ETV Bharat / politics

পলাশবাৰীত তৃতীয় বিকল্পৰ সন্ধান কৰিব লাগিব : হেমাংগ ঠাকুৰীয়াৰ সন্মুখতে মুখ্যমন্ত্ৰীৰ মন্তব্য

পলাশবাৰীত কোনে লাভ কৰিব টিকট ? বিধায়ক হেমাংগ ঠাকুৰীয়াৰ সন্মুখতে মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য ।

CM Himanta Biswa Sharma announces to explore a third option in Palashbari
মহিলা উদ্যমিতা অভিযান আচঁনিৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে (@himantabiswa X)
author img

By ETV Bharat Assamese Team

Published : January 16, 2026 at 5:10 PM IST

2 Min Read
Choose ETV Bharat

মিৰ্জা: "পলাশবাৰীত বিধায়ক হ'ব খোজা দহজন আছে । বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু হিমাংশু শেখৰ বৈশ্যই নিজেই হাংগামা কৰি থাকে । গতিকে তৃতীয় বিকল্পৰ সন্ধান কৰিব লাগিব ।" পলাশবাৰী বিধানসভা সমষ্টিৰ আৰ বি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেল পথাৰত মহিলা আত্মসহায়ক গোটৰ প্ৰায় ৩৬ হাজাৰ সদস্যাৰ মাজত মহিলা উদ্যমিতা অভিযান আচঁনিৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰি দুয়োৰে সন্মুখতে এইদৰেই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

"স্বামী বিচনাত শুই আছে আৰু মহিলাসকলে পুৱাই সভালৈ আহিছে । এয়াই পৰিৱৰ্তন ।" এই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, "অসমত ৩২ লাখ মহিলাই এই চেক লাভ কৰিব । এইখন ৭২ নম্বৰ সভা । এই আচঁনিৰ জৰিয়তে মহিলাসকলৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰাটোৱেই মূল উদ্দেশ্য । পৰীক্ষাত উত্তীৰ্ণ হোৱা মহিলাক পুনৰ ২৫ হাজাৰ টকাকৈ দিয়া হ'ব । পলাশবাৰীৰ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত ২ হাজাৰ মহিলাক অৰুণোদয় আঁচনিৰ ব্যৱস্থা কৰি দিম । অৰুণোদয় আঁচনিৰ ৪০ লাখ মহিলাক ২০ ফেব্ৰুৱাৰীত ৮ হাজাৰ টকাকৈ একাউণ্টৰ জৰিয়তে দিয়া হ'ব ।"

মহিলা উদ্যমিতা অভিযান আচঁনিৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিনামূলীয়া পাঁচ লাখ টকাৰ চিকিৎসা সাহায্য প্ৰদান কৰাৰ কথা উল্লেখ কৰি বিজেপিৰ চৰকাৰ হ'লে চাউল, দাইল, চেনি, মিঠাতেল ফ্ৰী দিয়া হ'ব বুলি ঘোষণা কৰে । অংগনাবাড়ী কেন্দ্ৰসমূহৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, "কংগ্ৰেছৰ দিনত অংগনাবাড়ী কেন্দ্ৰবোৰ পাৰ চৰাইৰ বাঁহৰ দৰে আছিল ।"

লগতে তেওঁ কয়, "দক্ষিণ কামৰূপত উন্নয়নৰ গংগা বৈ আহিছে । কাজিৰঙাৰ ওপৰত ৩৬ কিলোমিটাৰ দৈৰ্ঘৰ উৰণ সেতু নিৰ্মাণ হ'ব ।"

ল্লেখ্য যে এই চেক বিতৰণী অনুষ্ঠানত কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, কামৰূপৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলি কলিতা মেধী, অঞ্জন গোস্বামী, নিপন ভূঞা আদি উপস্থিত থাকে ।

লগতে পঢ়ক: ১৯ জানুৱাৰীত মনোনয়ন, ২০ জানুৱাৰীত ঘোষণা হ'ব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম

অসমত অনুপ্ৰৱেশ জটিল সমস্যা, জীয়াই থাকিবলৈ সংগ্ৰাম কৰি আছোঁ : ড৹ হিমন্ত বিশ্ব শৰ্মা