বাংলাদেশী মূলৰ মুছলিম অধ্যুষিত আসনক লৈহে বিৰোধীৰ খোৱা কামোৰা লাগিছে : মুখ্যমন্ত্ৰী
অসম আৰু অসমীয়াৰ মাজত নাই কংগ্ৰেছ । অখিল গগৈৰ সৈতে কংগ্ৰেছৰ সংঘাতৰ কাৰণ ব্য়াখ্য়া মুখ্য়মন্ত্ৰীৰ ।

Published : March 3, 2026 at 3:51 PM IST
নগাঁও : বিৰোধীয়ে কি কৰি আছে সেই বিষয়ত গুৰুত্ব নিদিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তথাপি অখিল গগৈৰ লগত কংগ্ৰেছৰ সংঘাত কিহক লৈ চলি আছে সেই কথা ভালদৰে জানে মুখ্যমন্ত্ৰীয়ে । এই সন্দৰ্ভত সকলো কথাই বিবৰি ক'লে মুখ্যমন্ত্ৰীয়ে । কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰৱ হোৱাৰ সময়তেই ব্যাখ্য়া কৰিলে বিৰোধীৰ সংঘাতৰ মুখ্য় কাৰণ ।
অসম আৰু অসমীয়াৰ মাজত নাই কংগ্ৰেছ :
মঙলবাৰে গুৰুজনাৰ জন্মস্থানত উপস্থিত হৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "কংগ্ৰেছৰ যিখিনি ছীটৰ বাবে তেওঁলোকৰ খোৱা কামোৰা হৈ আছে সেইখিনি হ'ল বাংলাদেশী মূলৰ মুছলিম জনসংখ্য়া থকা ছীট । সেইবোৰতহে খোৱা কামোৰা চলি আছে । তাৰ পৰা অসমৰ ৰাইজে এটা কথা বুজি পোৱা উচিত যে কংগ্ৰেছ দল অসম আৰু অসমীয়াৰ মাজত নাই । এই কথাটো আজি জলজল পটপট হৈ আহিছে ।"
অখিল গগৈৰ সৈতে কংগ্ৰেছৰ সংঘাতৰ কাৰণ :
অখিল গগৈৰ সৈতে কংগ্ৰেছৰ সংঘাতৰ কাৰণ ব্য়াখ্য়া কৰি মুখ্য়মন্ত্ৰীয়ে কয়,"অখিল গগৈৰ লগতো কোন কেইটা ছীটক লৈ কাজিয়া হৈ আছে, বাংলাদেশী মূলৰ মুছলিম ছীটকেইটা । তাৰমানে মই প্ৰথমৰ পৰাই কৈ আহিছো তেওঁলোক নাটক কৰাটো বাদ দি অসম আৰু অসমীয়াৰ লগত নাই । যদি যোৰহাট বা ডিব্ৰুগড়ক লৈ কাজিয়া হয় তেতিয়া আপোনালোকে বুজি পাব । তেওঁলোকে আত্মাটো বা তেওঁলোকৰ আত্মঅভিমান, স্বাভিমান বাংলাদেশী মূলৰ মানুহক বন্ধকত দি থৈ দিছে । তাৰ পৰাই কংগ্ৰেছ চলিব আৰু টিকট লাগিব, মাৰপিট হ'ব, যি হয় তাতেই হ'ব । বাকী ঠাইত তেওঁলোকক মানুহেও নিবিচাৰে আৰু তেওঁলোকেও মানুহক নিবিচাৰে ।"
বিগত তিনিদিনে দৈনিক ১৪ ঘণ্টাকৈ গাড়ীৰ ওপৰতে থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “বিৰোধীয়ে কি কৰি আছে মই এইকেইদিন চাবলৈ সময় পোৱা নাই; কিন্তু বাংলাদেশী মুছলমান অধ্যূষিত সমষ্টিকেইটাক লৈহে তেওঁলোকৰ খোৱা কামোৰা চলি আছে ।”
শিৱামণি বৰাক কটাক্ষ মুখ্য়মন্ত্ৰীৰ :
বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাক ধিং সমষ্টিৰেই বিধায়ক বুলি কটাক্ষ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “অসমৰ ৰাইজে এটা কথা বুজি পোৱা উচিত যে কংগ্ৰেছ দল অসম আৰু অসমীয়াৰ মাজত নাই । এই কথাটো জলজল পটপটকৈ ওলাই আহিছে ।"

