ETV Bharat / politics

নিৰ্বাচনৰ সময়ত বিৰোধী দলৰ নেতা বিজেপিত আৰু বিজেপি নেতা কংগ্ৰেছত: মুখ্যমন্ত্ৰী

অসমত নিৰ্বাচনী উত্তাপ তুংগত । বিজেপিৰ চূড়ান্ত প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ।

CM Himanta Biswa Sarma comments that the BJP's final candidate selection process has begun
বিজেপিৰ চূড়ান্ত প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 4, 2026 at 10:57 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমত আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক পৰিৱেশ দিনক দিনে গৰম হৈ উঠিছে । এই পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত নৱনিৰ্বাচিত অসম অসামৰিক সেৱা(ACS) আৰু অন্যান্য মৈত্ৰী সেৱাৰ প্ৰাৰ্থীসকলক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ বিতৰণ কৰে ।

একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে বন বিভাগৰ বাবে নতুনকৈ সংযোজিত ১৪৩খন যান-বাহন মুকলি কৰি ৰাজ্যজুৰি বনজ সম্পদ সংৰক্ষণ আৰু ক্ষেত্ৰস্তৰীয় তদাৰকী ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে । এই নতুন যান-বাহনসমূহৰ সংযোজনে বিশেষকৈ দূৰৱৰ্তী আৰু বনাঞ্চলীয় অঞ্চলসমূহত বন বিভাগৰ গতিশীলতা আৰু কাৰ্যক্ষমতা বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে ।

বিজেপিৰ চূড়ান্ত প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে নৱনিযুক্ত বিষয়াসকলক অভিনন্দন জনাই সততা, নিষ্ঠা আৰু দায়িত্ববোধেৰে ৰাইজৰ সেৱাত আত্মনিয়োগ কৰাৰ আহ্বান জনায় । তেওঁ কয়, "চৰকাৰী সেৱা কেৱল চাকৰি নহয়, ই হৈছে ৰাইজৰ বিশ্বাস আৰু দায়িত্ব বহন কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ ।"

অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা মত-বিনিময়ত আগন্তুক নিৰ্বাচন সন্দৰ্ভত প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে বিশেষকৈ যোৰহাট সমষ্টি আৰু কংগ্ৰেছ নেতা গৌৰৱ গগৈ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয়, "যোৰহাটকে ধৰি ১২৬টা সমষ্টিত আমাৰ শক্তিশালী প্ৰাৰ্থী আছে । নিৰ্বাচনৰ বাবে আমাৰ দল সম্পূৰ্ণভাৱে সাজু ।"

কংগ্ৰেছৰ কিছুমান নেতা বিজেপিত যোগদান কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ মন্তব্য কৰে, "নিৰ্বাচনৰ সময়ত বহু বিৰোধী দলৰ নেতাই বিজেপিত যোগদান কৰে আৰু বিজেপিৰ কিছুমানে বিৰোধীত । কিন্তু যোগদান কৰিলেই তেওঁলোকৰ টিকট নিশ্চিত নহয় ।"

তেওঁ আৰু জনায় যে বুধবাৰে নিশা দলীয় নিৰ্বাচনী সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "প্ৰত্যেকটো সমষ্টিৰ পৰা আমি তিনিজনকৈ নাম তালিকাভুক্ত কৰিছোঁ আৰু কিছুমান সমষ্টিত কেৱল এজনৰ নামেই চূড়ান্ত কৰা হৈছে । প্ৰাৰ্থীসকলৰ চূড়ান্ত সিদ্ধান্ত কেন্দ্ৰীয় সংসদীয় বোর্ডে গ্ৰহণ কৰিব ।"

লগতে পঢ়ক: কংগ্ৰেছত আৰম্ভ ক্ষোভ-বেদনাৰ পৰ্ব : তালিকাই জোকাৰিছে ৰাজীৱ ভৱন

সীমান্ত আৰক্ষীয়ে নাগৰিকত্বৰ নামত অবৈধ ছিণ্ডিকেট চলাই আছে ! বিধায়ক আমিনুলৰ অভিযোগ