মণিপুৰৰ জনসাধাৰণৰ ইচ্ছা অনুসৰিয়ে কেন্দ্ৰই লোকপিয়ল স্থগিত ৰাখিছে : মুখ্যমন্ত্ৰী
২০২২ চনত মণিপুৰত এনআৰচি কাৰ্যকৰী কৰা হ'ব লাগে বুলি তদানীন্তন মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে প্ৰস্তাৱ উত্থাপন কৰিছিল ।

By PTI
Published : September 2, 2026 at 4:12 PM IST
ইম্ফল (মণিপুৰ ): কেন্দ্ৰীয় চৰকাৰে সদ্য়হতে মণিপুৰত লোকপিয়ল প্ৰক্ৰিয়া স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সিদ্ধান্তৰ কুকি-জো কাউন্সিলে বিৰোধিতা কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্য়খনৰ মুখ্যমন্ত্ৰী ৱাই খেমাচান্দ সিঙে ।
উল্লেখ্য় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত এক উচ্চস্তৰীয় বৈঠকৰ পিছত মণিপুৰৰ লোকপিয়ল প্ৰক্ৰিয়া স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ইয়াৰ পিছতেই কুকি-জো কাউন্সিলে এই সিদ্ধান্তৰ বিৰোধিতা কৰে । এনে প্ৰতিক্ৰিয়া চলি থকাৰ মাজতেই বুধবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ ইচ্ছা অনুসৰিয়ে ৰাজ্যখনত লোকপিয়ল প্ৰক্ৰিয়া স্থগিত ৰাখিছে ।"
মণিপুৰ বিধানসভাৰ অষ্টম অধিৱেশনৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য আগবঢ়ায় । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কাৰ্যকৰী কৰাৰ পিছতহে লোকপিয়ল অনুষ্ঠিত কৰা প্ৰসংগত মুখ্যমন্ত্ৰী সিঙে বিধানসভাৰ মজিয়াত পূৰ্বৰ তথ্য় দাঙি ধৰে । সদনক সম্বোধন কৰি মুখ্য়মন্ত্ৰীয়ে কয়, "২০২২ চনৰ আগষ্টত মণিপুৰত এনআৰচি (ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী)কাৰ্যকৰী কৰা হ'ব লাগে বুলি তদানীন্তন মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে এক প্ৰস্তাৱ উত্থাপন কৰিছিল । এই প্ৰস্তাৱৰ প্ৰতি লক্ষ্য ৰাখি ২০২৩ চনত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ (এমএইচএ) এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল ।"
লোকপিয়লৰ পূৰ্বে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা হ’ব বুলি গ্ৰহণ কৰা সিদ্ধান্তৰ কথা উল্লেখ কৰি মুখ্য়মন্ত্ৰীয়ে সদনত কয়, " ২০২৪ চনৰ বিধানসভাৰ অধিৱেশনত পুনৰ নিশ্চিত কৰা হৈছিল আৰু এই প্ৰস্তাৱ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছিল । ৰাষ্ট্ৰপতি শাসন আৰু নতুন চৰকাৰ গঠনৰ পিছত চলিত আগষ্টত ৰাজ্যিক গৃহ বিভাগৰ দ্বাৰা এক দুদিনীয়া আলোচনাচক্ৰ অনুষ্ঠিত হয় । এই আলোচনাত লোকপিয়লৰ পূৰ্বে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।"
মুখ্যমন্ত্ৰীয়ে কয় যে এইসমূহৰ প্ৰতি লক্ষ্য ৰাখি আৰু জনসাধাৰণৰ দুখ-দুৰ্দশা তথা অভিযোগসমূহৰ কথা অৱগত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অন্যান্য নেতাসকলে ৰাজ্যখনত লোকপিয়ল কাৰ্যসূচী স্থগিত ৰখা হৈছে । এয়া ৰাজ্য়খনৰ জনসাধাৰণৰ ইচ্ছাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা বুলিও মুখ্য়মন্ত্ৰীয়ে কয় ।
কোনো চৰকাৰী নিৰ্দেশ জাৰি কৰা হোৱা নাই বুলি উত্থাপিত হোৱা প্ৰশ্নসমূহৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে সদনত ব্যাখ্য়া কৰে । এই সন্দৰ্ভত দিল্লীত আয়োজিত বৈঠকত উপস্থিত হোৱাৰ বিষয়ে উল্লেখ কৰি মুখ্য়মন্ত্ৰী সিঙে কয় ,"ৰাজ্যপাল অজয় কুমাৰ ভাল্লা আৰু মই দিল্লীত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত উপস্থিত আছিলো ।" উক্ত বৈঠকতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল বুলি মুখ্য়মন্ত্ৰীগৰাকীয়ে কয় ।
যোৱা ৩১ আগষ্টত মুখ্যমন্ত্ৰীৰ সচিবালয়ে নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ পৰ্যালোচনাৰ বৈঠকৰ পিছত ৰাজ্যখনত লোকপিয়ল কাৰ্যসূচী স্থগিত ৰখা বুলি উল্লেখ কৰিছিল । লোকপিয়ল অনুষ্ঠিত কৰাৰ পূৰ্বে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ দাবীৰে ৰাজ্যখনে প্ৰতিবাদৰ মুখামুখি হোৱা বুলিও মুখ্য়মন্ত্ৰী সিঙে কয় ।
লগতে পঢ়ক:লোকপিয়ল স্থগিত ৰখা সিদ্ধান্তৰ বিৰোধিতা কুকি-জো কাউন্সিলৰ, মণিপুৰত পুনৰ ৰাষ্ট্ৰপতি শাসনৰ দাবী

