ETV Bharat / politics

প্ৰথম কেবিনেট বৈঠকতে বিএছএফক ভূমি হস্তান্তৰ: অনুপ্ৰৱেশ সন্দৰ্ভত কঠোৰ বাৰ্তা মুখ্যমন্ত্ৰী শুভেন্দুৰ

৪৫ দিনৰ ভিতৰত সমগ্ৰ ভূমি হস্তান্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ।

CM SUVENDU ADHIKARI
মুখ্যমন্ত্ৰী শুভেন্দুৰ সংবাদমেল সম্বোধন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 11, 2026 at 8:55 PM IST

4 Min Read
Choose ETV Bharat

কলকাতা: কাৰ্যভাৰ গ্ৰহণ কৰাৰ কিছু সময়ৰ পিছতে পশ্চিমবংগৰ নতুন চৰকাৰে সোমবাৰে প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত কৰে । এই বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সীমা সুৰক্ষাৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হয় । মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে স্পৰ্শকাতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলত সীমান্তৰ বেৰ নিৰ্মাণৰ বাবে সীমান্ত সুৰক্ষা বাহিনীক আইনীভাৱে ভূমি হস্তান্তৰ কৰাত অনুমোদন জনায় । বছৰ বছৰ ধৰি আমোলাতন্ত্ৰিক বিলম্বক নস্যাৎ কৰি ৪৫ দিনৰ ভিতৰত সমগ্ৰ ভূমি হস্তান্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ প্ৰশাসনক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ।

পশ্চিমবংগৰ চুবুৰীয়া দেশৰ সৈতে এক দীঘলীয়া আৰু স্পৰ্শকাতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে । চৰকাৰী তথ্য অনুসৰি, ৰাজ্যখনে কেৱল বাংলাদেশৰ সৈতে প্ৰায় ২,২১৬.৭ কিলোমিটাৰ সীমান্তৰ অংশীদাৰ । ইয়াৰে প্ৰায় ১,৬৪৭.৬৯৬ কিলোমিটাৰত ইতিমধ্যে বেৰ দিয়া হৈছে । আনহাতে, প্ৰায় ৫৬৯.০০৪ কিলোমিটাৰ এতিয়াও উন্মুক্ত আৰু দুৰ্বল হৈ আছে । বাংলাদেশৰ উপৰি উত্তৰ দিশত ভূটান আৰু উত্তৰ-পশ্চিমে নেপালৰ সৈতেও ৰাজ্যখনৰ আন্তৰ্জাতিক সীমান্ত আছে । বছৰ বছৰ ধৰি এই বেৰবিহীন অঞ্চলবোৰৰ মাজেৰে অবৈধ অনুপ্ৰৱেশৰ অভিযোগ এটা ডাঙৰ চিন্তাৰ বিষয় হৈয়েই আছে । সেয়ে নতুন চৰকাৰে প্ৰথমদিনাৰ পৰাই সীমান্ত নিৰাপত্তাক শীৰ্ষ অগ্ৰাধিকাৰৰ ভিতৰত স্থান দিছে ।

কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে এই সিদ্ধান্তৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি ৰাষ্ট্রীয় নিৰাপত্তা আৰু জনগাঁথনিগত চিন্তাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ তেওঁ কয়, "আমাৰ দেশৰ নিৰাপত্তা, পশ্চিমবংগৰ নিৰাপত্তা আৰু জনগাঁথনিৰ চৰিত্ৰ সলনি হোৱাৰ ধৰণ— এইবোৰ গুৰুতৰ চিন্তাৰ বিষয় ।"

বিষয়টোৰ জৰুৰী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাক আলোকপাত কৰি মুখ্যমন্ত্রীয়ে লগতে কয়, “ভূমি হস্তান্তৰ প্রক্রিয়া আজিৰে পৰাই আৰম্ভ হয় ৷ মুখ্য সচিব আৰু ভূমি আৰু ৰাজহ সচিবক নির্দেশ দিয়া হৈছে যাতে ৪৫ দিনৰ ভিতৰত প্রয়োজনীয় ভূমি বিএছএফক গতাই দিয়া হয় ৷"

ৰাজনৈতিক বিবেচনাই সীমান্ত সুৰক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত হ'বলগা অগ্ৰগতিক ৰোধ কৰা বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ চৰকাৰখনৰ ওপৰতো তীব্ৰ আক্ৰমণ চলায় । "বিএছএফৰ যি মাটিৰ প্ৰয়োজন হ’ব, সেইখিনি যোগান ধৰা হ’ব । ভূমি বিভাগে ইতিমধ্যে বহুখিনি ভূমিৰ কাম সম্পূৰ্ণ কৰিছে । পূৰ্বৰ চৰকাৰে ইচ্ছাকৃতভাৱে বিভাগটোৰ কামত বাধা দিছিল । কাৰণ তেওঁলোকে কিছুমান ভোট বেংক আৰু ভাৰতৰ বাহিৰৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিব বিচাৰিছিল । আনকি কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশকো আওকাণ কৰা হৈছিল, যিটো কোনো চৰকাৰে কেতিয়াও কৰা উচিত নহয় ।"

তেওঁ লগতে জোৰ দি কয় যে বৰ্তমানৰ প্ৰশাসনে সকলো চৰকাৰী বক্তব্য আৰু কাৰ্যত সঠিকতা আৰু জবাবদিহিতা বজাই ৰাখিব । "আমি ইতিমধ্যে ভূমি বিভাগক নিৰ্দেশ দিছোঁ যে তৎক্ষণাত সাজু হৈ থকা ভূমি হস্তান্তৰ আৰম্ভ কৰক । বিৰোধী দলৰ নেতা হিচাপে আগতে মোৰ হাতত থকা তথ্যৰ পৰা প্ৰায় ৯০ শতাংশ ভূমি বহু আগতেই হস্তান্তৰ কৰিব পৰা গ'লহেঁতেন । কিন্তু এজন মুখ্যমন্ত্ৰীয়ে দায়িত্বশীলভাৱে কথা ক'ব লাগিব আৰু প্ৰতিটো বক্তব্যৰ সম্পূৰ্ণ প্ৰমাণ নিশ্চিত কৰিব লাগিব । পূৰ্বৰ চৰকাৰৰ দৰে এই প্ৰশাসনে আকস্মিক বা দায়িত্বহীন মন্তব্যত লিপ্ত নহ'ব ।"

ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, প্ৰথমখন কেবিনেট বৈঠকতে বিএছএফক ভূমি হস্তান্তৰৰ সিদ্ধান্তই কেৱল ৰাষ্ট্ৰীয় নিৰাপত্তাক শক্তিশালী কৰাই নহয়, কেন্দ্ৰীয় নেতৃত্বই দিয়া এটা বৃহৎ নিৰ্বাচনী প্ৰতিশ্ৰুতিও পূৰণৰ লক্ষ্যৰে লোৱা হৈছে । ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, মুখ্যমন্ত্রীৰ এই কঠোৰ মন্তব্যই স্পষ্টভাৱে ইংগিত দিয়ে যে ৰাজ্যিক প্রশাসনে অনাগত দিনত অবৈধ অনুপ্রৱেশৰ বিৰুদ্ধে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰাৰ মনস্থ কৰিছে ৷

লগতে পঢ়ক :শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কৰ হত্যাকাণ্ডৰ ৩ অভিযুক্তক বিহাৰত গ্ৰেপ্তাৰ, তেৰ দিনৰ আৰক্ষী জিম্মাত প্ৰেৰণ
লগতে পঢ়ক :পশ্চিম এছিয়াৰ পৰিৱৰ্তিত পৰিস্থিতিৰ ওপৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত বৈঠক