ETV Bharat / politics

মোৰ ল'ৰা-ছোৱালী বিদেশী, কিন্তু অসমীয়াই মোক ভোট দিবই লাগিব: গৌৰৱ গগৈলৈ শেল মুখ্যমন্ত্ৰীৰ

"গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানত বেংক একাউণ্ট আছে"-৮ ফেব্ৰুৱাৰীত ফাদিল কৰিব মুখ্যমন্ত্ৰীয়ে ।

CM Himanta Biswa Sarma react over Gaurav Gogoi Pakistan link
মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 6, 2026 at 12:10 AM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: "গৌৰৱ গগৈ আৰু তেওঁ পত্নী পাকিস্তানৰ লিংকৰ সকলো বিষয়বস্তু ৭ ফেব্ৰুৱাৰী হ'বলগীয়া কেবিনেট বৈঠকত আলোচনা কৰা হ'ব, কাৰণ বিষয়টো গৃহ বিভাগৰ অধীন । গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানত বেংক একাউণ্ট আছে ।"- যোৰহাটত পুনৰবাৰ গৌৰৱ গগৈৰ পাকিস্তানৰ সম্পৰ্কক লৈ সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

এই প্ৰসংগতে তেওঁ পুনৰ কয়,"ৰাজীৱ গান্ধী সাংসদ হোৱা পিছতেই ছোনিয়া গান্ধীৰ নাগৰিকত্ব বাবে আবেদন কৰিছিল । কিন্তু কিয় গৌৰৱ গগৈয়ে সেইয়া অনুসৰণ নকৰিলে ? মই আজিও খবৰ লৈছোঁ, গৌৰৱ গগৈয়ে নাগৰিকত্বৰ বাবে আবেদন কৰিছে নেকি ? কিন্তু আজিও কৰা নাই । মই এতিয়া তেওঁৰ সন্তানৰ ধৰ্মৰ বিষয়ে সুধিব লাগিব ?"

গৌৰৱ গগৈক সমালোচনা মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

গৌৰৱ গগৈৰ সন্তানৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"তেখেতৰ ল'ৰা-ছোৱালী দুটা ব্ৰিটিছ বুলি কোনেও ভবা নাছিল । নভবা কথাও, শুনি ময়ো আচৰিত হৈছোঁ আৰু তেওঁ অসমীয়াক বুঢ়া আঙুলি দেখুৱাই ভোট লৈ থাকিব । এই বিষয়ে বাৰম্বাৰ মন্তব্য দি থকা পিছতো কিয় গৌৰৱ গগৈয়ে মোৰ ওপৰত ব্যৱস্থা ল'বলৈ কিয় যোৱা নাই ? যদি তেওঁ যায় তেওঁৰ কথাবোৰে ওলাই পৰিব । তেওঁলোকে মোৰ বিষয়ে কৈছিল আৰু মই আদালত যাম বুলি কৈছোঁ ।"

ইফালে কংগ্ৰেছে বুধবাৰে মুকলি কৰা ৱেবছাইট ১ ঘণ্টা নৌহওতেই হেক হোৱৰ প্ৰসংগত তেওঁ কয়,"আজি কালি এপৰ যুগ, ৱেবছাইট খুলি মানুহে নাচাই । কংগ্ৰেছ দলত মোৰ ১০০০ মানুহ আছে, যিজনে ৱেবছাইট বনাইছিল তেওঁৱে হেক কৰিলে । সেইদিনাৰ সংবাদমেলৰ ভিজুৱেল চাওঁক । পিছত যিসকল বহি আছিল, কাৰোৰে মুখত হাঁহি নাছিল । সকলোৱে বুজি পাইছে যে আমি পাপ কৰি আছোঁ ।"

CM Himanta Biswa Sarma react over Gaurav Gogoi Pakistan link
মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

আনহাতে অগপৰ সৈতে নিৰ্বাচনৰ প্ৰসংগত তেওঁ কয়,"অগপৰ লগত কেইবাটাও সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ বাবে অগপই ইচ্ছা প্ৰকাশ কৰিলে কৰিব পাৰে । সেই সমষ্টিত গৈ মই প্ৰচাৰো নচলাও, বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'লেও মই দায়িত্ব ল'ম, যাতে বিৰোধীৰ সহায় নহয় আৰু এই বিষয়ে আমি আলাপ-আলোচনা মাজেৰে আগবাঢ়ি যাম ।

আনহাতে মেঘালয়ৰ কয়লা খনিত অসমৰ শ্ৰমিকৰ মৃত্যু প্ৰসংগত তেওঁ কয়,"সেয়া শ্ৰমিক অসমৰ নহ'বও পাৰে তেওঁলোক বাংলাদেশীও হ'ব পাৰে । মই জনাত অসমৰ শ্ৰমিক মেঘালয় কয়লা খনিলৈ যোৱা নাই ।" আনহাতে যোৰহাট উৰণ সেতু, আয়ুক্ত কাৰ্যালয়ৰ লগতে বহু কেইটা প্ৰকল্প মাৰ্চৰ ভিতৰত ৰাইজৰ বাবে উৰ্চগা কৰিব বুলি ১৮,৬০৫ গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক: জীৱনৰ শেষৰটো নিৰ্বাচন খেলিব বিচাৰিছে ৰাজেন গোহাঁয়ে

জালুকবাৰীত 'পৰিৱৰ্তন'ৰ বাৰ্তা বিলাবলৈ গৈ বিপাঙত কংগ্ৰেছ : ফেপেৰি পাতি ধৰিলে বিজেপি কৰ্মীয়ে