ETV Bharat / politics

ৰাইজৰ মাজত ভালদৰে থাকিবলৈ হ'লে ৰাইজক ভয় কৰিবলৈ শিকক : মুখ্যমন্ত্রীক সতৰ্কবাণী সাংসদ গৌৰৱ গগৈৰ

মুখ্যমন্ত্ৰীক সমালোচনা APCC সভাপতি গৌৰৱ গগৈৰ । মুখ্যমন্ত্ৰী নিজৰ জালত তেওঁ নিজেই ফচি গ'ল বুলি মন্তব্য গগৈৰ ।

CM has been criticized by APCC President Gaurav Gogoi
মুখ্যমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 2, 2025 at 9:38 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: "এই বছৰৰ আৰম্ভণিৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণক এটা ভুৱা কাহিনী শুনাই আছিল । যি কাহিনী তেওঁ ১০ ছেপ্টেম্বৰত মুকলি কৰিব বুলি কৈছিল । ১০ ছেপ্টেম্বৰত কোনো তথ্য দিব নোৱাৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই ।" - এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ ।

শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মাক পুনৰ কঠোৰ ভাষাৰে সমালোচনা কৰে । তেওঁ কয়,"মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই মাথো পাতল কথাহে কয় । ১০ ছেপ্টেম্বৰৰ ফ্লপ শ্ব'ৰ কথা সকলোৱে জানে । ১০ ছেপ্টেম্বৰৰ পাছত ৰাইজৰ মাজত মুখ্যমন্ত্ৰীৰ গ্ৰহণযোগ্যতা শূন্য হৈ গ'ল । নিজৰ জালত তেওঁ নিজেই ফচি গ'ল । ৰাইজক ভয় কৰিবলৈ, সন্মান কৰিবলৈ শিকক হিমন্ত বিশ্ব শৰ্মাই ।"

মুখ্যমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "আমি যি কথা দিছিলোঁ সেই কথা কৰিছোঁ । মুখ্যমন্ত্রীয়ে কথাৰ বাহিৰে ৰাইজক একো জনাব পৰা নাই । আজি তেওঁলোকে কংগ্ৰেছৰ শক্তি বৃদ্ধিত ভয় খাইছে । ১০ ছেপ্টেম্বৰত মুখ্যমন্ত্রীৰ ফটকাটো ফুচ হ'ল । মই মুখ্যমন্ত্রীক অনুৰোধ কৰিছোঁ যে আমাক ভয় কৰিব নালাগে । অসমৰ ৰাইজক ভয় কৰক ।"

CM has been criticized by APCC President Gaurav Gogoi
আমাৰ বুথ আমাৰ দায়িত্ব কাৰ্যসূচীত গৌৰৱ গগৈ (ETV Bharat Assam)

মুখ্যমন্ত্রীক সমালোচনা কৰি তেওঁ কয়,"ক্ষমতা সদায় নাথাকিব । সেই সুৰক্ষা সদায় নাথাকিব । পৰৱৰ্তী সময়ত নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত তেওঁ অসমৰ ৰাইজৰ মাজত থাকিব লাগিব । যি ৰাইজক তেওঁ বাৰম্বাৰ ভয় দেখুৱাই আহিছে । তেওঁ সেইসকলৰ মাজত থাকিব লাগিব । তেতিয়া গৃহ বিভাগ তেওঁৰ লগত নাথাকিব । তেতিয়া আজিৰ দৰে ২৪ জনীয়া ছিকিউৰিটি নাথাকিব । ৰাইজৰ মাজত ভালদৰে থাকিবলৈ হ'লে ৰাইজক ভয় কৰিবলৈ শিকক । ৰাইজক দম দিয়া বন্ধ কৰক। নিজৰ কামটো শুদ্ধ কৰক। অন্যথা ক্ষমতা যোৱাৰ পিছত অসমৰ ভিতৰত থকাৰ পৰিৱেশটো নাপাব । নহ'লে ডুবাই, ছিংগাপুৰ যাব লাগিব ।"

CM has been criticized by APCC President Gaurav Gogoi
আমাৰ বুথ আমাৰ দায়িত্ব কাৰ্যসূচীত উপস্থিত লোক (ETV Bharat Assam)

তেওঁ লগতে কয়, "ৰৈ ৰৈ বিনালে চাবলৈ মুখ্যমন্ত্রী নগ'ল । কাশ্মীৰ ফাইলছ চাবলৈ তেতিয়া সেই ২৪ জনীয়া ছিকিউৰিটি নিছিল নে নাই মই নাজানোঁ । কাশ্মীৰ ফাইলছ চাবলৈ মন্ত্রী-চৰকাৰী বিষয়াক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে । এতিয়া মুখ্যমন্ত্ৰীয়ে 'ৰৈ ৰৈ বিনালে' চাবলৈ সেই একে নিৰ্দেশ দিছে নে নাই আমি নাজানোঁ । কালি অসমৰ ৰাইজ এফালে আৰু আনফালে আমাৰ মুখ্যমন্ত্রী আঁচনি বিতৰণ, ৰাজনৈতিকভাৱে আবোল-তাবোল কথাত ব্যস্ত । তেওঁ অকলশৰীয়া হৈ গৈছে ।"

উল্লেখ্য যে বুথ পৰ্যায়ৰ পৰাই কংগ্ৰেছ দলক ৰাইজৰ মাজত অধিক সবল ৰূপত প্ৰতিষ্ঠাৰ লক্ষ্যৰে আজি প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত 'আমাৰ বুথ আমাৰ দায়িত্ব' শীৰ্ষক প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰা হয় । গুৱাহাটীৰ দিছপুৰস্থিত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আয়োজিত এই প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সহঃ তত্ত্বাৱধায়ক বিকাশ উপাধ্যায়, সাংসদ ৰকিবুল হুছেইনকে ধৰি বহু সংখ্যক দলীয় নেতা-কৰ্মী ।

লগতে পঢ়ক: জুবিন ক্ষেত্ৰৰ ট্ৰাইবেল বেল্টৰ মাটি এৰি দিয়ক অশোকদা : মন্ত্ৰী অশোক সিংহলক হুংকাৰ অখিল গগৈৰ

মিতভাষৰ স্ৰষ্টালৈ অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান