ETV Bharat / politics

কংগ্ৰেছৰ বিৰোধী ঐক্যৰ এইখন ছিৰিয়েল চলি থাকিব: মুখ্যমন্ত্ৰী

"অখিল গগৈয়ে ২০ খন আসন বিচাৰিব । শেষত এখনতে মানি ল'ব । লুৰীণ গগৈয়ে ১৫ খন বিচাৰি শেষত ৩ খন পাব ।" মুখ্যমন্ত্ৰীৰ কটাক্ষ ।

Assam CM on opposition alliance
কংগ্ৰেছৰ বিৰোধী ঐক্য এখন ছিৰিয়েল, নিৰ্বাচন আহিলে সঘনাই হয়: মুখ্যমন্ত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 12, 2025 at 6:52 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : পুনৰ বিৰোধী মহাজোঁটৰ বাবে আগবাঢ়িছে কংগ্ৰেছ । আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে এইবাৰ বিৰোধী ঐক্যৰ বাবে পুনৰ আগভাগ লৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে । ইয়াৰ বাবে মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।

এই বৈঠকত উপস্থিত থাকে দলটোৰ উত্তৰ-পূবৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকে ধৰি দলটোৰ সাংসদ-বিধায়কসকল । ইফালে কংগ্ৰেছৰ এই বিৰোধী ঐক্যৰ মিত্ৰতা সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

কংগ্ৰেছৰ বিৰোধী ঐক্য এখন ছিৰিয়েল, নিৰ্বাচন আহিলে সঘনাই হয়: মুখ্যমন্ত্ৰী (ETV Bharat Assam)

বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "ভূপেন বৰাৰ সভাপতিত্বৰ সময়ৰ পৰা সপ্তাহে দহদিনে মিটিং হৈ থকা দেখা পাই থাকোঁ । লিলি হোটেলত একেলগে চাহ-জলপান খাই নিজৰ মাজত আলোচনা কৰে । পিছত সেই একেখিনি মানুহে বাহিৰত আহি ইজনে সিজনক গালি পাৰে । এইখন ছিৰিয়েল বিগত চাৰে চাৰি বছৰে দেখিয়ে আহিছোঁ ।"

নিৰ্বাচন আহিলেই মিত্ৰতাৰ ধুম উঠে বুলি কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "এতিয়া নিৰ্বাচন আহিছে বাবে এনে ছিৰিয়েল আমি সঘনাই দেখি থাকিম । লিলি হোটেলত আহিব যাব, চাহ খাব, গালি দিব, আকৌ লগ হ'ব । আমাৰ এন ডি এৰ মিত্ৰতা তেনে নহয় । মিত্ৰতা কৰিম বুলি ভাবিলে ফোনতো কৰিব পাৰি । আমাৰ আজি এ জি পিক মাতি কাইলৈ বিজেপিক মাতি সাংবাদিকৰ লগত লিলি হোটেলত চাহ খাই থকাৰ প্ৰয়োজন নাই । বিৰোধীৰ কোনো নিউজ নাই । নতুন নিউজ ক্ৰিয়েট কৰিবৰ বাবে এইবোৰ মাজে মাজে পাতি থাকে ।"

তেওঁ লগতে কয়, "নিৰ্বাচন অহা বাবে এতিয়া আজমলেও এণ্ট্ৰী মাৰিব, দুদিন পিছত মমতায়ো এণ্ট্ৰী মাৰিব । অখিল গগৈয়ে ২০ খন আসন বিচাৰিব । শেষত গৈ এখন আসনতে মানি ল'ব । লুৰীণ গগৈয়ে ১৫ খন আসন বিচাৰিব । শেষত ৩ খন লাভ কৰিব । মই আসনকেইখনৰ নামো কৈ দিব পাৰোঁ ।"

৬ জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

আনহাতে, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য, "অহা ২৫ নৱেম্বৰত বিধানসভাত দাখিল কৰিবলগীয়া যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনখনে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ এটা স্থায়ী সমাধান সূত্ৰ লৈ আহিব । আমি সকলোৱে বিষয়টোত লাগি আছোঁ । কালিও ৩-৪ ঘণ্টা বিষয়টো আলোচনা কৰা হৈছে । কাইলৈয়ো চাহ বাগিচাৰ ৰাইজ আহিব । তাৰ পিছত আমি জনগোষ্ঠীসমূহক মাতিম । অহা ২৫ নৱেম্বৰত বিধানসভাত এখন প্ৰতিবেদন দাখিল কৰিম । যিখনৰ যোগেদি ইয়াৰ সমস্যাবোৰ ৰাইজে বুজি পাব, ইয়াৰ সমাধানো দেখা পাব ।"

লগতে পঢ়ক :অসমৰ কিমানে দিল্লীৰ বিস্ফোৰণক আদৰণি জনাইছে তাৰ তথ্য দিলে মুখ্যমন্ত্ৰীয়ে
লগতে পঢ়ক :কংগ্ৰেছৰ নিৰ্বাচনী ৰণনীতি বৈঠক: গৌৰৱৰ নেতৃত্বত সম্ভৱ হ'বনে বিৰোধীৰে মিত্ৰতা ?