ETV Bharat / politics

ভাৰতৰ আদালত ছিংগাপুৰৰ আদালতৰ অধীনত নহয় : মুখ্যমন্ত্ৰী

শীঘ্ৰে বৰপেটা জিলাত চলিব বৃহৎ বেদখল উচ্ছেদ অভিযান ৷ জনালে মুখ্যমন্ত্ৰীয়ে‌ ৷

Assam CM Barpeta visit
বৰপেটাত মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 16, 2025 at 8:48 PM IST

4 Min Read
Choose ETV Bharat

বৰপেটা : "এফালৰ পৰা উচ্ছেদ হৈ আছে । বৰপেটা জিলাতো বেদখল উচ্ছেদৰ বৃহৎ অভিযান চলিব ৷" মঙলবাৰে বৰপেটা চহৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । মুখ্যমন্ত্ৰী মহিলা উদ্যমিত আঁচনিৰ বৰপেটা সমষ্টিৰ মহিলাসকলৰ মাজত পুঁজি বিতৰণৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰে ।

আনহাতে, অনুষ্ঠানৰ শেষত সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কয়, "ছিংগাপুৰৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ, ভাৰতৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ ৷ ছিংগাপুৰৰ কোনো পুলিচ অসমত আহি তদন্ত কৰা নাই ৷ জুবিনৰ বিহুৰ ফাংচনৰ টকা কোনে খালে ৷ অসমৰ পুলিচ তদন্তৰ বাবে ছিংগাপুৰলৈ গৈছিল ৷ গতিকে তদন্তটো কাৰ ভাল হ'ব ৷ ভাৰতৰ আদালত ছিংগাপুৰৰ আদালতৰ তলত নহয় ৷"

বৰপেটাত মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "আমাৰ ন্যায় প্ৰক্ৰিয়া বেলেগ, ছিংগাপুৰৰ ন্যায় প্ৰক্ৰিয়া বেলেগ ৷ এচাম লোক আছে খালি কনফিউজন কৰি থাকে ৷ তেওঁলোকৰ মতে জুবিনে ন্যায় পাব লাগে নে নালাগে মোৰ মাজে মাজে সন্দেহ হয় ৷ তেওঁলোকে এটা কামত লাগি আছে, উইক পইণ্ট উলিয়াই দিয়ক, যাতে আচামীকেইজন মুকলি হ'ব পাৰে ৷ তেওঁলোকে যি কৈ আছে তাৰ পৰা বুজা যায় আচামীকেইজন মুক্ত হ'ব লাগে ৷ তাৰ পিছত হিমন্ত বিশ্ব শৰ্মাক ধৰিম ৷"

Assam CM Barpeta visit
বৰপেটাত মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ দাস আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে মুখ্যমন্ত্ৰী (ETV Bharat Assam)

বিৰোধীক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়, "তেওঁলোকৰ টাৰ্গেট জুবিন গাৰ্গ নহয়, তেওঁলোকৰ টাৰ্গেট হিমন্ত বিশ্ব শৰ্মা ৷ ইমান ভাল তদন্ত হৈছে, আজিলৈকে জে'লৰ পৰা ওলাব পৰা নাই ৷ কংগ্ৰেছৰ দিনত যিমান ক্ৰাইম হৈছে সকলো অপৰাধীয়ে দুমাহৰ ভিতৰত বেইল পাইছে ৷ কিন্তু আমি বেইল পাব দিয়া নাই ৷ মোৰ আদালতৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে ৷ ভাৰতৰ আদালতে ন্যায় দিব ৷ ভাৰতৰ আদালত ছিংগাপুৰৰ আদালতৰ অধীনত নহয় ৷"

ইপিনে ১০৮ জৰুৰী সেৱাৰ চালক-কৰ্মচাৰীয়ে অব্যাহত ৰখা আন্দোলনৰ কাৰ্যসূচীক লৈ মুখ্যমন্ত্ৰীয়ে কয়, "যিটো কোম্পানীয়ে তেওঁলোকক চাকৰি দিছে সেইটো সম্পূৰ্ণ ব্যক্তিগত । তাৰ লগত চৰকাৰৰ কোনো সম্পৰ্ক নাই । এনেয়ো যিটো সংস্থাৰ অধীনত বৰ্তমান এই সেৱাৰ কাম চলি আছে, সেইটোৰ ম্যাদ অহা এপ্ৰিলত অন্ত পৰিব ।‌"

Assam CM Barpeta visit
বৰপেটাত মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

আনহাতে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে বৰপেটাত মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ আৰম্ভ কৰি কয়, "ইতিমধ্যে অসমৰ ৮ লাখ মহিলা লাখপতি বাইদেউত পৰিণত হৈছে ।‌ অসমৰ মহিলাক সবলীকৰণৰ এই অভিযানৰ অংশ হিচাপেই অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যখনৰ ৩২ লাখ মহিলাৰ মাজত আঁচনিখনৰ ধন বিতৰণ সম্পূৰ্ণ কৰা হ'ব ।

উল্লেখ্য যে মঙলবাৰে বৰপেটাত মুখ্যমন্ত্ৰীয়ে বৰপেটা বিধানসভা সমষ্টিৰ ২০ হাজাৰ ৬ গৰাকী মহিলাৰ মাজত আঁচনিখনৰ ধন বিতৰণ আৰম্ভ কৰে ।‌ প্ৰতীকী হিচাপে তেওঁ ১০ গৰাকী মহিলাৰ হাতত এই পুঁজিৰ ধনৰ চেক তুলি দিয়ে ।

ইয়াৰ বাবে বৰপেটা পৌৰসভাৰ খেলপথাৰত আয়োজিত এখন বৃহৎ সভাত মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে ১২ লাখ মহিলাৰ মাজত পুঁজি বিতৰণ সম্পূৰ্ণ হৈছে ।‌ মুঠ ৪ হাজাৰ কোটি টকা ব্যয় হ'বলগীয়া আঁচনিখনৰ সুবিধা গ্ৰহণ কৰি মহিলাসকলক নিজকে স্বাৱলম্বী কৰি তুলিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় ।

‌তেও কয় যে আজি আগবঢ়োৱা ১০ হাজাৰ টকা সফলতাৰে ব্যয় কৰা মহিলাসকলক চৰকাৰে পৰৱৰ্তী পৰ্যায়ত ২৫ হাজাৰ টকা আৰু তাৰ পাছৰ পৰ্যায়ত ৫০ হাজাৰ টকা প্ৰদান কৰিব । বৰপেটাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰাজ্য চৰকাৰৰ আন এগৰাকী মন্ত্ৰী ৰণজিৎ কুমাৰ দাসো উক্ত অনুষ্ঠানত উপস্থিত থাকে ৷

লগতে পঢ়ক :জুবিন গাৰ্গৰ মৃত্যুৰ চার্জশ্বীটত 'ক' লিখা আছে নে 'খ' লিখা আছে বিৰোধীয়ে কেনেকৈ জানিলে ? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন
লগতে পঢ়ক :কথাবোৰ আজমলে ভবাৰ দৰে নহ'ল ! গৌৰৱে চেঁচাপানী ঢালি দিলে আজমলৰ আশাত