ETV Bharat / politics

গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান সংযোগ : তথ্য প্ৰমাণ সহকাৰে ৰাজহুৱা কৰিলে মুখ্যমন্ত্রীয়ে

সাংসদ গৌৰৱ গগৈক পাকিস্তানত দহ দিন কটোৱাৰ সবিশেষ তথ্য ৰাজহুৱা কৰাৰ প্ৰত্যাহ্বান মুখ্যমন্ত্রীৰ । কি কি তথ্য প্ৰমাণ দিলে মুখ্যমন্ত্রীয়ে ?

CM Himanta Biswa sarma on Pakistan link of Gaurav Gogoi
পাকিস্তান সংযোগৰ তথ্য প্ৰমাণ ৰাজহুৱা কৰিলে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 8, 2026 at 8:57 PM IST

13 Min Read
Choose ETV Bharat

গুৱাহাটী: দীৰ্ঘদিনীয়া বিতৰ্ক আৰু উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিবাৰ এলিজাবেথ ক'লবাৰ্ণ গগৈৰ পাকিস্তান সংযোগৰ তথ্য প্ৰমাণ ৰাজহুৱা কৰিলে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা হয় মুখ্যমন্ত্রীৰ বহু প্ৰতীক্ষিত বিশেষ সংবাদমেলখন ।

১০ ছেপ্টেম্বৰত এছ আই টিয়ে দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত গোপনীয়তাক বাদ দি বাকী তথ্যৰ ভিত্তিতে দেওবাৰে মুখ্যমন্ত্রীয়ে সংবাদমেলখন সম্বোধন কৰে । অসম আৰক্ষীৰ চি আই ডিত ভাৰতীয় ন্যায় সংহিতা, ২০২৩ ৰ ধাৰ‍া ৪৮/৬১/১৫২/১৯৭(১)ৰ অধীনত ৰুজু হোৱা গোচৰ নম্বৰ ০৫/২০২৫ আৰু অবৈধ কাৰ্যকলাপ(প্ৰতিৰোধ) আইন, ১৯৬৭ৰ ধাৰা নম্বৰ ১৩(১)ৰ অধীনত হোৱা অভিযোগৰ ভিত্তিত এছ আই টিয়ে তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিছিল ।

Profile of British citizen Elizabeth Colburn
ব্ৰিটিছ নাগৰিক এলিজাবেথ ক'লবাৰ্ণৰ পৰিচপত্ৰ (ETV Bharat Assam)

তাৰ আধাৰত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রীয়ে কয়, "মই ছিংগাপুৰত এখন চামিটত থাকোতে সামাজিক মাধ্যমত এখন ফটো পাইছিলো, যিখন ফটোত সাংসদ গৌৰৱ গগৈয়ে ভাৰতৰ যুৱপ্ৰজন্মৰ প্ৰতিনিধি দল এটাক লৈ পাকিস্তান দূতাবাসলৈ গৈছিল । মই ভাবিছিলো ফটোখন ভুৱা; কিন্তু কংগ্ৰেছৰ নেতাই ফটোখনৰ সমৰ্থনত যুক্তি দিয়াত পাছত গম পালো যে ফটোখন মিছা নহয় । তাৰ পাছত বিষয়টো জনাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল । সেই প্ৰক্ৰিয়াত পোহৰলৈ আহিল পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখৰে থকা সম্পৰ্কৰ তথ্য ।"

কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে উপযুক্ত নিষ্পত্তি কৰিব

মুখ্যমন্ত্রীয়ে কয়, "ভাৰতৰ ৰাজনীতিত অসমৰ ৰাজনৈতিক নেতাৰ সন্দেহজনক স্থিতিক লৈ এছ আই টি গঠন কৰা হৈছিল । ৰাজনীতি বিৰোধ কৰা আৰু ৰাষ্ট্রৰ বিৰোধ কৰাৰ পার্থক্য নিশ্চয় আছে । বৈৰী ৰাষ্ট্রৰ হাতৰ পুতলা হৈ দেশৰ স্বার্থৰ পৰিপন্থী কার্যত লিপ্ত হোৱাৰ তথ্য যেতিয়া সন্মুখলৈ আহে, তেতিয়া দেশৰ স্বার্থতেই তদন্তৰ প্রয়োজন হয় । এনে তদন্তই দেশৰ ভৱিষ্যতক বিপদৰ পৰা ৰেহাই পোৱাত বহু পৰিমাণে সহায় কৰিব । অসমৰ সাংসদগৰাকীৰ পাকিস্তান সংযোগ এতিয়া মাত্র সন্দেহৰ বিষয় হৈ থকা নাই, এছ আই টিৰ তদন্তত এই সন্দেহ সত্য হোৱাৰ উপক্ৰম হৈছে । সীমিত কার্যক্ষমতাৰেও অসম চৰকাৰে নিজৰ দায়িত্ব পালন কৰিলে । আমি বিষয়টো কেন্দ্রীয় চৰকাৰৰ গৃহ মন্ত্র্যালয়লৈ কার্য ব্যৱস্থা গ্রহণৰ বাবে প্ৰেৰণ কৰিম । কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে বিষয়টোৰ এটা উপযুক্ত নিষ্পত্তি কৰিব বুলি আশাবাদী। কেন্দ্ৰীয় এজেন্সীয়ে তদন্ত কৰিলে বহু কথা উন্মোচিত হ'ব ।"

Profile of British citizen Elizabeth Colburn
ব্ৰিটিছ নাগৰিক এলিজাবেথ ক'লবাৰ্ণৰ পৰিচপত্ৰ (ETV Bharat Assam)

কোন আলী তৌকীৰ শ্বেখ ?

মুখ্যমন্ত্রীয়ে কয়, "অনুসন্ধানত পোৱা যায় যে পাকিস্তানি নাগৰিক আলী তৌকীৰ শ্বেখৰে সাংসদ গৌৰৱ গগৈৰ পৰিবাৰৰ অতি ভাল সম্পৰ্ক আছিল । আলী তৌকীৰ শ্বেখ পাকিস্তানৰ এগৰাকী প্ৰভাৱশালী নাগৰিক । পাকিস্তানৰ সামৰিক বাহিনী, আই এছ আইৰ সৈতে ঘনিষ্ঠ সম্পর্ক থকা প্ৰভাৱশালী ব্যক্তি আলী তৌকীৰ শ্বেখ 'লীড পাকিস্তান' নামৰ সংস্থাৰ মুৰব্বী আৰু তেওঁ ক্লাইমেট এণ্ড ডেভেলপমেণ্ট ন'লেজ নেটৱৰ্ক (চি ডি কে এন)ৰ এছিয়াৰ মুৰব্বী । তেওঁ ইছলামাবাদৰ বাসিন্দা আৰু ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰি সামাজিক মাধ্যমৰ জৰিয়তে ভাৰত বিৰোধী অপপ্ৰচাৰ আৰু সাম্প্রদায়িক উচতনি দিয়াত জড়িত । তেওঁ পাকিস্তান চৰকাৰৰ পৰিকল্পনা আয়োগৰ উপদেষ্টা আছিল । অনুসন্ধানত ব্ৰিটিছ নাগৰিক এলিজাবেথ ক'লবাৰ্ণ গগৈ আৰু অন্যান্যসকল জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে ।"

The team representing the youth of India visiting the Pakistan Embassy, led by MP Gaurav Gogoi
সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত পাকিস্তান দূতাবাসলৈ যোৱা ভাৰতৰ যুৱপ্ৰজন্মৰ প্ৰতিনিধি দলটো (ETV Bharat Assam)

কোনে নিয়োগ কৰিছিল এলিজাবেথ ক'লবাৰ্ণ ?

"তেওঁলোকৰ সন্মিলিত কার্য-কলাপ, সংবেদনশীল বিষয়ত গোপন তথ্য সৰবৰাহ, তেওঁলোকৰ ভ্ৰমণ আৰু বিত্তীয় লেন-দেনৰ ধৰণে ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত আভ্যন্তৰীণ বিষয়ক ক্ষতিগ্ৰস্ত কৰিবলৈ তেওঁলোকে দীৰ্ঘম্যাদী পৰিকল্পনাৰে কৰা প্ৰচেষ্টাৰ প্ৰমাণ দাঙি ধৰে । তদুপৰি ভাৰত বিৰোধী নিষিদ্ধ বিদেশী বিত্তীয় সৰবৰাহ তথা ৰাষ্ট্ৰীয় সুৰক্ষা বিপদাপন্ন কৰাৰ বাবে তেওঁলোকে কৰা প্ৰচেষ্টা দেখিবলৈ পোৱা যায় । আলী তৌকীৰ শ্বেখে সামাজিক মাধ্যমযোগে প্ৰচাৰ আৰু দুষ্প্ৰচাৰ চলাই তেওঁ অসমৰ সাম্প্ৰদায়িক সম্প্রীতি বিনষ্ট কৰা আৰু ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ চেষ্টা কৰা দেখা গৈছে । ভাৰতৰ বিৰোধী দলক সমৰ্থন কৰা, ভাৰত বিৰোধী ব্যক্তিৰ লগত সম্পৰ্ক ৰক্ষা কৰা আৰু ভাৰতীয় ৰাজনৈতিক নেতাক টেগ কৰি কৰা তেওঁৰ টুইটাৰ পোষ্ট অনুসন্ধানৰ নথিৰ অংশ । তেওঁ এলিজাবেথ ক'লবাৰ্ণ গগৈক নিয়োগ কৰিছিল" - এইদৰে কয় মুখ্য়মন্ত্ৰীয়ে ।

Birth Certificate of Kabir Gogoi
কবীৰ গগৈৰ জন্মৰ প্ৰমাণ পত্ৰ (ETV Bharat Assam)

সিন্ধু জল চুক্তি আৰু আলী তৌকীৰ শ্বেখ

মুখ্য়মন্ত্ৰীয়ে পুনৰ কয়, "আলী তৌকীৰ শ্বেখ আৰু তেওঁ চলোৱা 'লীড পাকিস্তান' নামৰ বে-চৰকাৰী সংস্থাটো পাকিস্তানী স্বার্থক প্রাধান্য দিয়া সক্রিয় সংস্থা । বিশেষকৈ ভাৰতৰ সৈতে থকা পানী সম্বন্ধীয় বিভিন্ন সংঘাতৰ কথাবোৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত এই সংস্থা অতি সক্রিয় । অনুসন্ধানৰ সময়ত 'লীড পাকিস্তান' নামৰ সংস্থাটোৱে পাকিস্তান চৰকাৰৰ উচ্চতম মহল আৰু অন্যান্য বিদেশী মহলৰ সৈতে যোগাযোগ ৰক্ষা কৰি সিন্ধু জল চুক্তিত নিৰ্দ্ধাৰিত পাকিস্তানৰ অধিকাৰ সাব্যস্ত কৰা আৰু ভাৰতৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় হেঁচা প্ৰয়োগ কৰাৰ অপচেষ্টাত ব্ৰতী আছিল । আলী তৌকীৰ শ্বেখে সিন্ধু জল চুক্তি সন্দৰ্ভত পাকিস্তানৰ দৃষ্টিকোণ সম্পৰ্কে অজস্র প্ৰবন্ধ আৰু প্ৰচাৰ পত্ৰ লিখিছিল । এই বিষয়ত সমর্থন আদায় কৰিবলৈ তেওঁৰ সংগঠনটোৱে বিদেশী মহলক জড়িত কৰি আলোচনা চক্ৰ আৰু সজাগতা সভাৰ আয়োজন কৰিছিল । এন আৰ চিৰ বিৰুদ্ধেও তেওঁ অপপ্ৰচাৰ চলাইছিল । তদন্ত আৰম্ভ হোৱাৰ পাছত তেওঁ তেওঁৰ সামাজিক মাধ্যমৰ সকলো পোষ্ট ডিলিট কৰি দিছিল । আনক সুৰক্ষা দিয়াৰ বাবে তেওঁ এই কাৰ্য কৰিছিল । তেওঁ জানে অসম পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰে । এইজন ভাৰত বিৰোধী ব্যক্তিয়ে কংগ্ৰেছ চৰকাৰৰ দিনত ১৩ বাৰ ভাৰতলৈ আহিছিল । মোদী চৰকাৰ অহাৰ পিছত তেওঁ আৰু ভাৰতলৈ অহা নাই । তেওঁৰ ভিছা বাতিল কৰা হয় । দুই-তিনিটা ভাৰত ভ্ৰমণত তেওঁ পাকিস্তানৰ সহকাৰী এটৰ্নী জেনেৰেল আৰু আন বিষয়াকলৈ আহিছিল । দিল্লীলৈ আহিলে সৰু হোটেলত থাকিছিল ।"

Gaurav Gogoi's Profile
গৌৰৱ গগৈৰ পৰিচয় পত্ৰ (ETV Bharat Assam)

আলী তৌকীৰ শ্বেখৰে এলিজাবেথ ক'লবাৰ্ণ গগৈৰ সম্পৰ্ক

সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰে থকা সম্পৰ্ক সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "এলিজাবেথ ক'লবাৰ্ণ গগৈয়ে ২০১১ চনত আমেৰিকাৰ পৰা পাকিস্তানলৈ আহিছিল । ইয়াৰ পূৰ্বে তেওঁ যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ছিনেটৰ টম ইউডালৰ সৈতে সহায়ক হিচাপে কাম কৰিছিল । ছিনেটৰ টম ইউডালৰ পৃষ্ঠপোষকসকল প্ৰত্যক্ষভাৱে জৰ্জ ছৰ'ছৰ সৈতে জড়িত । বৃটিছ নাগৰিক এলিজাবেথ ক'লবাৰ্ণ গগৈয়ে লীড পাকিস্তান আৰু চি ডি কে এনৰ জৰিয়তে আলী তৌকীৰ শ্বেখৰ সৈতে পেছাগতভাৱে আৰু বৃত্তিগতভাৱে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি চলিছিল । তেওঁ ২০১১ চনৰ ১৮ মাৰ্চত লীড পাকিস্তানত যোগদান কৰিছিল । তেওঁ এবছৰৰ বাবে ২০১২ চনৰ ১৭ মাৰ্চলৈ চুক্তিবদ্ধ আছিল । প্ৰথম ছমাহত প্ৰতিমাহে ২ লাখকৈ আৰু পৰৱৰ্তী সময়ত আঢ়ৈ লাখ পাকিস্তানী টকা লাভ কৰিছিল । অসম আৰক্ষীৰ অনুসন্ধানত তেওঁ পাকিস্তানত থকা বেংক একাউণ্ট সন্দৰ্ভত কোনো কথা প্ৰকাশ নকৰিলে ।"

Report submitted to the SIT
এছ আই টিয়ে দাখিল কৰা প্ৰতিবেদন (ETV Bharat Assam)

মুখ্যমন্ত্রীয়ে কয়, "এবছৰ পাছত তেওঁ ভাৰতলৈ আহি দিল্লীত 'লীড ইণ্ডিয়া'ত যোগদান কৰিছিল; কিন্তু লীড ইণ্ডিয়াই এলিজাবেথ গগৈৰ বাবে জাৰি কৰা পূৰ্ব নিৰ্ধাৰিত নিয়োগ পত্ৰৰ মাজেৰে সন্দেহৰ ডাৱৰ ঘনীভূত হৈছে । ২০১১ বৰ্ষৰ ২৭ এপ্ৰিলত তেওঁৰ নিয়োগ পত্ৰত স্বাক্ষৰ কৰিছিল লীড ইণ্ডিয়া'ৰ কাৰ্যক্ৰম আৰু কৰ্ম সম্পাদনৰ সঞ্চালক ভাৱনা লুথৰাই । যেতিয়া এলিজাবেথ গগৈ পাকিস্তানত আছিল । লক্ষ্যণীয়ভাৱে এলিজাবেথে 'লীড পাকিস্তান'ত যোগদান কৰাৰ এমাহ ৯ দিন পাছত 'লীড ইণ্ডিয়া'ৰ নিয়োগপত্ৰত সঞ্চালকে স্বাক্ষৰ কৰিছিল । নিয়োগৰ সময় আৰু উদ্দেশ্য সম্পর্কে এয়া এক গভীৰ অস্বাভাৱিকতা । ২০১২ বৰ্ষৰ ১ ডিচেম্বৰত স্বাক্ষৰিত চুক্তিখন 'লীড ইণ্ডিয়া'ৰ ভাৱনা লুথৰা আৰু 'লীড পাকিস্তান'ৰ সঞ্চালক আলী তৌকীৰ শ্বেখৰ মাজত সম্পাদিত হৈছিল । এই চুক্তি অনুসৰি এলিজাবেথ গগৈয়ে ভাৰতত কাম কৰিলেও দৰমহা পাকিস্তানৰ পৰা পাইছিল । তেওঁ আলী তৌকীৰ শ্বেখৰ নিয়ন্ত্রণত আছিল । লীড ইণ্ডিয়াৰ মুৰব্বীতকৈ এলিজাবেথ গগৈয়ে বেছি দৰমহা লাভ কৰিছিল । আনহাতে ভাৰতত থকা অৱস্থাত এগৰাকী বিদেশী নাগৰিক হিচাপে তেওঁ পূৰ্ব অনুমতি নোপোৱাকৈ বিদেশী অনুদান ল'ব নোৱাৰে । লীড পাকিস্তানৰ পৰা লীড ইণ্ডিয়াৰ যোগেদি তেওঁ দৰমহা পাইছিল ।"

লীড ইণ্ডিয়াই পাকিস্তানৰ পৰা লাভ কৰে ধন

"২০১২ চনৰ ২৪ ছেপ্টেম্বৰৰ পৰা ২০১৪ চনৰ ২৯ নবেম্বৰৰ ভিতৰত লীড ইণ্ডিয়াই লাভ কৰা ৯১.২৭ লাখ টকাৰ ভিতৰত ৬৩.৪৮ লাখ টকা লীড পাকিস্তানৰ মাধ্যমত পাকিস্তানৰ পৰা লাভ কৰে । এই সময়চোৱাৰ ভিতৰত লীড ইণ্ডিয়াই এলিজাবেথ গগৈক ৮২.৪১ লাখ টকা প্ৰদান কৰে । আনহাতে এছ আই টিৰ অনুসন্ধানত এলিজাবেথ গগৈৰ ভাৰত বিৰোধী কাৰ্যকলাপ ধৰা পৰিছে । তেওঁ ২০১৪ চনৰ আগষ্ট মাহত আই বি ৰিপ’ৰ্টৰ আধাৰত আলী তৌকীৰ শ্বেখলৈ গোপন পত্র প্ৰেৰণ কৰিছিল য'ত মোদী চৰকাৰ অহাৰ পিছত ক্লাইমেট একচন নচলিব বুলি পৰামৰ্শ দিছিল । ভাৰত চৰকাৰক বাইপাছ কৰাৰ কথা কৈছিল । ছাব নেচনেল এজেন্সীৰ লগত কাম কৰাৰ পৰামৰ্শ দিছিল । পাকিস্তানত কাম কৰি থকা সময়ত এলিজাবেথ গগৈ ইছলামাবাদৰ পৰা ভাৰতলৈ তিনিবাৰ আহিছিল । লগত আলী তৌকীৰ শ্বেখো আহিছিল । আনহাতে তেওঁ ভাৰতত কাম কৰি থাকোতে পাকিস্তানলৈ ৬ বাৰ গৈছিল । গ’লে আটাৰী সীমান্তৰে গৈছিল" - মুখ্যমন্ত্রীয়ে এইদৰে কয় ।

CM Himanta Biswa sarma on Pakistan link of Gaurav Gogoi
পাকিস্তান সংযোগৰ তথ্য প্ৰমাণ ৰাজহুৱা কৰিলে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই (ETV Bharat Assam)

মুখ্যমন্ত্রীয়ে লগতে কয়, "এলিজাবেথ ক'লবাৰ্ণে গৌৰৱ গগৈৰে বিবাহপাশত আবদ্ধ হোৱাৰ পাছতো বৃটিছ নাগৰিকত্ব আৰু খ্ৰীষ্টান ধৰ্মতে আছে । একো পৰিচয় সলনি কৰা নাই ।"

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ

গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "সাংসদ গৌৰৱ গগৈয়ে অতি গোপনীয়তাৰে ২০১৩ চনৰ ১৪ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ পাকিস্তানত আছিল । কিয় গৈছিল বুলি অসমৰ সংবাদ মাধ্যমে প্ৰশ্ন কৰাত তেওঁ পত্নীক সাক্ষাৎ কৰিবলৈ যোৱা বুলি কৈছিল; কিন্তু সেইটো সঁচা নহয় । কাৰণ তেতিয়া তেওঁৰ পত্নীয়ে ভাৰতত কাম কৰি আছিল । তেওঁ আটাৰী সীমান্তৰে পাকিস্তানলৈ গৈছিল । সেই সময়ত তেওঁৰ পিতৃ মুখ্যমন্ত্রী আছিল আৰু তেওঁ মুখ্যমন্ত্রীৰ বাসভৱনত আছিল; কিন্তু অসমৰ আই বিৰ ওচৰত তেওঁ পাকিস্তান যোৱাৰ কোনো তথ্য নাছিল । অতি গোপনীয় ভ্ৰমণ আছিল । সেই দহদিন তেওঁ ডিজিটেলিও নীৰৱ আছিল । গৌৰৱ গগৈয়ে ২০১৩ চনৰ ১২ ডিচেম্বৰত পাকিস্তানৰ লাহোৰলৈ যোৱাৰ ভিজা পাইছিল; কিন্তু লাহোৰত যোৱাৰ পাছত পাকিস্তানৰ গৃহ বিভাগৰ বিশেষ পত্রৰ যোগেদি ইছলামাবাদ আৰু কৰাচীলৈ যোৱাৰ সুবিধা পায় ।"

"লাহোৰত যোৱাৰ পাছত তেওঁৰ ভিজা সলনি হৈ গ'ল । যিটো নিয়মত নপৰে । সেই পত্রখন গৌৰৱ গগৈয়ে ৰাজহুৱা কৰক । অৰ্থাৎ পাকিস্তানৰ গৃহ বিভাগৰ লগত তেওঁৰ ভাল সম্পৰ্ক আছে । অসম আৰক্ষীয়ে সাংসদ গৌৰৱ গগৈক জেৰা কৰা নাই যদিও এলিজাবেথ ক'লবাৰ্ণ গগৈক সোধ-পোচ কৰোতে গৌৰৱ গগৈ পাকিস্তানত দহদিন থকাৰ কোনো কথা অৱগত নকৰিলে । আমাৰ সন্দেহ হয় গৌৰৱ গগৈয়ে দহ দিন পাকিস্তানত বিশেষ কিবা প্ৰশিক্ষণত আছিল । অসমৰ বীৰ জোৱান জিণ্টু গগৈক হত্যা কৰা পাকিস্তানে কিয় গৌৰৱ গগৈক ৰঙা দলিচা পাৰি দিছিল, এইটো এটা ডাঙৰ প্ৰশ্ন" - এইদৰে কয় মুখ্য়মন্ত্ৰীয়ে ।

পাকিস্তানৰ দহ দিনৰ প্ৰশিক্ষণৰ লগত সম্পৰ্ক থাকিব পাৰে

মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈক পাকিস্তানত থকা দহ দিনৰ সবিশেষ ৰাজহুৱা কৰাৰ বাবে প্ৰত্যাহ্বান জনায় । এই গোটেই ঘটনাৰাজিৰ লগত দিল্লীৰ কোনো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে মুখ্যমন্ত্রীয়ে ৷

মুখ্যমন্ত্রীয়ে কয়, "পাকিস্তানৰ পৰা অহাৰ পিছত সলনি হৈ পৰিল গৌৰৱ গগৈ । সংসদত তেওঁ ভাৰতৰ আভ্যন্তৰীণ স্পৰ্শকাতৰ বিষয় সমূহ উত্থাপন কৰা পৰিলক্ষিত হয় । সাংসদত দেশৰ অতি স্পৰ্শকাতৰ বিষয়ত গৌৰৱ গগৈৰ প্ৰশ্ন । সেইটো পাকিস্তানৰ দহ দিনৰ প্ৰশিক্ষণৰ লগত সম্পৰ্ক থাকিব পাৰে । সেই দহ দিন পাকিস্তানত ক'ত কি কৰিলে সেয়া তেওঁ ৰাজহুৱা কৰক । লাহোৰৰ পৰা কোনে ইছলামাবাদ আৰু কৰাচীলৈ লৈ গ'ল ।"

গৌৰৱ গগৈৰ পৰিয়ালটোৰ তিনিগৰাকীয়েই বৃটিছ নাগৰিক

মুখ্যমন্ত্রীয়ে লগতে কয়, "আচৰিত কথা যে সাংসদ গৌৰৱ গগৈৰ চাৰিজনীয়া পৰিয়ালটোৰ তিনিগৰাকীয়েই বৃটিছ নাগৰিক । পত্নী আৰু কন্যাৰ ধৰ্ম খ্ৰীষ্টান আৰু পুত্র সন্তানৰ ধৰ্মৰ কোনো উল্লেখ নাই । মাষ্টাৰ কবীৰ গগৈৰ জন্ম নতুন দিল্লীত যদিও তেওঁৰ পাছপ'ৰ্ট সলনি কৰাৰ সময়ত ধৰ্ম হিন্দু আছিল; কিন্তু ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰি বৃটিছ নাগৰিকত্ব লোৱাৰ সময়ত ধৰ্মৰ কোনো উল্লেখ নাই । সেইদৰে কন্যা সন্তান মায়া গগৈ জন্মৰে পৰা বৃটিছ নাগৰিক আৰু ধৰ্ম খ্ৰীষ্টান । চাৰিজনীয়া পৰিয়ালটোৰ এজন ভাৰতীয় আৰু এজনেই হিন্দু । এজন মুখ্যমন্ত্রীৰ পুত্রৰ পৰিয়াল এইটো ।"

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, "গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক'লবাৰ্ণ গগৈৰ ভিছা বাতিল কৰাৰ বাবে ভাৰত চৰকাৰলৈ আবেদন জনোৱা হ'ব ।"

সংবাদমেলত মন্ত্রী অতুল বৰা, কেশৱ মহন্ত, অজন্তা নেওগ, চন্দ্ৰমোহন পাটোৱাৰী, প্ৰশান্ত ফুকন, পীযুষ হাজৰীকা উপস্থিত আছিল ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীয়ে আঢ়ৈ ঘণ্টা ছুপাৰ ফ্লপ চিনেমাৰ কথা ব্যাখ্য়া কৰিলে : গৌৰৱ গগৈ

গৌৰৱ গগৈৰ পাকিস্তান সংযোগ : এছ আই টিৰ প্ৰতিবেদন দেওবাৰে ৰাজহুৱা কৰাৰ সিদ্ধান্ত কেবিনেটৰ