়, আগন্তুক নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছ তথা বিৰোধী মিত্ৰজোঁটৰ নিৰ্বাচনী কুচকাৱাজ সন্দৰ্ভতো ভৱিষ্যদ্বাণী কৰি আহিছে । এইবাৰ বিৰোধী মিত্ৰজোঁটৰ এগৰাকী প্ৰধান মুখপাত্ৰৰ ৰূপত আৰু বিৰোধী শিবিৰৰ সকলো খবৰ যে তেওঁৰ নখ দৰ্পণত সেইটো প্ৰতিপন্ন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত দাঙি ধৰে বিৰোধীৰ আসন বুজাবুজি আৰু সম্ভাব্য প্ৰাৰ্থীৰ সমষ্টিৰ তালিকা ।
ইয়াৰ মাজতে আগন্তুক দুদিনৰ ভিতৰত কংগ্ৰেছে ঘোষণা কৰাৰ সম্ভাৱনা আছে বিৰোধী মিত্ৰজোঁটৰ আসন বুজাবুজি আৰু সমষ্টিৰ তালিকা । কিন্তু ইয়াৰ পূৰ্বে ইতিমধ্যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছৰ ওপৰত অসন্তুষ্টি ব্যক্ত কৰি অধিক আসনৰ দাবীত আঁকোৰগোজ হৈ আছে । তেনেক্ষেত্ৰত কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত ৰাইজৰ দলৰ স্থিতি কি হ'ব আৰু মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী ফলিয়াবনে নাই সেইটো লক্ষণীয় হ'ব ।
উল্লেখ্য যে সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যসূচীত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে 'মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা' উদ্বোধন কৰে । এই যোজনাৰ জৰিয়তে ৰাজ্যত গ্ৰামীণ জীৱিকা শক্তিশালীকৰণ আৰু কৃষি খণ্ডৰ বিকাশৰ দিশত এক নতুন গতি সঞ্চাৰ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ।
অনুষ্ঠানত দীনদয়াল অন্ত্যোদয়া যোজনা–ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা মিছন (DAY-NRLM) আৰু ষ্টাৰ্ট-আপ সহায়ক যোজনাৰ (SAY) অধীনত মুঠ ১২০ কোটি টকাৰ আৰ্থিক সাহায্যৰ আনুষ্ঠানিক বিতৰণ কৰা হয় । একে সময়তে গ্ৰামীণ পৰিয়ালসমূহৰ আয় বৃদ্ধিৰ লক্ষ্যৰে 'সমাৱেশী আজীৱিকা যোজনা'ও উদ্বোধন কৰা হয় ।
প্ৰযুক্তিনিৰ্ভৰ শাসন ব্যৱস্থাৰ অংশ হিচাপে মুখ্যমন্ত্ৰীয়ে RuralOne এপ, AI-চালিত ডিজিটেল গ্ৰাম সহায়ক, প্ৰধানমন্ত্ৰী আৱাস যোজনা–গ্ৰামীণ (PMAY-G)ৰ অধীনত সামাজিক অডিট প্লেটফৰ্ম আৰু 'কৃষি সাৰথি' এপ মুকলি কৰে । এই প্লেটফৰ্মসমূহে সেৱা প্ৰদানৰ গতি বৃদ্ধি, স্বচ্ছতা নিশ্চিতকৰণ আৰু কৃষকসকলক সময়োপযোগী পৰামৰ্শ আৰু বজাৰ সংক্রান্তীয় তথ্য আগবঢ়াব বুলি চৰকাৰে জনায় ।
অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল PMAY-Gৰ এক লাখ উপভোক্তাৰ গৃহ প্ৰৱেশ কাৰ্যসূচী । ইয়াৰ জৰিয়তে গ্ৰামীণ আৱাস আৰু সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰা হয় ।

