ETV Bharat / politics

বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰিবলৈ গৌৰৱ গগৈয়ে সাত জনম ল'ব লাগিব : সৰ্থেবাৰীত মুখ্যমন্ত্ৰীৰ হুংকাৰ

কংগ্ৰেছৰ মানুহবিলাকক ধৰি ধৰি পাকিস্তান আৰু বাংলাদেশলৈ পঠাই দিব লাগে বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

CM Himanta Biswa Sarma
সৰ্থেবাৰীত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2026 at 2:22 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা : "তেওঁ সাতবাৰ জনম ল'ব লাগিব... ৷ বৰপেটা মেডিকেল কলেজৰ নাম, বৰপেটা লিখা হৈ গ'ল । ইয়াক চেঞ্জ কৰিবৰ কাৰণে গৌৰৱ গগৈয়ে সাতবাৰ জন্ম ল'ব লাগিব ।" ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ নাম সলনি কৰি বৰপেটা মেডিকেল কলেজ কৰা সন্দৰ্ভত গৌৰৱ গগৈৰ মন্তব্যক এনেদৰে প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ । বৃহস্পতিবাৰে সৰ্থেবাৰীত এক নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয় ।

মুখ্যমন্ত্ৰীয়ে লগতে কংগ্ৰেছক তীব্ৰ ভাষাৰে আক্ৰমণ কৰি কয়, "কংগ্ৰেছৰ মানুহবিলাকক ধৰি ধৰি পাকিস্তান-বাংলাদেশলৈ পঠাই দিব লাগে । ইয়াত আৰু কোনো আইন অনাৰ কথাই হ'ব নোৱাৰে । মই ইতিমধ্যে মিটিঙত কৈছোঁৱেই যে যোৱাবাৰ আমি ডেৰ লাখ বিঘা মাটিত এভিকচন কৰিছিলোঁ, এইবাৰ আমাৰ টাৰ্গেট ৫ লাখ বিঘা ।"

সৰ্থেবাৰীত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat Assam)

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বৰপেটা বিধানসভা সমষ্টিৰ সৰ্থেবাৰীত নিৰ্বাচনী প্ৰচাৰ চলায় । এন ডি এ মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ হৈ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলায় । সৰ্থেবাৰীৰ জগন্নাথ মন্দিৰ খেলপথাৰত অনুষ্ঠিত প্ৰচাৰ সভাখনত মুখ্যমন্ত্ৰীয়ে কয় যে অসমত এইবাৰ এন ডি এই অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিব । গতিকে বৰপেটা বিধানসভা সমষ্টিতো এন ডি এৰ অংশীদাৰ অসম গণ পৰিষদে নিশ্চিত বিজয় সাব্যস্ত কৰিব ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বৰপেটা বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন বাতিল হয় ।‌ এনে হোৱাটো তেওঁলোকে বিচৰা নাছিল । ইপিনে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ যিবোৰ প্ৰতিশ্ৰুতি দিছে সেইবোৰ অৰ্থহীন । উদাহৰণস্বৰূপে বৰপেটা মেডিকেল কলেজৰ নাম চৰকাৰ গঠন হ'লে পুনৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰা হ'ব বুলি যি প্ৰতিশ্ৰুতি দিছে সেয়া সাত জনম ল'লেও নোৱাৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

CM Himanta Biswa Sarma
সৰ্থেবাৰীত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat Assam)

আনহাতে, ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে যে এইবাৰ চৰকাৰ গঠন কৰিলে বৰপেটা আৰু সৰ্থেবাৰীক ৰে'লপথেৰে সংযোজিত কৰা হ'ব ।‌ অসমৰ প্ৰসংগত তেওঁ কয় যে এইবাৰ দুই লাখ যুৱক-যুৱতীক চাকৰি প্ৰদান কৰা হ'ব । একেদৰে অধিক সংখ্যক মহিলাক অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰা, নিবনুৱা যুৱক-যুৱতীক আত্মসংস্থাপনৰ বাবে অধিক পুঁজি আদায় দিয়া আদি প্ৰতিশ্ৰুতিও মুখ্যমন্ত্ৰীয়ে দিয়ে ।

লগতে পঢ়ক :অসম বিধানসভা নিৰ্বাচন ২০২৬ : মুঠ ৭৮৯ প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা নিৰ্বাচন আয়োগৰ
লগতে পঢ়ক :ন্যায় প্ৰদানৰ পৰিৱৰ্তে বিজেপি-মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ চৰিত্ৰহননত নামিছে : গৌৰৱ গগৈ