ETV Bharat / politics

জুবিন গাৰ্গৰ মৃত্যুৰ চার্জশ্বীটত 'ক' লিখা আছে নে 'খ' লিখা আছে বিৰোধীয়ে কেনেকৈ জানিলে ? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন

লামডিঙত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি কেইবাটাও বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ । অখিল গগৈক নিজৰ পৰিচয় দিবলৈ আহ্বান ।

Assam CM Lumding visit
লামডিঙত কেইবাটাও বিষয়ত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 16, 2025 at 7:58 PM IST

4 Min Read
Choose ETV Bharat

নগাঁও : মঙলবাৰে হোজাই জিলাৰ লামডিঙত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি কেইবাটাও বিষয়ৰ ওপৰত বিস্ফোৰক মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

বাংলাদেশৰ পৰা কংগ্ৰেছ, ৰাহুল গান্ধীকে ধৰি বিধায়ক অখিল গগৈকো কটাক্ষ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

লামডিঙত কেইবাটাও বিষয়ত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

বাংলাদেশ সন্দৰ্ভত মন্তব্য

মঙলবাৰে লামডিঙত বাংলাদেশ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, “বাংলাদেশত বিগত এবছৰ ধৰি উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ পৰা পৃথক কৰি বাংলাদেশৰ সৈতে চামিল কৰাৰ চর্চা চলি আছে । কিন্তু ভাৰতবৰ্ষ এখন শক্তিশালী ৰাষ্ট্ৰ, পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ । ভাৰত বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশ । গতিকে বাংলাদেশে কেনেকৈ এনে কৰিব পাৰিব । এইটো ভবাটোৱেই ভুল । কিন্তু বাংলাদেশৰ লোকৰ চিন্তা বেয়া । তেওঁলোকক বেছি সহায় কৰা উচিত নহয় । তেওঁলোককো সকীয়াই দিব লাগে । ভাৰতৰ লগত এনেধৰণৰ কৰিলে সহ্য কৰা নহ'ব ।"

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ মহিলাৰ হিজাবত স্পৰ্শ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এগৰাকী মহিলাৰ হিজাবত স্পৰ্শ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, “বিহাৰৰ মুখ্যমন্ত্ৰীৰ বয়স ৮০ বছৰ । তেওঁ এগৰাকী জ্যেষ্ঠ ব্যক্তি । তেওঁ যদি হিজাবত চুইছে, নেতিবাচকভাৱে ল'ব নালাগে । এজন দেউতাক বা ককাক বুলি ভাবিব লাগে । কাৰণ নীতিশ কুমাৰৰ যথেষ্ট বয়স হৈছে । কোনো ডেকা ল’ৰাই কৰা হ'লে বেলেগ কথা আছিল । তথাপিও ধৰ্মীয় নিয়ম কেনেদৰে কিয় কৰিব লাগে তেওঁ জানে ।"

বিৰোধীৰ সমালোচনাক লৈ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

আনহাতে, বিৰোধীয়ে কৰা সমালোচনা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “বিৰোধীয়ে কি কৈছে জানিবলৈ সকলো কাম বাদ দি ৰাতি ৰীল চাই থাকিব লাগিব । ৰীল চাই থকাটো মোৰ কাম হ'ব পাৰে জানো ? যিখিনি কথা ৰাজহুৱাভাৱে কোনেও দেখা নাই, বাতৰিকাকতেও উলিওৱা নাই । টিভিতো হেডলাইন হোৱা নাই, তেনেকুৱা কিমান কথা গুৰুত্ব দিম ?"

ইফালে জুবিন গাৰ্গৰ হত্যাকাণ্ড প্ৰসংগত এছ আই টিয়ে দাখিল কৰা চাৰ্জশ্বীটখন দুৰ্বল বুলি বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “জুবিন গাৰ্গৰ মৃত্যুৰ চার্জশ্বীটত কি আছে তেওঁলোকে কেনেকৈ জানিলে ? ন্যায়াধীশে চাৰ্জশ্বীটখন দুৰ্বল বুলি তেওঁলোকক ক'লে নেকি ? তেওঁলোকে ক'ৰ পৰা পঢ়িলে ? ভিতৰত 'ক' লিখা আছে নে 'খ' লিখা আছে তেওঁলোকে জানে জানো । বিৰোধীৰ যে কোনো জ্ঞান গভীৰতা নাই এই কথাই প্ৰমাণ কৰিছে । আদালতৰ কাম বিৰোধীয়ে কেনেকৈ কৰিব ?"

ৰাহুল, প্ৰিয়ংকাক ক্ষমা খোজাৰ দাবী

আনহাতে, কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “কংগ্ৰেছৰ নেতা আৰু কৰ্মীয়ে তেওঁলোকৰ গৰিমাৰ বাহিৰত গৈ কথা কয় । বিজেপি গৰিমাৰ বাহিৰত নাযায় । মোৰ অনুভৱ হয়, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে যিদৰে কথা কয় দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগে ।"

অখিল গগৈ কোন ?

বিধায়ক অখিল গগৈ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “অখিল গগৈয়ে আমাক সমালোচনা কৰিবলৈ তেওঁ কোন ? প্ৰথমে তেওঁৰ পৰিচয় দিয়ক । তেওঁৰ দলৰ কেইজন বিধায়ক আছে ? অসমৰ বাবে তেওঁ কি কি কৰিলে ? তেওঁতো বিভিন্ন সময়ত বিভিন্ন কথা কয় । তেওঁ কেতিয়াবা কংগ্ৰেছৰ প্ৰশংসা কৰে আৰু কেতিয়াবা সমালোচনা কৰে ।"

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, প্ৰধানমন্ত্ৰীয়ে ২০ তাৰিখে গুৱাহাটীত নতুন টাৰ্মিনেল উদ্বোধন কৰিব আৰু পিছদিনা নামৰূপ সাৰ কাৰখানাৰ আধাৰশিলা কৰিব । তেওঁ বিজেপি কাৰ্যাললৈ যাব আৰু শ্বহীদ স্মাৰকলৈও গৈ শ্বহীদসকলক শ্ৰদ্ধা জনাব ।"

উল্লেখ্য যে মঙলবাৰে হোজাই জিলাৰ লামডিং বিধানসভা সমষ্টিৰ ২৭ হাজাৰ মহিলাক মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । তেওঁৰ সৈতে উপস্থিত থাকে লামডিং বিধানসভা সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ ।

লগতে পঢ়ক :নেশ্যনেল হেৰাল্ড গোচৰ : ছোনিয়াৰ পিছত এইবাৰ আদালতৰ পৰা সকাহ পালে ৰাহুলেও
লগতে পঢ়ক :কথাবোৰ আজমলে ভবাৰ দৰে নহ'ল ! গৌৰৱে চেঁচাপানী ঢালি দিলে আজমলৰ আশাত