ETV Bharat / politics

মিঞাক লৈ কেতিয়াও বৰ অসম হ'ব নোৱাৰে: মুখ্যমন্ত্ৰী

'এটি কলি দুটি পাত' নামৰ এক বিশেষ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ । অখিল গগৈ তথা মিঞাক লৈ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

CM Himanta Biswa Sarma reacts regarding Akhil Gogoi and Miya in Doom Dooma
এটি কলি দুটি পাত' নামৰ আঁচনিৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 25, 2026 at 10:39 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া: ‘‘মোক আক্ৰমণ কৰিলে মই একো বেয়া নাপাওঁ । কাৰণ অসমৰ মানুহে মোক ২৫ বছৰে দেখিছে । এতিয়া নতুনকৈ মোৰ বিষয়ে কোৱাৰ দৰকাৰ নাই । আগতেও মোক অখিল গগৈয়ে ২০০৮-৯ ত মোক আক্ৰমণ কৰি আহিছে । যেতিয়াই মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰে তেতিয়াই মই দুটা ভোট বেছিকৈ পাওঁ । সেইকাৰণে মই ভালে পাইছোঁ আৰু বেছিকৈ কৰি থাকক’’ - ডুমডুমাত উপস্থিত হৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

তেওঁ লগতে কয়, ‘‘মই আগৰ পৰাই কৈ আছোঁ যে, অসমৰ জনগাঁথনি পৰিৱৰ্তনো হৈছে আৰু মিঞা মানুহৰ সংখ্যা বাঢ়িও গৈছে । দুয়োটা কথাই সঁচা । কিন্তু আমি যদি একেলগে অসমীয়াই একত্ৰিতভাৱে যুদ্ধ কৰে, তেতিয়াহ'লে আমাৰ অসমখন বাছি থাকিব । মিঞাক লৈ কেতিয়াও বৰ অসম হ'ব নোৱাৰে । কাৰণ মিঞা বাংলাদেশৰ পৰা আহিছে, মিঞাই ইয়াত বৰ বাংলাদেশ গঠন কৰিব, বৰ অসম তেওঁলোকে কিয় কৰিব ?’’

মিঞাক লৈ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

নিৰ্বাচনৰ দিন সন্দৰ্ভত শৰ্মাই কয়, ‘‘যোৱাবাৰ ২৭ ফেব্ৰুৱাৰীত ঘোষণা কৰা হৈছিল । এইবাৰ কেতিয়া হয় নিৰ্বাচন আয়োগে কৰিব । কিন্তু প্ৰায় ৭ দিন, ৮ দিন, সেই সময়চোৱাৰ ভিতৰতে প্ৰত্যেকবাৰে কৰি আহিছে ।’’

উল্লেখ্য যে তিনিচুকীয়া জিলাৰ চাহ নগৰী ডুমডুমাত দেওবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । অসম চাহৰ গৌৰৱোজ্জ্বল ২০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অসম চৰকাৰে চাহ শ্ৰমিকসকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰিছে 'এটি কলি দুটি পাত' নামৰ এক বিশেষ আঁচনি । এই আঁচনিৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকসকলক ৫০০০ টকাকৈ দিয়া হ'ব । 'এটি কলি দুটি পাত' আঁচনিৰ যোগেদি ৬ লাখ ৩ হাজাৰ ৯২৭ গৰাকী চাহ শ্ৰমিকক ৫,০০০ টকাকৈ প্ৰদান কৰিব । তিনিচুকীয়া জিলাৰ বিভিন্ন চাহ বাগিচাৰ সহস্ৰাধিক শ্ৰমিকৰ উপস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ ডুমডুমাত শুভ উদ্বোধন কৰে ।

CM Himanta Biswa Sarma reacts regarding Akhil Gogoi and Miya in Doom Dooma
মুখ্যমন্ত্ৰীৰ সভাত অংশগ্ৰহণ কৰা একাংশ (ETV Bharat Assam)

বিশাল সভাত ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চাহ শ্ৰমিকসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই কয়, ‘‘তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পাছত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ নিযুক্তিতো চাহ শ্ৰমিকৰ সন্তানৰ বাবে ৩ শতাংশ চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব । এতিয়াৰে পৰা চাহ শ্ৰমিকৰ সন্তানো প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ নিযুক্তিৰ জৰিয়তে মেজিষ্ট্ৰেট হ'ব ।’’

চাহ বাগিচা অঞ্চলত পূৰ্বৰ ১২০ খন হাইস্কুলৰ লগতে আৰু ১০০ খন হাইস্কুল নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰাৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

আনহাতে, ডুমডুমা নৈৰ দলঙৰ দক্ষিণ পাৰে ডুমডুমা পৌৰসভাই পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰ ৮৪ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা 'আদৰণি তোৰণ'খন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে । উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা, শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়া, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন, মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা আদি উপস্থিত থাকে ।

লগতে পঢ়ক: ৰাজীৱ ভৱনত মিঞাৰ উজান উঠিছে : মুখ্যমন্ত্রী

এছ আৰৰ যোগেদি অসমত বিষবাষ্প বিয়পাবলৈ বিচৰা হৈছে : বিৰোধীয়ে মুখ্য নিৰ্বাচনী বিষয়াক দিলে স্মাৰক পত্র