এম এল এ নহ'লে ছোৱালীয়ে তেওঁৰ লগত বিয়াত নবহে, সেয়ে নিৰ্বাচনত নামিছে : কাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে
তেওঁৰতো বেলেগ উদ্দেশ্য নাই ৷ ৰাইজৰ কাৰণেতো তেওঁ ইলেকচন খেলা নাই, তেওঁৰ বিয়াখন হোৱা নাই, ইলেকচনত জিকিলে এম এল এ হ'লে বিয়াখন হ'ব... ৷

Published : March 26, 2026 at 6:11 PM IST
বৰপেটা: ৰাজ্যত ক্ৰমাৎ গৰম হৈ উঠিছে নিৰ্বাচনী বাতাবৰণ । সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে শাসক-বিৰোধীৰ প্ৰাৰ্থীসকল । প্ৰত্যক্ষভাৱে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে হিমন্ত বিশ্ব শৰ্মা । বৃহস্পতিবাৰে বজালীত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে । বজালীত সাংবাদিকৰে হোৱা বাৰ্তালাপত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।
সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে লুৰীণজ্যোতি গগৈক কটাক্ষ কৰি কয়,"লুৰীণজ্যোতি গগৈৰ ৰাজনীতিত প্ৰৱেশৰ উদ্দেশ্য জনসেৱা নহয়, বৰঞ্চ ব্যক্তিগত লাভালাভৰ সৈতে জড়িত । ৰাইজৰ স্বাৰ্থৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে ব্যক্তিগত উদ্দেশ্য পূৰণতেই অধিক গুৰুত্ব আৰোপ কৰিছে ।"
মুখ্যমন্ত্ৰীয়ে কয়, "জাতীয়তাবাদ মানে লুৰীণজ্যোতিয়ে ইলেকচন খেলিছে যাতে তেওঁ বিয়াখন পাতিব পাৰে । তেওঁৰতো বেলেগ উদ্দেশ্য নাই, ৰাইজৰ কাৰণেতো তেওঁ ইলেকচন খেলা নাই, তেওঁৰ বিয়াখন হোৱা নাই ইলেকচনত জিকিলে এম এল এ হ'লে বিয়াখন হ'ব ৷ তেওঁ জানে মোৰ বয়স হ'ল মই বিয়া পাতিব লাগে । এম এল এ নহ'লে ছোৱালীয়ে মোৰ লগত বিয়া নহয় ৷ গতিকে মোক বিয়া পতাৰ সুযোগ দিয়ক ৷"
ইয়াৰ লগতে 'নতুন বৰ অসম' গঢ়াৰ প্ৰতিশ্ৰুতি সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কঠোৰ সমালোচনা কৰা পৰিলক্ষিত হয় । তেওঁৰ মতে,"মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গঢ়ি থৈ যোৱা অসমীয়া সমাজ-সংস্কৃতিৰ মজবুত আৰু ঐতিহ্যমণ্ডিত । সেয়ে 'নতুন বৰ অসম' বুলিব পৰা ধাৰণাটো বাস্তৱসন্মত নহয় আৰু ইয়াৰ আঁৰত লুকাই থকা উদ্দেশ্য সন্দেহজনক ।"
তেওঁ আৰু কয়, "অসমীয়া সমাজৰ ঐতিহ্য বিকৃতি কৰাৰ এক চেষ্টা চলিছে, য’ত ইতিহাস আৰু সংস্কৃতিক ভুল ব্যাখ্যা কৰি ৰাইজক বিভ্ৰান্ত কৰা হৈছে ।" এনেধৰণৰ ৰাজনীতিৰ বিৰুদ্ধে সজাগ হৈ থাকিবলৈ তেওঁ সাধাৰণ জনতাক আহ্বান জনায় ।

