ETV Bharat / politics

দুদিনীয়াকৈ বি টি চিৰ শীতকালীন অধিৱেশন আৰম্ভ: ছয় মনোনীত সদস্যৰ শপত গ্ৰহণ

২০২৪-২৫ৰ অৱশিষ্ট দিনৰ বাবে পৰিপূৰক বাজেট হিচাপে ২৫০ কোটি টকাৰ অনুদান ৰাজ্য় চৰকাৰৰ ।

BTC winter budget session
বিটিচিৰ শীতকালীন অধিৱেশনত মুখ্য় কাৰ্যবাহী সদস্য় হাগ্ৰামা মহিলাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 1, 2025 at 6:15 PM IST

4 Min Read
Choose ETV Bharat

কোকৰাঝাৰ: কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আজিৰে পৰা দুদিনীয়াকৈ বি টি চিৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে । অধিৱেশনৰ প্ৰথমদিনা প্ৰশ্নোত্তৰ শিতানেৰে কাৰ্যসূচীৰ আৰম্ভ হয় ৷

ইউ পি পি এলৰ উইলছন হাসদা, দাওবৈছা বড়ো, মন্টু বড়ো, বিজেপিৰ ৰেখাৰাণী দাসবড়ো আৰু বি পি এফৰ খলিলুৰ ৰহমানকে ধৰি পাঁচগৰাকীয়ে সৰ্বমুঠ আঠটা প্ৰশ্ন উত্থাপন কৰে ৷ এই শিতানৰ পিছতেই বি টি চিৰ নৱ-নিৰ্বাচিত ছয়গৰাকী মনোনীত সদস্যক গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱা হয় ।

বি টি চিৰ শীতকালীন অধিৱেশন (ETV Bharat Assam)

এই নৱ-নিৰ্বাচিত মনোনীত সদস্য কেইগৰাকী হ’ল ক্ৰমে- ৰাজবংশী সম্প্ৰদায়ৰ কোকৰাঝাৰ জিলাৰ কৰ্মেশ্বৰ ৰায়, ৰাভা জনগোষ্ঠীৰ ওদালগুৰিৰ ৰতন চন্দ্ৰ ৰাভা, গোৰ্খা সম্প্ৰদায়ৰ চিৰাং জিলাৰ নন্দলাল মগৰ, কোচ জনগোষ্ঠী তথা গণ সুৰক্ষা পাৰ্টীৰ উপদেষ্টা হেমপ্ৰভা দেৱী, কলিতা জনগোষ্ঠীৰ ওদালগুৰিৰ অজয় কুমাৰ হাজৰিকা আৰু শৰণীয়া-কছাৰী জনগোষ্ঠীৰ বাগসা জিলাৰ ৰিদীপ কুমাৰ ডেকাক শপত বাক্য পাঠ কৰোৱা হয় ।

Rajbanshi community nominated member take oath
ৰাজবংশী সম্প্ৰদায়ৰ মনোনীত সদস্য কৰ্মেশ্বৰ ৰায় (ETV Bharat Assam)
Koch community nominated member take oath
কোচ জনগোষ্ঠীৰ মনোনীত সদস্য হেমপ্ৰভা দেৱী (ETV Bharat Assam)
Gurkha community nominated member take oath
গোৰ্খা সম্প্ৰদায়ৰ মনোনীত সদস্য নন্দলাল মগৰ (ETV Bharat Assam)
Kalita community nominated member take oath
কলিতা জনগোষ্ঠীৰ মনোনীত সদস্য অজয় কুমাৰ হাজৰিকা (ETV Bharat Assam)

উল্লেখ্য যে আজিৰ সদনত উপাধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে তামুলপুৰৰ দৰঙাজুলি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজিত গৌৰা নাৰ্জাৰীক নিৰ্বাচিত কৰা হয় ।

BJP's Bijit Goura Narzari elected as deputy speaker
উপাধ্যক্ষ হিচাপে নিৰ্বাচিত বিজেপিৰ বিজিত গৌৰা নাৰ্জাৰীক আদৰণি (ETV Bharat Assam)

বি টি চিৰ কাৰ্যবাহী সদস্য তথা বি পি এফ দলৰ জ্যেষ্ঠ নেতা দেৰহাছৎ বসুমতাৰীয়ে কয় যে শীতকালীন অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্তত অসম চৰকাৰে চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ ৰ অৱশিষ্ট দিনকেইটা চলোৱাৰ বাবদ পৰিপূৰক বাজেট (supplementary budget) হিচাপে ২৫০ কোটি টকাৰ অনুদান দিছে । বি টি চিৰ ফিক্সড পে' কৰ্মচাৰীসকলৰ ৩০ মাহৰ বকেয়া দৰমহা মোকোলাই দিয়া হ'ব আৰু সেয়া বি টি চিৰ নিজা ৰাজহ উৎসৰ পৰা দিয়া হ'ব ।

উল্লেখ্য যে আজি সদনত বি টি চি বিধান পৰিষদৰ সদন আক্ৰমণৰ ঘটনা সন্দৰ্ভত অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে এক গৰিহণামূলক প্ৰস্তাৱ উত্থাপন কৰাত সদনত সেয়া গৃহীত হয় । ইউ পি পি এল দলৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়োৱে সদনৰ অন্তত সাংবাদিকৰ আগত কয়, "২০২০ চনৰ ২৭ জানুৱাৰী মাহত স্বাক্ষৰিত বি টি আৰ চুক্তিৰ দফাসমূহ বৰ্তমান হাগ্ৰামা মহিলাৰীৰ বি পি এফ চৰকাৰে কাৰ্যকৰী কৰিবনে নাই এই সন্দৰ্ভত আজি সদনৰ মজিয়াত প্ৰশ্ন কৰা হৈছিল । ইয়াৰ উত্তৰত তেওঁলোকে কয় যে চৰকাৰ গঠন কৰা দুই-তিনিমাহহে হৈছে ৷ গতিকে বি টি আৰ চুক্তিৰ দফাসমূহ পৰীক্ষা কৰি চিন্তা-চৰ্চা কৰিব বুলি লিখিতভাৱে জনাইছে ৷ কিন্তু বি টি আৰ চুক্তিখন এখন শান্তিৰ চুক্তি হোৱা হেতুকে অতি গুৰুত্ব সহকাৰে লৈ তেওঁলোকে ৰূপায়ণ কৰিব বুলি আমি আশাবাদী ।"

BTC winter budget session begins
শীতকালীন অধিৱেশনত মুখ্য় কাৰ্যবাহী সদস্য় হাগ্ৰামা মহিলাৰী (ETV Bharat Assam)

হাগ্ৰামাৰ অভিযোগ নস্যাৎ ইউ পি পি এলৰ :

বি টি চি সচিবালয়ত সংঘটিত আক্ৰমণৰ ঘটনাত ইউ পি পি এল আৰু এবছু জড়িত আছে বুলি দেওবাৰে দৃঢ়ভাৱে হাগ্ৰামা মহিলাৰীয়ে মন্তব্য় কৰাত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইউ পি পি এলৰ নিৰ্বাচিত প্ৰতিনিধি দাওবৈচা বড়োৱে । হাগ্ৰামা মহিলাৰীয়ে কৰা অভিযোগ নস্যাৎ কৰি ইউ পি পি এলৰ নিৰ্বাচিত সদস্য দাওবৈচা বড়োৱে কয়, "এই অভিযোগ আমি সম্পূৰ্ণভাৱে নস্যাৎ কৰিছো । কোনোবা জড়িত থকা-নথকাটো তদন্তৰ পিছতহে ক'ব পৰা যায় । জনজাতি পোৱা আৰু হেৰুওৱাৰ মাজত বিভেদ সৃষ্টি হৈছিল । যোৱা ২৯ নৱেম্বৰত অসম বিধানসভাৰ অন্তিম দিন আছিল । মন্ত্ৰীগোটে যি প্ৰতিবেদন দাখিল কৰিলে তাকে লৈ বড়োলেণ্ড বিশ্ববিদ্য়ালয়ৰ লগতে কেইখনমান মহাবিদ্য়ালয়ৰ শিক্ষাৰ্থীয়ে বা জনজাতীয় ছাত্ৰ সংগঠনসমূহে ইয়াত প্ৰতিবাদ কৰিছিল । তেওঁলোকে বি টি চিৰ পৱিত্ৰ সদনক আক্ৰমণ কৰাক আমিও নিন্দা কৰিছো ।"

সদন আক্ৰমনৰ ঘটনাৰ স'তে ইউ পি পি এল দল কোনোধৰণে জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে নেতাগৰাকীয়ে । পৱিত্ৰ সদনৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দিয়াৰ লগতে আজিৰ অধিৱেশনত সদনে লোৱা সিদ্ধান্তক সহাৰি জনোৱা বুলিও তেওঁ কয় ৷ উল্লেখ্য যে কাইলৈ চৰকাৰী বন্ধ থকা হেতুকে পৰহি অৰ্থাৎ তিনি ডিচেম্বৰত অধিৱেশনৰ সামৰণি পৰিব ৷

লগতে পঢ়ক: সচিবালয়ত আক্ৰমণৰ আঁৰত কোন ! এবছু-ইউ পি পি এলক জগৰীয়া কৰিলে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে