ETV Bharat / politics

অখিল গগৈৰ কথা ধৰা বৰ টান : মুখ্যমন্ত্ৰী

বৰপেটাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । অখিল গগৈক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ ।

CM Himanta Biswa Sarma sharply criticizes Akhil Gogoi in Barpeta
নিৰ্মাণ কৰা আৱৰ্ত ভৱন মুকলি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 4, 2026 at 7:10 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা: "অখিল গগৈৰ কথা ধৰা বৰ টান । আজি কি কৈছে, কাইলৈ ৰাতিপুৱা কি ক'ব সেই কথাটো ধৰা টান । গতিকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিনটোলৈকে অখিল গগৈয়ে কি কৰিব, কি নকৰিব সেই বিষয়ে খাটাংকৈ একো ক'ব নোৱাৰিব ।" বুধবাৰে বৰপেটাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয় ।

বুধবাৰে বৰপেটাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত প্ৰায় ১৪ কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিকভাৱে নিৰ্মাণ কৰা আৱৰ্ত ভৱনটো মুকলি কৰে মুখ্যমন্ত্ৰীয়ে । আৱৰ্ত ভৱনটো মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰপেটা সত্ৰ দৰ্শনৰ লগতে বৰপেটালৈ অহা বিশিষ্ট অতিথিসকল এই আৱৰ্ত ভৱনটোত থাকিব পাৰিব বুলি প্ৰকাশ কৰে ।

অখিল গগৈৰ কথা ধৰা বৰ টান: মুখ্যমন্ত্ৰী (ETV Bharat Assam)

মুখ্যমন্ত্ৰীয়ে জনোৱামতে,"নতুনকৈ নিৰ্মাণ কৰা আৱৰ্ত ভৱনটোত ৰাষ্ট্ৰপতি অথবা প্ৰধানমন্ত্ৰীৰ লগতে তেনে উচ্চ পৰ্যায়ৰ বিশিষ্ট অতিথিসকল থাকিব পৰাকৈ দুটা বিশেষ কোঠাও নিৰ্মাণ কৰা হৈছে । আৱৰ্ত ভৱনটোত ২০টা কোঠা থকাৰ লগতে ৭০গৰাকী লোক বহিব পৰাকৈ এটা সভাকক্ষ নিৰ্মাণৰ লগতে ভৱনটোত আন ১৮টা কোঠা থাকিব । পৰৱৰ্তী সময়ত বৰপেটাত ইণ্টিগ্ৰেটেড ডি চি অফিচ নিৰ্মাণৰ পদক্ষেপ ল'ব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ।"

ইপিনে মুখ্যমন্ত্ৰীয়ে বৰপেটাৰ সত্ৰসমূহৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কেও প্ৰকাশ কৰে । তেওঁ কয়,"পাটবাউসীৰ শংকৰদেৱ সত্ৰ আৰু দামোদৰদেৱ সত্ৰ উন্নয়নৰ কাম চলি থকাৰ লগতে চূণপোৰা ভিঠিৰ উন্নয়নৰ কাম চলি আছে । ভৱিষ্যতে মাধৱদেৱ গুৰুজনাৰ সুন্দৰীদিয়া সত্ৰ আৰু মহাপুৰুষ হৰিদেৱৰ বহৰি সত্ৰ উন্নয়নৰ পৰিকল্পনা আছে ।"

CM Himanta Biswa Sarma sharply criticizes Akhil Gogoi in Barpeta
বৰপেটাত নতুনকৈ নিৰ্মাণ কৰা আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

বৰপেটাৰ গণককুছি সত্ৰৰ পৰা মধুপুৰলৈ সত্ৰসমূহৰ উন্নয়নৰ পৰিকল্পনা আছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । ৰাজ্য চৰকাৰে এইটো কাৰ্যকালত অসমত ডেৰ লাখ বিঘা ভূমি বেদখলমুক্ত কৰাৰ পিছত অহা পাঁচ বছৰত অসমত ৫ লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হ'ব বুলি প্ৰকাশ কৰে ।

লগতে মুখ্যন্ত্ৰীগৰাকীয়ে কয়,"কিন্তু বিৰোধী য'ত থাকে থাকিব, বিজেপি, এজিপি, বিপিএফ, গণশক্তি, ৰাভা যৌথমঞ্চ আমাৰ যিটো পৰিকল্পনা সেইটো খুব সুন্দৰভাৱে চলি আছে আৰু নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদত আমি চৰকাৰ গঠন কৰিব পাৰিম ।" ইপিনে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়ত কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক: কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা নহ’লগৈ ! ১১ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ ৰাইজৰ দলৰ

চামগুৰিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি কি ক'লে তাঞ্জিল হুছেইনে ?