ETV Bharat / politics

দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰে মুখ্যমন্ত্ৰীৰ বৈঠক: বান, পুনৰসংস্থাপন সন্দৰ্ভত আলোচনা

নতুন দিল্লীত দেওবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীক সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বানৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা ।

Himanta Biswa Sarma meets Amit Shah
দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰে মুখ্যমন্ত্ৰীৰ বৈঠক (X@himantabiswasarma)
author img

By ETV Bharat Assamese Team

Published : August 24, 2026 at 1:28 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : যোৱা ১৯ জুলাইত অহা প্ৰলয়ংকাৰী বানৰ পৰা এতিয়াও সম্পূৰ্ণৰূপে মুক্ত হ'ব পৰা নাই উজনিবাসী । ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ শেহতীয়া তথ্য অনুসৰি শিৱসাগৰ, গোলাঘাট, নগাঁও আৰু যোৰহাটৰ কিছু কিছু অংশ এতিয়াও প্ৰভাৱিত হৈ আছে । অৱশ্যে পৰিস্থিতি বিপজ্জনক নহয় ।

তাৰ মাজতে পুনৰসংস্থাপনৰ প্ৰক্ৰিয়াও অব্যাহত আছে । বিভিন্ন সংস্থা বা ব্যক্তিয়ে নিজাববীয়াকৈ ঘৰ আদি নিৰ্মাণ কৰি থকাৰ সমান্তৰালকৈ চৰকাৰ তথা প্ৰশাসনেও পুনৰসংস্থাপনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

কেন্দ্ৰীয় চৰকাৰেও অসমৰ বান পৰিস্থিতি আৰু পুনৰসংস্থাপনৰ তথ্য সংগ্ৰহ কৰিছে । ইয়াৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে নতুন দিল্লীত উপস্থিত হৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে গৃহ মন্ত্ৰীক অসমৰ বান পৰিস্থিতি আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়াৰ শেহতীয়া স্থিতি সম্পৰ্কে অৱগত কৰে । লগতে অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে ।

এই সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত লিখিছে, "আজি নতুন দিল্লীত কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰি অসমৰ বান পৰিস্থিতি পুনৰ্বাসন প্রক্রিয়াৰ শেহতীয়া স্থিতি সম্পর্কে বিশদভাৱে অৱগত কৰাৰ লগতে অসমৰ সৈতে সম্পৃক্ত আন গুৰুত্বপূর্ণ বিষয়সমূহো আলোচনা কৰোঁ ।"

অসমৰ দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থনৰ কথা উল্লেখ কৰি তেওঁ লিখিছে, "অসমৰ বানৰ সমগ্ৰ সময়ছোৱাত তেখেতে আমাৰ সৈতে নিৰন্তৰ যোগাযোগেৰে পৰিস্থিতি সম্পর্কত সম্পূর্ণ নিৰীক্ষণ কৰাৰ লগতে পৰৱর্তী অৱস্থাত জনসাধাৰণক স্বাভাৱিক জীৱনযাত্রালৈ ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰৰ পর্যাপ্ত সমর্থনৰ নিশ্চয়তা প্রদান কৰিছে ।"

তেওঁ লগতে লিখিছে, "তেখেতৰ সৈতে হোৱা প্ৰতিটো সাক্ষাতৰ দৰেই আজিও ওভতাৰ সময়ত সকলো সূক্ষ্মাতিসূক্ষ্ম বিষয়ৰ প্ৰতি তেখেতৰ গভীৰ মনোযোগ তথা বিশেষতঃ এক সুৰক্ষিত, সুস্থিৰ অসমৰ প্ৰতি তেখেতৰ অটল দায়বদ্ধতাই অনুপ্ৰাণিত কৰিলে । তেখেতৰ মূল্যৱান মার্গদর্শন আৰু সদায় আগবঢ়াই অহা দৃঢ় সমৰ্থনৰ বাবে আন্তৰিক কৃতজ্ঞতা জনালোঁ ।"

লগতে পঢ়ক :

মুখ্যমন্ত্ৰীৰ তৎপৰতা, অতুল বৰাৰ আলোচনাই ফল ধৰিলে: অসম-মেঘালয়ৰ মাজত যান-বাহনৰ স্বাভাৱিক চলাচল পুনৰ আৰম্ভ