আসনৰ ক্ষেত্রত বুজাবুজিৰ অভাৱ হ'লেহে কেন্দ্ৰীয় গৃহমন্ত্রীৰ পৰ্যায়ত যাব : মুখ্যমন্ত্রী
বৰদোৱাত কেশৱ মহন্তক আৰু শ্বহীদ স্মাৰক ক্ষেত্রত অতুল বৰাক লগ পাব যদিও নহ'ব আলোচনা ।

Published : December 28, 2025 at 6:49 PM IST
গুৱাহাটী: ‘‘বুজাবুজিৰ অভাৱ হ'লেহে বিষয়টো গৃহমন্ত্ৰীৰ পৰ্যায়লৈ যাব । অন্যথা আমি নিজৰ ভিতৰতে আলোচনা কৰি ল’ম । বিজেপিৰ আসন সন্দৰ্ভত দিলীপ শইকীয়া আৰু ময়ে পাতিম’’ - এই মন্তব্য মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । আগন্তুক বিধানসভা নিৰ্বাচনত অগপ আৰু বিজেপিৰ মাজত আসন ভাগ-বাটোৱাৰা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়, ‘‘এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীৰ লগত ৰাজনৈতিক কথা-বাৰ্তা ৰখা হোৱা নাই । স্বাভাৱিকতে তেওঁ বৰদোৱাত কেশৱ মহন্তক আৰু শ্বহীদ স্মাৰকক্ষেত্রত অতুল বৰাক লগ পাব ৷ কিন্তু আনুষ্ঠানিক কোনো আলোচনা আমি ৰখা নাই । মই ভাবো অসমত আনুষ্ঠানিক আলোচনাৰ প্ৰয়োজন নাই । বুজাবুজিৰ অভাৱ হ’লেহে গৃহমন্ত্রীৰ পৰ্যায়ত যাব । আমি নিজৰ ভিতৰতে শেষ কৰি লৈ তাত অনুমোদনৰ বাবে পঠালে হ'ব । যদি বুজাবুজিৰ অভাৱ ঘটে তেন্তে নিশ্চিতভাৱে গৃহমন্ত্রীয়ে হস্তক্ষেপ কৰিব । আসনৰ বিষয়ে কথা মই আৰু দিলীপ শইকীয়াই পাতিম । কেন্দ্ৰীয় গৃহমন্ত্রীয়ে বিভিন্ন সময়ত অসমৰ বিভিন্ন প্ৰতিনিধিমণ্ডলক সাক্ষাৎ কৰে । সাক্ষাৎ বিচাৰিলে তেওঁ কথা পাতে ।’’
কেন্দ্ৰীয় গৃহমন্ত্রীৰ ভ্ৰমণসূচী
আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ অসম ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, ‘‘আজি নিশা ১১ বজাত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ গুৱাহাটীত উপস্থিত হ'ব । নিশাটো তেওঁ কইনাধৰাৰ অতিথিশালাত কটাব । সোমবাৰে পুৱা ১০ বজাত অমিত শ্বাহ বৰাগাঁৱৰ 'শ্বহীদ স্মাৰকক্ষেত্র' লৈ গৈ অসম আন্দোলনৰ জাতীয় শ্বহীদসকলকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । তাৰপাছত তেওঁ বৰদোৱালৈ যাব আৰু বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্রৰ শুভ উদ্বোধন কৰিব । প্ৰায় ২০০ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্য চৰকাৰে আৱিৰ্ভাৱ ক্ষেত্র নিৰ্মাণ কৰি উলিয়াইছে । ইয়াৰ আধাৰশিলাও অমিত শ্বাহে কৰিছিল । কাইলৈ উদ্বোধন কৰা হ'ব । তাৰপিছত তেওঁ গুৱাহাটীলৈ আহিব আৰু গুৱাহাটী মহানগৰ পুলিচ আয়ুক্তালয়ৰ এটা আধুনিক কাৰ্যালয় মুকলি কৰিব । এই কাৰ্যালয়ৰ পৰা গুৱাহাটীৰ ট্ৰেফিক নিয়ন্ত্রণ হ'ব । গুৱাহাটীৰ সকলো চি চি টিভি নিয়ন্ত্রণ হ’ব । সকলো আধুনিক ব্যৱস্থা সম্বলিত গুৱাহাটীৰ পুলিচ আয়ুক্তৰ ভৱন কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীয়ে উদ্বোধন কৰিব । তাতে নতুন আইনৰ ক্ষেত্রত অসমৰ সফলতা সম্পৰ্কীয় এখন প্ৰদৰ্শনী হ'ব । তাৰ পিছত বিয়লি ৪ বজাত তেওঁ খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰলৈ যাব । কেন্দ্ৰীয় গৃহ মন্ত্রীগৰাকীয়ে পাঁচ হাজাৰ আসনযুক্ত এই প্ৰেক্ষাগৃহটো উদ্বোধন কৰিব ।’’

"আনহাতে অসম চৰকাৰৰ উদ্যোগত বিভিন্ন ৰোগৰ ক্ষেত্রত অস্ত্রোপ্ৰচাৰৰ যোগেদি আৰোগ্য কৰা প্ৰায় এহেজাৰ যুৱক-যুৱতী সেই অনুষ্ঠানত উপস্থিত থাকিব । ৰাজ্য চৰকাৰৰ এই প্ৰচেষ্টাই দহ হাজাৰ অতিক্ৰম কৰিলে । কলা মন্দিৰ উদ্বোধনৰ লগত তাৰো এটা উদযাপন কৰা হ'ব । তাৰ পিছত অমিত শ্বাহ নতুন দিল্লীলৈ উভতি যাব’’ - এইদৰে কয় মুখ্য়মন্ত্ৰীয়ে ।
'মন কী বাত'ত মুখ্য়মন্ত্ৰী :
উল্লেখ্য যে দেওবাৰে পুৱা মুখ্যমন্ত্রীয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মন কী বাত' অনুষ্ঠানটো গুৱাহাটীৰ বৰিপাৰাৰ তৰুণ সংঘত উপস্থিত থাকি উপভোগ কৰে । ‘মন কী বাত’ অনুষ্ঠানটো উপভোগ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "অসমৰ বিভিন্ন বুথত আজি প্ৰধানমন্ত্রীৰ 'মন কি বাত' আমাৰ কাৰ্যকৰ্তাসকলে শুনিছে আৰু আজি প্ৰথমবাৰৰ বাবে কাৰ্যকৰ্তাসকলে টিফিন লৈ আহিছে । আমাৰ ২২ হাজাৰ পুলিং বুথত আমি মন কি বাত শুনো ।"

