ETV Bharat / politics

সৰুৰে পৰা ঘৰখনত দেখি অহা পৰিৱেশে ৰাজনীতিলৈ টানি আনিলে ৰাজ্যপালৰ দুহিতাক

আমেৰিকাত কৰ্মজীৱন সামৰি অসমলৈ উভতি বিজেপিত যোগ দিলে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ কন্যা আয়ুষ্মিতাই ।

Chhattisgarh Governor Raman Deka's eldest daughter Ayushmita Deka joins BJP
বিজেপিত যোগদান ৰমেন ডেকাৰ জ্যেষ্ঠ কন্যা আয়ুষ্মিতা ডেকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 27, 2025 at 1:23 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ছত্তীশগড়ৰ ৰাজ্যপাল, প্ৰাক্তন সাংসদ, বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰমেন ডেকাৰ জ্যেষ্ঠ কন্যা আয়ুষ্মিতা ডেকাই যোগ দিলে বিজেপিত । বুধবাৰে বিজেপিৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত এক বিশাল যোগদান কাৰ্যসূচীত দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত আয়ুষ্মিতা ডেকাই বিজেপিত যোগদান কৰে । অনুষ্ঠানত দিলীপ শইকীয়াৰ উপৰিও মন্ত্রী জয়ন্ত মল্লবৰুৱা, সাধাৰণ সম্পাদক অনুপ কুমাৰ বৰ্মন, যুৱ মর্চাৰ সভাপতি ৰাকেশ দাস প্ৰমুখ্যে কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে ।

আয়ুষ্মিতা ডেকাৰ উপৰিও অসমৰ সমাজ জীৱনৰ কেইবাটাও গুৰুত্বপূর্ণ ক্ষেত্রত বিশেষ অৱদান আগবঢ়োৱা বহু কেইজন গণ্যমান্য ব্যক্তিয়েও একেটা অনুষ্ঠানত বিজেপিত যোগদান কৰে । তাৰ ভিতৰত সদৌ অসম ছাত্র সন্থাৰ প্ৰাক্তন উপ-সভাপতি ফনীন্দ্র ৰাজবংশী, ছাত্র মুক্তি সংগ্রাম সমিতিৰ প্ৰাক্তন সহকাৰী সম্পাদক অনিল বণিয়াকে প্রমুখ্য কৰি কেইবাখনো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি, প্রাক্তন সাধাৰণ সম্পাদক আৰু বহু বিষয়ববীয়া, সামাজিক মাধ্যমৰ ৭ জন ইনফ্লুৱেঞ্চাৰৰ লগতে ড৹ নীলেশ সিং আৰু বহুকেইজন চিকিৎসক আৰু অধিবক্তাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ।

বিজেপিত যোগদান ৰমেন ডেকাৰ জ্যেষ্ঠ কন্যা আয়ুষ্মিতা ডেকাৰ (ETV Bharat Assam)

আনহাতে, মাৰ্কিন যুক্তৰাষ্ট্ৰত উচ্চশিক্ষা গ্ৰহণ কৰি তাতেই কৰ্মজীৱনৰ পাতনি মেলা আয়ুষ্মিতাই নতুনকৈ দলটোত যোগদান কৰি কয়, "মই যোৱা মাৰ্চ মাহত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লগ পাইছিলোঁ তেতিয়া মোক মোৰ অভিজ্ঞতাৰে দেশৰ বাবে কাম কৰিবলৈ পৰামৰ্শ দিছিল । তেতিয়া মই সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে ভাৰতলৈ উভতি আহি দলৰ হৈ অসমৰ ৰাইজৰ হকে কাম কৰিম ।"

Chhattisgarh Governor Raman Deka's eldest daughter Ayushmita Deka joins BJP
বিজেপিলৈ স্বাগতম... (ETV Bharat Assam)

তেওঁ লগতে কয়, "আমাৰ পৰিয়ালটো যিহেতু বহুত আগৰে পৰাই সংঘ পৰিয়ালৰ লগত জড়িত সেয়েহে মই সৰুৰে পৰা বহুত শিকিছোঁ । বিজেপিৰ বহু জ্যেষ্ঠ নেতা আমাৰ ঘৰলৈ আহিছিল, সৰুৰে পৰা তেওঁলোকৰ লগত বহুত কথা পাতিছিলোঁ । তেওঁলোকৰ পৰা বহুত কথা শিকিব পাৰি, আজি তেনেকুৱা ধৰণে কাম কৰিব পাৰিম বুলি ভাবিছোঁ ।"

লগতে পঢ়ক: ‘‘আটাইতকৈ বেয়া এয়াৰলাইনৰ অভিজ্ঞতা’’, এয়াৰ ইণ্ডিয়াক ৰাজহুৱাভাৱে সমালোচনা এগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ

জানুৱাৰীত অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত ত্ৰিপাক্ষিক আলোচনাৰ প্ৰবল সম্ভাৱনা