ETV Bharat / politics

কংগ্ৰেছৰ এতিয়া কোনো ৰাজনৈতিক এজেণ্ডা নাই : কটাক্ষ গাৰ্লোচাৰ

হাফলং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কোন হ'ব ? দেৱলাল গাৰ্লোচাৰ আশীৰ্বাদ কাৰো প্ৰতিয়েই নাই !

CEM of the North Cachar Hills Autonomous Council Debolal Gorlosa
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 3, 2026 at 2:03 PM IST

2 Min Read
Choose ETV Bharat

হাফলং : আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে । ইতিমধ্য়ে শাসক-বিৰোধীৰ মাজতে আৰম্ভ হৈছে বাকযুদ্ধ । ইয়াৰ মাজতেই কংগ্ৰেছ দলৰ এতিয়া কোনো ৰাজনৈতিক এজেণ্ডা নাই বুলি কটাক্ষ কৰিলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ।

কংগ্ৰেছে ৩০ পৰা ৪০ হাজাৰ ভোট পাব :

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা (ETV Bharat Assam)

তেওঁ কয় যে কংগ্ৰেছ দলৰ অৱস্থা এতিয়া শোচনীয় হৈ পৰিছে । বিধানসভা নিৰ্বাচনৰ পূৰ্বে ডিমা হাছাও জিলাত বহু কংগ্ৰেছ নেতা-কৰ্মীয়ে বিজেপি দলত যোগদান কৰিব বুলি দাবী কৰি দেৱলাল গাৰ্লোচাই কয়, "এইবাৰ নিৰ্বাচনত হাফলং সমষ্টিত কংগ্ৰেছ বা নেচনেল পিপ'লছ পাৰ্টী বিজেপিৰ কাৰণে কোনো ফেক্টৰ নহ'ব । এন পি পি দলে ন-দহ হাজাৰতকৈ বেছি ভোট নাপায় আৰু কংগ্ৰেছ দলে ৩০ পৰা ৪০ হাজাৰ ভোট পাব । বাকী ভোট বিজেপিয়ে লাভ কৰিব ।"

হাফলং সমষ্টিত বিজেপিৰ জয় নিশ্চিত :

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে হাফলং সমষ্টিত যিয়েই বিজেপিৰ প্ৰাৰ্থী হ'ব তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰে । ইপিনে, ১১৩ নম্বৰ হাফলং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কোন হ'ব পাৰে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত গাৰ্লোচাই কয়, "বিজেপিৰ প্ৰাৰ্থী কোন হ'ব সেয়া দলীয় নেতৃত্বই সিদ্ধান্ত ল'ব; কিন্তু টিকট বিচৰাৰ সকলোৰে অধিকাৰ আছে । বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী নন্দিতা গাৰ্লোচাই টিকট বিচাৰিব । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বিজেপিৰ সদস্যই টিকট বিচাৰিব পাৰে । কোনো এন জি অ', ছাত্ৰ সংগঠনৰ পৰাও টিকট বিচাৰিব পাৰে; কিন্তু টিকট দিয়াৰ ক্ষেত্ৰত দলীয় নেতৃত্বই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু প্ৰাৰ্থিত্ব ঘোষণা কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি আৰু মুখ্যমন্ত্ৰীয়ে ।"

তেওঁ কয় যে দলীয় নেতৃত্বই যাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব তেওঁকেই জয়ী কৰাবৰ বাবে কাম কৰি যাব । সাংবাদিকে প্ৰশ্ন কৰিছিল যে তেওঁৰ আশীৰ্বাদত হাফলং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব নেকি ? এই প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "এইক্ষেত্ৰত মোৰ কোনো আশীৰ্বাদ নাই । মই এজন দলীয় কৰ্মকৰ্তা আৰু দলৰ নিৰ্দেশত কাম কৰি যাম । বিজেপি দল নিয়ম-নীতিৰ ওপৰত চলে । মই মুখ্য কাৰ্যবাহী সদস্য হৈ যদি কাম নকৰো তেনেহ'লে মোক কোনেও নামানে ।"

লগতে পঢ়ক:চৰকাৰ অহাৰ পিছত ফাদিল কৰিব মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মাটিৰ হিচাপ; তিনিচুকীয়াত গৌৰৱ গগৈ

মুখ্য়মন্ত্ৰীয়ে ১ লাখ ৯৭ হাজাৰ টকাৰ ঘড়ী উপহাৰ দিলে ভাগিনক