ETV Bharat / politics

ইউ এছ টি এম জাল আৰু প্ৰৱঞ্চনাৰ থলী : সৰৱ মুখ্যমন্ত্রী

মুখ্যমন্ত্রীৰ বিস্ফোৰক অভিযোগ ৷ মহবুবুল হকৰ টকাৰ প্ৰথম আমদানি আল কায়দাৰ সৈতে সম্পৰ্ক থকা সংগঠনৰ পৰা হৈছিল ৷ ১৪ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

CM SLAMS USTM
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 25, 2026 at 2:45 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : পুনৰ চৰ্চালৈ আহিছে গুৱাহাটীৰ সমীপৰ মেঘালয়ত থকা ইউ এছ টি এম ৷ ইউ এছ টি এমৰ ইণ্টাৰনেচনেল ৰিলেচনছৰ ডিৰেক্টৰ আছমা বেগম দিল্লীত গ্ৰেপ্তাৰ হোৱা ঘটনাৰ পাছতে চৰ্চালৈ আহিছে ইউ এছ টি এম ৷ এই সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

মুখ্যমন্ত্রীয়ে কয়, "ইউ এছ টি এম জাল আৰু প্ৰৱঞ্চনাৰ থলী ৷ আল কায়দাৰ লগত সম্পৰ্ক থকা সংগঠনৰ পৰা ইউ এছ টি এমৰ মহবুবুল হকলৈ টকা অহাৰ তথ্য আছে ৷ সন্ত্ৰাসবাদী সমৰ্থিত সংগঠনৰ পৰা মহবুবুল হকলৈ ধনৰ সৰবৰাহ হয় ৷ অসমত যিসকল ব্যক্তিয়ে ইউ এছ টি এমক সমৰ্থন কৰে তেওঁলোকে এটা কথা বুজিব যে এই ব্যক্তিজনৰ ওপৰত অ' বি চি চাৰ্টিফিকেট নকল কৰি লোৱাৰ অভিযোগ আছে, মেডিকেল এডমিচনত জাল কৰাৰ অভিযোগ আছে ৷ তেওঁৰ লগত থকা দিল্লীত প্ৰৱঞ্চনাৰ নামত গ্ৰেপ্তাৰ হোৱা সেইগৰাকী মহিলাৰ নাম ৱেবচাইটৰ পৰা আঁতৰাই দিছে ৷ মই অসমৰ সনাতনী সমাজক আহ্বান জনাম যে আপোনালোকে ইউ এছ টি এমত নপঢ়িব ৷ মহবুবুল হকৰ টকাৰ প্ৰথম আমদানি আল কায়দাৰ সৈতে সম্পৰ্ক থকা সংগঠনৰ পৰা হৈছিল ৷ তাৰ সম্পূৰ্ণ তথ্য আমাৰ হাতত আছে ৷"

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

প্ৰধানমন্ত্রীৰ অসম ভ্ৰমণ :

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "অহা ১৪ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ পুৱাই প্ৰধানমন্ত্রীয়ে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি কৰিব ৷ তাৰ পৰাই প্ৰধানমন্ত্রীয়ে আই আই এমৰ গুৱাহাটীত হ'বলগীয়া চৌহদটো উদ্বোধন কৰিব ৷ সিদিনাই প্ৰধানমন্ত্রীয়ে গুৱাহাটী আৰু অসমৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিয়া ১০০ খন নতুন বৈদ্যুতিক বাছৰ শুভাৰম্ভ কৰিব ৷ তাৰ পাছত প্ৰধানমন্ত্ৰী খানাপাৰালৈ আহিব আৰু খানাপাৰাৰ ফিল্ডত বিজেপিৰ বুথ সন্মিলনত অংশগ্ৰহণ কৰিব ৷ আমাৰ ২৫ হাজাৰ বুথ কমিটি আছে আৰু ৭৫ হাজাৰ বিষয়ববীয়া আহিব ৷ ১৪ ফেব্ৰুৱাৰীৰ সভাখন ৰাজনৈতিক হ'ব ৷ আগন্তুক বিধানসভা নিৰ্বাচনৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীয়ে ৷ তাৰ পিছত প্ৰধানমন্ত্রী ডিব্ৰুগড়লৈ যোৱাৰ সম্ভাৱনা আছে ৷ এতিয়াও নিশ্চিত হোৱা নাই ৷"

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ :

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ তথ্য ৰাজহুৱা কৰাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত ভয়ংকৰ তথ্য ওলাইছে ৷ দেখিলেই ভয় লাগে ৷ দুই-এদিনতে সোনকালে সকলোখিনি আপোনালোকৰ আগত দাঙি ধৰিম ৷ আমি বাহিৰৰ পৰাও নেচনেল মিডিয়াৰ মানুহখিনিক মাতিছো ৷ আমি আৰু দেৰি নকৰো ৷ সোনকালেই দি দিম ৷ এই চাৰি-পাঁচ দিনৰ ভিতৰত দিম ৷ সৰ্বাধিক একসপ্তাহ ৷ মোৰ চেষ্টা আছে ৩১ জানুৱাৰীত কৰাৰ ৷ কিন্তু দিলীপ শইকীয়াই কৈ আছে যে বাজেট দিব বুলি ৷ ১ তাৰিখে বাজেট দিলে হয়টো এদিন পিছুৱাব লাগিব ৷

লগতে পঢ়ক : ১৪ ফেব্ৰুৱাৰীত মৰাণৰ নৱনিৰ্মিত ৰানৱে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান অৱতৰণৰ সম্ভাৱনা

দূতাবাসৰ ভুৱা নম্বৰ প্লেটসহ সৈতে দিল্লীত গ্ৰেপ্তাৰ গুৱাহাটীৰ ড৹ আছমা বেগম

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ বিশ্বাসঘাতক ব্যক্তি : গৌৰৱ গগৈ