ETV Bharat / politics

বাগানৰ মাটি তেওঁলোকে ললিপপ বুলি ক'ব, দুদিন পিছত কাগজ আহি ঘৰ পাবহি: বিৰোধীক আক্ৰমণ মুখ্যমন্ত্ৰীৰ

বঢ়মপুৰত উপস্থিত হৈ ৰাজেন গোঁহাইক শুভেচ্ছা মুখ্যমন্ত্ৰীৰ । ধিং, ৰূপহী, চামগুৰিত মুখ্যমন্ত্ৰীয়ে নকৰে চেক বিতৰণ । 'মামা বজাৰ' উদ্বোধন ।

Assam CM Nagaon visit
বঢ়মপুৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 1, 2025 at 6:35 PM IST

4 Min Read
Choose ETV Bharat

নগাঁও : "তেওঁলোকে সবকে ললিপপ বুলি কৈছিল... কিন্তু মানুহেতো লাভ পাই আছে । এতিয়া বাগানৰ মাটিও তেওঁলোকে ললিপপ বুলিয়ে ক'ব, দুদিন পিছততো কাগজ আহি ঘৰ পাই যাব ।" ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিৰোধীয়ে কৰা সমালোচনাৰ এইদৰে প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে । সোমবাৰে বঢ়মপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া ।

মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ উদ্দেশ্যে সোমবাৰে পুনৰ নগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ শৰ্মা । নগাঁও-বটদ্ৰৱা, কলিয়াবৰ আৰু ৰহাৰ পাছত সোমবাৰে নগাঁৱৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ হিতাধিকাৰীক মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰিবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ।

বঢ়মপুৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠান (ETV Bharat Assam)

সোমবাৰে নগাঁৱৰ বঢ়মপুৰৰ কঠিয়াতলি আঞ্চলিক পঞ্চায়ত খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত ৩৩,৬২৫ গৰাকী মহিলাক মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰা হয় । চেক বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি চেক বিতৰণৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বঢ়মপুৰ সমষ্টিৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “অহা ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখৰ ভিতৰতে সমগ্ৰ অসমৰ চেক বিতৰণৰ কাম সম্পন্ন হ’ব । ৰাজ্যৰ প্ৰায় ৩২ লাখ মহিলাই এই আঁচনিৰ চেক লাভ কৰিব । বঢ়মপুৰৰ সভাসহ নগাঁৱৰ চাৰিখনকৈ সভাত মই উপস্থিত থাকি চেক বিতৰণ কৰিলোঁ ।”

আনহাতে, ধিং, ৰূপহীহাট আৰু চামগুৰি সমষ্টিত মুখ্যমন্ত্ৰীয়ে চেক বিতৰণ নকৰে বুলি উল্লেখ কৰি নগাঁৱৰ এই তিনিটাকৈ সমষ্টিত মন্ত্ৰীৰ উপস্থিতিত চেক বিতৰণ কৰাৰ কথা তেওঁ সদৰী কৰে । ইফালে বিজেপিৰ প্ৰাক্তন জ্যেষ্ঠ নেতা ৰাজেন গোঁহাইৰ আঞ্চলিক দলত যোগদান সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ।

ৰাজেন গোঁহায়ে বঢ়মপুৰ সমষ্টিত বিজেপিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ৰাজেন গোঁহাইৰ সকলো ফালৰ পৰা ভাল হ’ব বুলি কৈ শুভেচ্ছা জ্ঞাপন কৰে । আনহাতে, বিৰোধীয়ে চৰকাৰৰ সকলো আঁচনিকে ললিপপ বুলিয়েই কয় বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

ইফালে কোকৰাঝাৰৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “প্ৰতিবেদন দাখিল হৈছিল ৭ বজাত, কিন্তু আন্দোলন হৈছিল ৩ বজাতেই । তাৰ মানে প্ৰতিবেদনখন নপঢ়াকৈ আন্দোলন হৈছিল । পঢ়িলে তাত কোনেও বেয়া পাবলৈ একো নাই । সকলোৰে বাবে অৰ্থাৎ সকলো জাতি-উপজাতি যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে আমি সুন্দৰ প্ৰতিবেদন এখন দিছোঁ । সকলোৱে পঢ়িলে গম পাব ।”

আনহাতে জুবিন গাৰ্গৰ মৃত্যু প্ৰসংগত ই ডিয়ে পলমকৈ অনুসন্ধান আৰম্ভ কৰা বুলি বিৰোধীয়ে কৰা সমালোচনা প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “সমালোচনা কৰা অসমত কিছু মানুহ আছে । ভাল কথা কোৱা মানুহো আছে । ভাল কথা কোৱাক মানুহে আদৰণি জনাব, বেয়া কোৱাক মানুহে সমালোচনা কৰিব । দুবিধ মানুহ থাকেই ।"

উল্লেখ্য যে ডিচেম্বৰৰ শেষভাগত নহ'লে জানুৱাৰীৰ প্ৰথমভাগত বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । আনহাতে, কামপুৰৰ লুটুমাৰী বনাঞ্চলত উচ্ছেদ সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়, “বৰাপানী বনাঞ্চলৰ উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ৰ এটা গোচৰ আছে । প্ৰায় ডেৰশ পৰিয়ালৰ ক্ষেত্ৰত স্থগিতাদেশ আছে । স্থগিতাদেশ প্ৰত্যাহাৰৰ পাছতেই উচ্ছেদ চলিব ।”

উল্লেখ্য যে বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলিতেই মহিলাৰ দ্বাৰা পৰিচালিত হ’বলগীয়া "মামা বজাৰ" নামেৰে নামকৰণ কৰা বজাৰখনো উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । সোমবাৰে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, পীয়ুষ হাজৰীকা, বিধায়ক জিতু গোস্বামী, ৰূপক শৰ্মা, নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাসহ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :জনজাতিকৰণ প্ৰসংগত বিধানসভাত দাখিল কৰা প্ৰতিবেদন এক প্ৰহসনহে মাথোঁ : লুৰীণজ্যোতি গগৈ
লগতে পঢ়ক :সচিবালয়ত আক্ৰমণৰ আঁৰত কোন ! এবছু-ইউ পি পি এলক জগৰীয়া কৰিলে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে