গৌৰৱ গগৈৰ পৰিয়ালৰ বেংক একাউণ্ট আজিও পাকিস্তানত চলি আছে : আক্ৰমণৰ তীব্ৰতা বাঢ়িছে মুখ্যমন্ত্ৰীৰ
অসমীয়াক ভগনীয়া বুলি গ্ৰন্থ লিখা কোন নেতা গৌৰৱ গগৈৰ উপদেষ্টা ? মুখ্যমন্ত্ৰীয়ে খুলিব মুখা ৷

Published : February 5, 2026 at 2:51 PM IST
আজাৰা : "গৌৰৱ গগৈৰ লগত থকা মানুহজনে কি লিখিছিল যে অসমত অসমীয়াবিলাকহে বোলে ভগনীয়া, আমিহে বাহিৰৰ পৰা আহিছোঁ । আৰু মিঞাবিলাকহে বোলে অৰিজিনেল । এই কিতাপখন লেখা মানুহজন এতিয়া গৌৰৱ গগৈৰ আটাইতকৈ ডাঙৰ উপদেষ্টা, পদবীত থাকি উপদেষ্টা, লুকায়ো নহয় । গতিকে মই এই গোটেই কথাবোৰ লাহে লাহে ক'ম । অসমীয়াৰ বিৰুদ্ধে এটা ডাঙৰ ষড়যন্ত্ৰৰ ঘাটিত পৰিণত হৈছে ৰাজীৱ ভৱন । তাত অকল এণ্টি আছামিজ কামবিলাকহে চলি আছে । পূৰা অসমবিৰোধী ।" এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে আন এক বিস্ফোৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।
আনহাতে, কংগ্ৰেছৰ ৱেবছাইট হেক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "কংগ্ৰেছে বুজি পাব লাগে আজিকালি কোনেও ৱেবছাইট নাচায়, আজিকালি এপ চায় । ৱেবছাইটৰ দিন কেতিয়াবাই পাৰ হৈ গ'ল । তেওঁলোকে অসমীয়া মানুহক এতিয়াও পিছপৰি থকা বুলি ভাবে । এতিয়া ছফ্টৱেৰ নাই, এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আহি গ'ল । আজিৰ দিনত কোনোবাই ৱেবছাইট খোলে নেকি । তেওঁলোকৰ কোনো ন্যূনতম সমসাময়িক জ্ঞানো নাই । যিকেইজন ব্যক্তিয়ে গৌৰৱ গগৈৰ লগত লগ লাগি এই কামবোৰ কৰি আছে সেইকেইজনো কিমান ডেঞ্জাৰাছ ৮ তাৰিখৰ পিছত ক'ম ।"
ইফালে গোৰৱ গগৈৰ পাকিংস্তান লিংক সন্দৰ্ভত পুনৰ এক নতুন তথ্য জনালে মুখ্যমন্ত্ৰীয়ে । ৮ তাৰিখে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সবিশেষ জনাব বুলি উল্লেখ কৰি সাংবাদিকলৈ এটা নতুন ইংগিত মুখ্যমন্ত্ৰী, "আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ কেইটা বেংক একাউণ্ট আছে । মই আজি খালি হিণ্টছ দিছোঁ আপোনালোকক । তেওঁৰ পৰিয়ালৰ একাউণ্ট আজিও পাকিস্তানত ৰাণিং আছে । মই ৮ তাৰিখে ক'মেই ।"
উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে পুৱা জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আজাৰাৰ বিমানকোঠ মণ্ডলৰ অন্তৰ্গত বুথ নং ৩২ত বুথ বিজয় অভিযানৰ শুভাৰম্ভণি কৰে । এই বুথ বিজয় অভিযানৰ শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰীয়ে সাংবাদ মাধ্যমক সম্বোধন কৰি এই মন্তব্য কৰে ।
মুখ্যমন্ত্ৰীয়ে বুথ বিজয় অভিযানৰ অংশ হিচাপে আজাৰাৰ ওজাপাৰা গাঁৱৰ কেইবাগৰাকীও চৰকাৰী হিতাধিকাৰী পৰিয়ালৰ গৃহ ভ্ৰমণ কৰি হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে । মুখ্যমন্ত্ৰীৰ লগত বিজেপিৰ নিৰ্বাচনী ব্যৱস্থাপনা কমিটীৰ সমন্বয়ক প্ৰদান বৰুৱাও উপস্থিত থাকে ।
এই কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সাংবাদিকক সম্বোধন কৰি কয়, "আজি অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । সমষ্টিৰ প্ৰতিটো পৰিয়ালৰ তেওঁলোকৰ অনুমতি সাপেক্ষে এটাকৈ বিজেপি ৰ প্ৰতীক থকা ষ্টিকাৰ, বিজেপিৰ পতাকা আৰু এখন চৰকাৰৰ কাম-কাজৰ তথ্য থকা পত্ৰিকা আগবঢ়োৱা হৈছে ।"
তেওঁ লগতে কয়, "যিহেতু নৱগঠিত এই জালুকবাৰী সমষ্টিৰ পৰা এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছোঁ । গতিকে এই কাৰ্যসূচীৰ জৰিয়তে একপ্ৰকাৰ মোৰ নিৰ্বাচনী প্ৰচাৰ বুলি ক'ব পাৰি ।"
ইপিনে মুখ্যমন্ত্ৰীয়ে অহা ১৪ ফেব্ৰুৱাৰীত অসম তথা গুৱাহাটী ভ্ৰমণলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণসূচীৰ বিষয়েও উল্লেখ কৰে ।

