বিহাৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজনৈতিক দলৰ সমৰ্থকৰ মাজত সংঘাত
মঙলবাৰে নৱাড়াত ভোটগ্ৰহণ কেন্দ্ৰৰ সমীপত বিভিন্ন ৰাজনৈতিক দলৰ সমৰ্থকৰ মাজত সংঘাত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

By PTI
Published : November 11, 2025 at 5:19 PM IST
নৱাড়া: মঙলবাৰে বিহাৰত অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ভোটগ্ৰহণৰ সময়ত একাংশ অঞ্চলত সংঘটিত হয় বিক্ষিপ্ত ঘটনাও ৷
বিহাৰৰ নৱাড়া জিলাৰ ৱাৰিছলীগঞ্জ অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সমীপত মঙলবাৰে দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত বিভিন্ন ৰাজনৈতিক দলৰ সমৰ্থকৰ মাজত সংঘাতৰ সৃষ্টি হয় ৷
পি টি আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নৱাড়াৰ আৰক্ষী অধীক্ষক অভিনৱ ধীমানে কয়, ‘‘ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ দূৰৈত বিভিন্ন ৰাজনৈতিক দলৰ সমৰ্থকৰ মাজত সংঘাতৰ সৃষ্টি হৈছে ৷ সংশ্লিষ্ট বিষয়া আৰু নিৰাপত্তাৰক্ষীসকল উক্ত স্থানতে আছে আৰু তেওঁলোকে বিষয়টো চোৱাচিতা কৰি আছে । অঞ্চলটোৰ পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছে আৰু ভোটদান সূচাৰুৰূপে চলি আছে ।’’
নিৰ্বাচনী কাম-কাজত ব্যৱহাৰ কৰা এখন চৰকাৰী বাহন ক্ষতিগ্ৰস্ত হোৱা বুলি প্ৰচাৰ হোৱা উৰাবাতৰি সম্পূৰ্ণ ভিত্তিহীন বুলি সদৰী কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ লগতে উক্ত বাহনখন ব্যক্তিগত আৰু ইয়াৰ নিৰ্বাচনী কাম-কাজৰ সৈতে কোনো সম্পৰ্ক নাই বুলি দাবী কৰে ।
ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই সংঘাতৰ এটা ভিডিঅ’ । ভিডিঅ’টোত এজন ব্যক্তিয়ে বিৰোধীয়ে কোনো এক বিশেষ দলক ভোট নিদিয়াৰ বাবে তেওঁক মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰে ৷ অৱশ্যে পি টি আইয়ে ভিডিঅ’টোৰ সত্যাসত্যতা নিৰূপণ কৰিব পৰা নাই ৷
আন এক ঘটনাত, সীতামৰ্হী জিলাৰ ৰুন্নীছৈদপুৰ অঞ্চলত ভোটদানৰ সময়ত ২৭০ নং বুথৰ ভিতৰত নিজৰ দলৰ প্ৰাৰ্থীৰ প্ৰচাৰপত্ৰ বিতৰণ কৰাৰ বাবে জে ডি ইউৰ ভোটগ্ৰহণ এজেণ্ট গৌতম কুমাৰৰ বিৰুদ্ধে ভোটদানৰ আদৰ্শ আচৰণ বিধি উলংঘাৰ গোচৰ ৰুজু কৰা হৈছে । ৰুন্নীছৈদপুৰ ব্লকৰ মণ্ডল বিষয়াৰ প্ৰতিবেদনৰ ভিত্তিত ৰুজু কৰা হৈছে এই গোচৰ ।
ইফালে একাংশ সংবাদ মাধ্যমে ঔৰংগাবাদ আৰু আৰিয়াৰিয়াত ৰাজনৈতিক দলৰ সমৰ্থকৰ মাজত সংঘৰ্ষ হোৱা বুলি খবৰ প্ৰকাশ কৰে যদিও নিৰ্বাচন আয়োগে এই বাতৰিসমূহক “বিভ্ৰান্তিকৰ” আখ্যা দি একেমুখে নস্যাৎ কৰিছে ৷

