ETV Bharat / politics

ৰাজীৱ ভৱনত মিঞাৰ উজান উঠিছে : মুখ্যমন্ত্রী

কংগ্ৰেছত প্ৰাৰ্থিত্ব বিচাৰি আৱেদন কৰা সৰহসংখ্যকেই মিঞা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ । কংগ্ৰেছৰ ৰঙিয়াৰ সভা সন্দৰ্ভতো প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী শৰ্মাৰ ।

CM Himanta Biswa Sarma react on congress Candidacy issue
ৰাজীৱ ভৱনত মিঞাৰ উজান উঠিছে : মুখ্যমন্ত্রী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 25, 2026 at 8:58 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছত প্ৰাৰ্থিত্ব বিচাৰি অভিলেখ সংখ্যক আৱেদন পৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে গুৱাহাটীত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, "প্ৰথম কথা কংগ্ৰেছৰ ৭৫০ খন আবেদন আহিছে । কংগ্ৰেছে ক'লে আমাৰ ৰেক'ৰ্ড আবেদন আহিছে । কিন্তু লগত নক'লে যে ৰেক'ৰ্ড মিঞ‍াৰ আবেদন আহিছে । টিকট বিচৰা ৭৫০ গৰাকীৰ ৬০০ গৰাকীয়েই মিঞা ।"

তেওঁ লগতে কয়,"দুই-এজনে প্ৰচাৰ কৰি দিলে যে কংগ্ৰেছত অভিলেখ সংখ্যক আৱেদন আহিছে । প্ৰাৰ্থী আহিলেই নহ'ব, প্ৰাৰ্থী ক'ৰ পৰা আহিছে । প্ৰাৰ্থী অকল মিঞাসকলৰ পৰা আহিছে । ১২০ খন নে ১৩০ খন আৱেদন আমাৰ হিন্দু মানুহৰ পৰা আহিছে । বাকী সকলো মিঞাৰ আৱেদন । ৰাজীৱ ভৱনত মিঞাৰ উজান উঠিছে । চমৰীয়া আদিৰ পৰা মিঞা উঠি আহি ৰ‍াজীৱ ভৱনত আৱেদন কৰিছে ।"

ৰাজীৱ ভৱনত মিঞাৰ উজান উঠিছে : মুখ্যমন্ত্রী (ETV Bharat Assam)

মুখ্যমন্ত্রীয়ে কংগ্ৰেছৰ ৰঙিয়াৰ সভা সন্দৰ্ভত কয়, "ৰঙিয়াৰ সভাখনৰ ফটো দেখি মই আচৰিত হ'লোঁ যে এইখন কংগ্ৰেছৰ সভা হৈ থকা নাছিল, এইখন ইস্তেমা হৈ আছিল । তাত মিটিং কম ইস্তেমা বেছি । সেই কাৰণে কংগ্ৰেছ দলটো আমাৰ ধৰ্ম, সংস্কৃতি, ঐতিহ্য আদি সকলোৰে বাবে এটা প্ৰত্যাহ্বান হৈ উঠিছে । এই দলটো আমি যিমানে নিৰ্বাচনত পৰাজিত কৰিব পাৰিম সিমানে দেশ আৰু জাতি সুৰক্ষিত হ'ব ।"

কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, "শেষত সকলো এক হৈ যাব । মিঞাই এক কৰি দিব তেওঁলোকক । তেওঁলোকক আমি এক কৰিব নালাগে । গোটেই মিঞা সমাজে লগ লাগি তেওঁলোকক একলগ কৰি দিব ।"

প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ পৰ্যবেক্ষক ভূপেশ বাঘেলৰ প্ৰসংগত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া:

ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ পৰ্যবেক্ষক ভূপেশ বাঘেলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, "ভূপেশ বাঘেলৰ ওপৰত দুটা বিশেষ অভিযোগ আছে । এটা অভিযোগ আছে যে ছত্তীশগড়ৰ নিৰ্বাচনৰ সময়ত মই যেতিয়া গৈছিলোঁ, তেতিয়া কৈছিলোঁ মহাদেৱ এপ বুলি এটা এপৰ জৰিয়তে বিত্তীয় লেনদেন হৈছিল । হাজাৰ হাজাৰ কোটি টকা মহাদেৱ এপছৰ জৰিয়তে ডুবাইলৈ ট্ৰান্সফাৰ হৈছিল ।"

মুখ্যমন্ত্ৰী শৰ্মাই কয়,"এই অভিযোগত তেওঁৰ পৰিয়ালৰ কেইবাগৰাকী লোক গ্ৰেপ্তাৰ হৈ আছে । এই সন্দৰ্ভত ভূপেশ বাঘেলৰ বিৰুদ্ধেও তদন্ত চলি আছে । দ্বিতীয়তে এখন অশ্লীল চিডি প্ৰকাশ পাইছিল । দণ্ডাধীশৰ আদালতে মুখ্যমন্ত্ৰী থকাৰ সময়ত তেওঁক কিছু সকাহ দিছিল । কিন্তু চি বি আইৰ বিশেষ আদালতে ভূপেশ বাঘেলৰ বিৰুদ্ধে গোচৰ চলিব বুলি এটা ৰায় প্ৰদান কৰে । যিটো ভূপেশ বাঘেলৰ দৰে জ্যেষ্ঠ ৰাজনীতিকৰ বাবে এটা আঘাত বুলি ক'ব লাগিব । মহাদেৱ এপৰ বিষয়ে মই ভালদৰে জানোঁ । চি ডিখনৰ বিষয়ে মই বহুত নাজানোঁ । কিন্তু এটা কথা যে কংগ্ৰেছৰ সকলো লোকেই ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা গণ্ডগোলীয়া কাম কৰি থোৱা আছে । গতিকে এইটো ক্ষেত্রত মই বহুত আচৰিতো হোৱা নাই ।"

লগতে পঢ়ক: অসম-নাগালেণ্ড সীমা সমস্যা আদালতৰ বিচৰাধীন, মুখ্যমন্ত্ৰী পৰ্যায়ত সমাধানৰ বাবে আলোচনা হৈছে: অতুল বৰা

এছ আৰৰ যোগেদি অসমত বিষবাষ্প বিয়পাবলৈ বিচৰা হৈছে : বিৰোধীয়ে মুখ্য নিৰ্বাচনী বিষয়াক দিলে স্মাৰক পত্র