ETV Bharat / politics

বিৰোধীৰ আসনত বহাৰ পৰাও বঞ্চিত হ'ব কংগ্ৰেছ: অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ ভাষ্য়

অহাবাৰ কংগ্ৰেছে বিৰোধীৰ আসনখনৰ পৰা কিয় বঞ্চিত হ'ব সেই কথা ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

CM Himanta Biswa Sarma
যোৰহাটত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 25, 2026 at 3:40 PM IST

|

Updated : February 25, 2026 at 4:05 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : "ইলেকচনৰ দিনটোৰ বিষয়ে মইতো ক'ব নোৱাৰিম । কিন্তু অসম চৰকাৰে নিৰ্বাচনী আয়োগক অনুৰোধ কৰিছে যে ইলেকচন যাতে যিকোনো কৰাণতে ব'হাগ বিহুৰ আগতে হয় । কাৰণ ব'হাগ বিহু পাৰ হৈ যোৱাৰ লগে লগে বৰষুণো আৰম্ভ হৈ যাব । তেতিয়া ইলেকচন কৰাটো অসুবিধা হ'ব ।" এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । যোৰহাটত এক অনুষ্ঠানত অংশগ্ৰহণৰ পিছত সাংবাদিকে নিৰ্বাচনৰ দিন সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এনেদৰে কয় ।

আনহাতে, অসম জাতীয় পৰিষদক কেইবাটাও সংখ্যালঘু প্ৰধান সমষ্টি এৰি দিয়া বিষয়ত কংগ্ৰেছ কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "যিখিনি সংখ্যালঘু প্ৰধান সমষ্টি তাত কংগ্ৰেছৰ ভাল সংগঠন আছে, সেইটো অস্বীকাৰ কৰি লাভ নাই । কাৰণ সেই সমষ্টিত কংগ্ৰেছ জয়ী হোৱাৰ ১০০ শতাংশ সম্ভাৱনা আছে । যদি ৰাইজৰ দল, জাতীয় পৰিষদক সেইকেইটা সমষ্টি দি দিয়ে তেতিয়াহ'লে অহাবাৰ বিৰোধীৰ আসনত বহাৰ পৰাও বঞ্চিত হ'ব কংগ্ৰেছ । কাৰণ বিৰোধীৰ আসনত বহিবলৈ ২২ খন আসন লাগে ।"

যোৰহাটত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

ইপালে বিজেপিৰ আসন ভাগ-বাটোৱাৰা প্ৰসংগত তেওঁ কয়, "অগপৰ লগত আলাপ-আলোচনাৰ মাজেৰে আসন ভাগ-বাটোৱাৰা হ'ব । ইতিমধ্যে ৰাভা যৌথ মঞ্চৰ লগত প্ৰায় আলোচনা সমাপ্ত হৈছে আৰু ২৮ ফেব্ৰুৱাৰীৰ আগতেই বিপিএফৰ লগত আলোচনা হ'ব ।"

আনহাতে, '২৬ৰ নিবাচনত নতুন মুখে কিমান প্ৰাধান্য পাব তাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, '২৬ৰ নিৰ্বাচনত আমাৰ ভাল ছীট ১০৩টা আছে । সেয়েহে ৪০ খন নতুন মুখ আহিব । মই ক'লেও আহিব, নক'লেও আহিব‌ ।"

উল্লেখ্য যে বুধবাৰে যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান খেলপথাৰত আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অনুদান বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । উক্ত অনুষ্ঠানত গোলাঘাট, যোৰহাট, মাজুলীৰ ৫,৯৫৮ গৰাকী লোকক আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ আৰ্থিক অনুদান বিতৰণ কৰে ।

CM Himanta Biswa Sarma
যোৰহাটত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

এই আঁচনিৰ ধন বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ জৰিয়তে ২ লাখ টকা লাভ কৰিব । ইয়াৰে ১ লাখ টকা ৫ বছৰ পিছত ঘূৰাই দিব লাগিব । তিনিটা কিস্তিত এই ধন বিতৰণ কৰা হ'ব । প্ৰথম কিস্তি ৭৫ হাজাৰকৈ দিয়া হৈছে । এই আঁচনিয়ে ৰাজ্যৰ ১ লাখ যুৱক-যুৱতীক সামৰি লোৱা হৈছে । কোনো ধৰণৰ গেৰাণ্টী আৰু মৰ্টগেজ লোৱা নাই । এয়া আস্থা আৰু বিশ্বাসৰ মাধ্যমেৰে এই অনুদান তেওঁলোকক প্ৰদান কৰা হৈছে ।

আনহাতে, সকলোৰে সহযোগিতা থাকিলে অহা ৫ বছৰত ১০ লাখ যুৱক-যুৱতীক এই আঁচনিত সামৰি লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জনায় ।

লগতে পঢ়ক :গৌৰৱ গগৈ নামতহে গগৈ, নিজৰ সন্তানটোকে গগৈ কৰি ৰাখিব নোৱাৰিলে, গগৈক লৈ গগৈৰ কটাক্ষ
লগতে পঢ়ক :কংগ্ৰেছ হ'ব হিন্দুবিহীন দল ! এজন এজনকৈ কংগ্ৰেছৰ সকলো হিন্দু নেতা বিজেপিলৈ আহিব : দৃঢ়তাৰে দাবী শৰ্মাৰ
Last Updated : February 25, 2026 at 4:05 PM IST