ETV Bharat / politics

২৮ জানুৱাৰীৰ পৰা সংসদৰ বাজেট অধিৱেশন

বাজেট অধিৱেশনক সংসদৰ কেলেণ্ডাৰ বছৰৰ ভিতৰত প্ৰথমখন অধিৱেশন হিচাপে বিবেচনা কৰা হয় ।

Budget Session 2026
২৮ জানুৱাৰীৰ পৰা সংসদৰ বাজেট অধিৱেশন (ANI)
author img

By ANI

Published : January 10, 2026 at 8:26 AM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিৱেশন ৷ শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷ তেওঁ কয় যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বাজেট অধিৱেশন ২০২৬ৰ বাবে উভয় সদন আহ্বান কৰাৰ বাবে অনুমোদন জনাইছে ।

ৰিজিজুৱে এক্স পোষ্টত কয় যে ১৩ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ অধিৱেশনৰ অন্ত পৰিব, ৯ মাৰ্চত সংসদ পুনৰ একত্ৰিত হ’ব । এইবাৰৰ বাজেট অধিৱেশন ২ এপ্ৰিললৈকে চলিব ।

বাজেট অধিৱেশনখনক সংসদৰ কেলেণ্ডাৰ বছৰৰ ভিতৰত প্ৰথমখন অধিৱেশন হিচাপে বিবেচনা কৰা হয় আৰু ইয়াৰ আৰম্ভণি দুয়োখন সদনৰ যৌথ বৈঠকত ৰাষ্ট্ৰপতিৰ ভাষণেৰে অনুষ্ঠিত হয় ।

সাধাৰণতে সংসদৰ বাজেট অধিৱেশনক দুটা ভাগত ভাগ কৰা হয় আৰু মাজতে বিৰতি দিয়া হয় যাতে স্থায়ী সমিতিসমূহে বিভিন্ন মন্ত্ৰণালয়ৰ অনুদানৰ দাবীসমূহ পৰীক্ষা কৰিব পাৰে ।

সংসদৰ শীতকালীন অধিৱেশনৰ দৰেই বাজেট অধিৱেশনতো কেবাখনো আইন প্ৰৱৰ্তন বা আলোচনাৰ বাবে লোৱাৰ সম্ভাৱনা আছে ।

ইফালে, ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অনুষ্ঠিত হ’ব এইবাৰৰ এ আই ইমপেক্ট ছামিট ৷ এই সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । পেৰিছত অনুষ্ঠিত হোৱা এ আই এক্সন ছামিটৰ সহ-সভাপতি আছিল প্ৰধানমন্ত্ৰী মোদী ।

বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই এ এন আইক কয় যে তেওঁলোকে চৰকাৰক পৰামৰ্শ দাখিল কৰিব আৰু সংসদৰ বাজেট অধিৱেশনত প্ৰতিবেদন দাখিল কৰা হ’ব ।

ডুবেই এ এন আইক আৰু কয় , "কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত কেবাখনো দেশে নিয়ম প্ৰণয়ন কৰিছে । আমাৰ সমিতিখনো এ আইক লৈ চিন্তিত। প্ৰধানমন্ত্ৰীয়ে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁ বিশ্ব এ আই শীৰ্ষ সন্মিলনৰ সহ-সভাপতি । ইয়াত এখন বৈঠক অনুষ্ঠিত হ'ব । গতিকে, আমি তাৰ আগতে এখন বৈঠক আহ্বান কৰিলোঁ । আমি চৰকাৰক পৰামৰ্শ দাখিল কৰিম । তাৰ পিছত তেওঁলোকে সিদ্ধান্ত ল'ব । আমি বাজেট অধিৱেশনতেই প্ৰতিবেদন দাখিল কৰিম ।"

লগতে পঢ়ক: দেশৰ প্ৰথমটো ৰাষ্ট্ৰীয় আই ই ডি ডাটা মেনেজমেণ্ট ছিষ্টেম উদ্বোধন অমিত শ্বাহৰ