কিয় আত্মহননৰ পথ বাচি ল'লে বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ? স্তম্ভিত সকলো
নাৰ্জাৰীক তেওঁৰ বাসগৃহত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় ৷

By ANI
Published : August 27, 2026 at 10:19 AM IST
|Updated : August 27, 2026 at 1:08 PM IST
গুৱাহাটী: বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীক বুধবাৰে তামুলপুৰ জিলাৰ কুমাৰীকাটাত থকা নিজা বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ।স্থানীয় আৰক্ষীৰ মতে, নাৰ্জাৰীক তেওঁৰ বাসগৃহত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে ।
কি কাৰণে এইগৰাকী ৰাজনৈতিক নেতাই আত্মহননৰ দৰে পথ বাচি ল'বলগীয়া হ'ল সেই প্ৰশ্নৰ উত্তৰ এতিয়াও ওলোৱা নাই ৷ অৱশ্যে এই মৃত্যুৰ ঘটনাৰ তদন্ত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে ৷
বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰি নাৰ্জাৰীয়ে বিটিচিৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ বিটিচি অঞ্চলৰ ৰাজনৈতিক ক্ষেত্ৰ আৰু সতীৰ্থসকলক শোকবিহ্বল কৰি তুলিছে ।
বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে নাৰ্জাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ মৃত্যুক সমাজ আৰু জনজীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে । তেওঁ কয়-"বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মাননীয় উপ-সভাপতি ২৬ নং দৰঙাজুলিৰ পৰা নিৰ্বাচিত হৈ অহা বিজিৎ গৌৰা নাৰ্জাৰীৰ অকাল মৃত্যুত মই গভীৰভাৱে দুখী হৈছো । তেওঁৰ আকস্মিক মৃত্যু আমাৰ সমাজ আৰু জনজীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। এই কঠিন সময়ত তেওঁৰ শোকসন্তপ্ত পৰিয়াল, বন্ধু-বান্ধৱী আৰু সহকৰ্মীসকললৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো । বিদেহী আত্মাই চিৰশান্তি লাভ কৰক আৰু সৰ্বশক্তিমানে তেওঁৰ পৰিয়ালক এই গভীৰ ক্ষতি সহ্য কৰিবলৈ শক্তি দিয়ক ।"
আনহাতে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়েও নাৰ্জাৰীৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে সমগ্ৰ অঞ্চলতে এই লোকচান গভীৰভাৱে অনুভৱ কৰা হ’ব । দৈমাৰীয়ে কয় যে তামুলপুৰ আৰু সমগ্ৰ বিটিচি অঞ্চলে এজন শক্তিশালী আৰু দক্ষ নেতাক হেৰুৱালে ।
ৰাজহুৱা আৰু ৰাজনৈতিক কামকাজত জড়িত হৈ থকা দৰঙাজুলি সমষ্টিৰ বিটিচিৰ নেতৃত্ব আৰু বাসিন্দা নাৰ্জাৰীৰ মৃত্যুত একপ্ৰকাৰ স্তম্ভিত হৈ পৰিছে।
(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ । সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ)

