ETV Bharat / politics

ভাৰত হিন্দু ৰাষ্ট্ৰ আৰু ইয়াৰ প্ৰধানমন্ত্রী সদায়েই এগৰাকী হিন্দু ব্যক্তি হ'ব...মুখ্যমন্ত্রীৰ এক মন্তব্যই গৰম কৰিছে ৰাজনীতি

ভাৰতৰ প্ৰধানমন্ত্ৰী সদায়েই এগৰাকী হিন্দু ব্যক্তি হ'ব বুলি দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । অখিল গগৈ, গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰীৰ ।

CM Himanta Biswa Sarma react Akhil Gogoi and other issue
নিযুক্তি পত্ৰ বিতৰণৰ পাছত সংবাদমাধ্যমক সম্বোধন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 10, 2026 at 7:57 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: "অখিল গগৈ ৰজা হৈ থাকক । মোৰ কোনো আপত্তি নাই । আমি প্ৰজা হৈ থাকিলে হ'ল । তেওঁ ৰজা হৈ থাকিলে ভাল আৰু আমি প্ৰজা হৈ থাকিলে ভাল ।"-এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ । বিধায়ক অখিল গগৈয়ে নিজকে উজনিৰ ৰজা বুলি কোৱাৰ প্ৰসংগত শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

অখিল গগৈক কটাক্ষ কৰি মুখ্যমন্ত্রীয়ে কয়,"কেৱল অখিল গগৈয়ে যাতে ফেচবুক লাইভ কৰাটো এৰি নিদিয়ে । ৰাতি চাই ভাল লাগে । যোৱাকালি কৈছে তেওঁ ইংলেণ্ড, আমেৰিকাৰ পৰা উকিল আনিব । তেওঁ ইমানখিনিও নাজানে যে ইংলেণ্ড, আমেৰিকাৰ উকিলে ভাৰতৰ আদালতত থিয় হ'ব নোৱাৰে । আইনমতেই থিয় হ'ব নোৱাৰে । তেওঁৰ ইমানখিনিও জ্ঞান নাই । তেওঁ এণ্টাৰনেটইমেণ্ট দিয়ে । এণ্টাৰনেটইমেণ্ট লওক, ৰাতি শুনক, আৰাম পাব ।"

কংগ্ৰেছৰ যোগদান অভিযানৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়,"গৌৰৱ গগৈয়ে যিবোৰ মানুহক যোগদান কৰাই আছে, সেইবোৰ মানুহৰ নাম মই মোৰ ২৫ বছৰীয়া ৰাজনীতিত পোৱা নাই । এইবোৰ প্ৰকৃততে নাটক । অসমৰ কি হ'বলগীয়া আছে সেইটো জনতাই কৈ দিছে । ইয়াৰ আগে-পিছে একো নাই । সেইটো অধ্যায় এতিয়া বন্ধ । মানুহে মন স্থিৰ কৰি লৈছে যে কাক ভোট দিব লাগে আৰু কাক দিব নালাগে ।"

নিযুক্তি পত্ৰ বিতৰণৰ পাছত সংবাদমাধ্যমক সম্বোধন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

ইফালে আছাউদ্দিন ওৱেইছিৱে কৰা মন্তব্যৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়,"দেশৰ প্ৰধানমন্ত্রী হোৱাৰ ক্ষেত্রত সাংবিধানিকভাৱে কোনো বাধা নাই । যিকোনো ভাৰতীয় লোক প্ৰধানমন্ত্রী হ'ব পাৰে । কিন্তু ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ । হিন্দু সভ্যতাৰ ৰাষ্ট্ৰ । সেয়ে আমি সদায়ে বিশ্বাস কৰো আৰু দৃঢ়তাৰে ক'ব পাৰো যে ভাৰতৰ প্ৰধানমন্ত্রী সদায়ে এগৰাকী হিন্দু ব্যক্তি হ'ব ।"

উল্লেখ্য যে মহাৰাষ্ট্ৰৰ এখন প্ৰচাৰ সভাত এ আই এম আই এমৰ মুৰব্বী আছাউদ্দিন ওৱেইছিয়ে সংবিধানৰ উৰ্দ্ধৃতৰে কৈছিল যে এনে এটা দিন আহিব যিদিনা হিজাব পিন্ধা কন্যা এই দেশৰ প্ৰধানমন্ত্রী হ'ব । ওৱেইছিৰ এনে মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্রীয়ে এনেদৰে কয় ।

ইফালে নিযুক্তিৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়,"আজি আমাৰ নিযুক্তি প্ৰক্ৰিয়াই ১.৫৬ লাখত ভৰি দিলে আৰু কেইবাটাও বিভাগৰ নিযুক্তি বাকী আছে এতিয়াও । পৰ্যায়ক্ৰমে ১০ ফেব্ৰুৱাৰীৰ পূৰ্বে গোটেই নিযুক্তিখিনি সমাপন কৰিম । আমি কোনো গোচৰ নোহোৱাকৈ এক লাখৰ ঠাইত ১.৬০ হাজাৰ নিযুক্তি দিবলৈ সক্ষম হৈছোঁ । এইটো যোৱা পাঁচ বছৰৰ এটা ডাঙৰ প্ৰাপ্তি । গোটেই নিযুক্তিখিনি হ'লে ১ লাখ ৭০ হাজাৰ নাইবা ১ লাখ ৭৫ হাজাৰ হ'ব । ইয়াত ঠিকাভিত্তিকখিনি অহা নাই । আমাৰ এই মডেলটো বিভিন্ন ৰাজ্যই গ্ৰহণ কৰিছে । এ ডি আৰ ইৰ তৃতীয় ফেজ নিৰ্বাচনৰ পাছত হ'ব ।"

লগতে পঢ়ক: উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছোঁ মই... শিৱসাগৰত নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰীক চেলেঞ্জ অখিল গগৈৰ

কংগ্ৰেছৰ ঠিকনা এতিয়া ৰাইজৰ পৰিৱৰ্তে থানা: সাংসদ ৰঞ্জিত দত্ত