ETV Bharat / politics

মন্ত্রী হিচাপে শপত ল'লে বি পি এফৰ বিধায়ক চৰণ বড়োৱে, দায়িত্ব পালে পৰিবহণৰ

চাৰে ন' বছৰ বিধায়ক হৈ শেষত পাঁচ-ছয় মাহৰ বাবে মন্ত্রিত্ব । তথাপি সুখী চৰণ বড়ো ।

NEW MINISTER OATH TAKING
ৰাজভৱনত চৰণ বড়োৰ মন্ত্ৰী ৰূপে শপত গ্ৰহণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 18, 2025 at 2:23 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাত আজিৰে পৰা নতুনকৈ অন্তৰ্ভুক্ত হ'ল আন এগৰাকী মন্ত্রী । তেওঁ হৈছে বি পি এফৰ মাজবাটৰ বিধায়ক চৰণ বড়ো । হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নতুন মন্ত্ৰী হিচাপে আজি ৰাজভৱনত চৰণ বড়োৱে শপত গ্ৰহণ কৰে ।

শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই । চৰণ বড়োৱে ইংৰাজীতে শপত বাক্য পাঠ কৰে ।

মন্ত্রী হিচাপে শপত ল'লে চৰণ বড়োৱে (ETV Bharat Assam)

এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্রীসভাৰ সদস্যসকল, বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপৰি ভালেসংখ্যক বিধায়ক আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মাত্র কেইটামান মাহৰ বাবে মন্ত্রিত্ব লাভ কৰা চৰণ বড়োৱে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "ভাল অনুভৱ কৰিছো । বিধায়ক হিচাপে ইতিমধ্যে চাৰে ন' বছৰ অতিক্ৰম কৰিলো; কিন্তু একেবাৰে শেষত পাঁচ-ছয় মাহৰ বাবে মন্ত্রী হোৱাৰ বাবে মই সুযোগ পালো । ইয়াৰ বাবে মই অত্যন্ত সুখ অনুভৱ কৰিছো ।"

এই সুযোগ দিয়াৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীক ধন্যবাদ জনাই চৰণ বড়োৱে কয়,"দপ্তৰ যিয়েই নিদিয়ক কিয় মই ভালদৰে চলাই নিয়াৰ চেষ্টা কৰিম । জীৱনত বহুত চেলেঞ্জ আছে, কম সময়ৰ ভিতৰত শিকিবলগীয়াও বহুত আছে ।"

NEW MINISTER OATH TAKING
ৰাজভৱনত চৰণ বড়োৰ মন্ত্ৰী ৰূপে শপত গ্ৰহণ (ETV Bharat Assam)

উল্লেখ্য যে অসম চৰকাৰৰ মন্ত্রীসভাত নতুন মন্ত্রীৰূপে শপত গ্ৰহণ কৰা চৰণ বড়োক পৰিবহণ বিভাগৰ দায়িত্ব দিয়া হৈছে । চৰণ বড়োক পৰিবহণ দপ্তৰৰ দায়িত্ব দিয়াৰ কথাটো বিশেষভাৱে চৰ্চাত আছিল । পূৰ্বে মন্ত্রী যোগেন মহনৰ দায়িত্বত আছিল পৰিবহণ বিভাগ । এই দায়িত্ব চৰণ বড়োক দিয়াৰ পাছত মন্ত্রী যোগেন মহনক লোকনিৰ্মাণ (পথ), ৰাষ্ট্ৰীয় ঘাইপথৰ দায়িত্ব দিয়া হয় । ইয়াৰ পূৰ্বে এই দায়িত্ব মুখ্যমন্ত্রীৰ হাতত আছিল ।

NEW MINISTER OATH TAKING
ৰাজভৱনত মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰা চৰণ বড়োক শুভেচ্ছা মুখ্যমন্ত্রীৰ (ETV Bharat Assam)

লক্ষণীয় বিষয় যে বি টি চিৰ শাসনভাৰ বি পি এফলৈ যোৱাৰ পাছতে বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বি পি এফৰে মিত্রতা কৰি দলটোৰ এজনক মন্ত্রিত্ব দিবলগীয়া হয় । সেই অনুসৰি আজি বি পি এফৰ মাজবাটৰ বিধায়ক চৰণ বড়ো হিমন্ত বিশ্ব শৰ্মা মন্ত্রীসভাত অন্তৰ্ভুক্ত হয় । বিধানসভা নিৰ্বাচনলৈ মাজত মাত্র কেইটামান মাহ বাকী থকাৰ সময়তে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হয়। আজি পুৱা ১১ বজাত ৰাজভৱনত বিধায়ক চৰণ বড়োৱে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে ।

উল্লেখ্য যে কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী চৰণ বড়ো বি পি এফৰ এগৰাকী যুৱ প্ৰজন্মৰ নেতা । ২০১৬ চনত বি পি এফ দলৰ পৰা প্ৰথমবাৰৰ বাবে মাজবাট বিধানসভা সমষ্টিৰ পৰা চৰণ বড়ো বিধায়কৰূপে নিৰ্বাচিত হয় । মাজবাটৰ পৰাই ২০২১ চনতো তেওঁ দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয় যদিও বিৰোধীৰ আসনত বহিবলগীয়া হয়; কিন্তু অৱশেষত মন্ত্রী হিচাপৰ শাসকীয় পক্ষলৈ অহাৰ তেওঁৰ সৌভাগ্য হ'ল । কম দিনৰ বাবে হ'লেও মন্ত্রী হিচাপে দায়িত্ব পালনৰ সৌভাগ্য লাভ কৰিলে চৰণ বড়োৱে ।

লগতে পঢ়ক:আজি মন্ত্ৰী ৰূপে শপত ল’ব বি পি এফৰ চৰণ বড়োৱে; ৰাজভৱনত ১১ বজাত শপত গ্ৰহণ

চৰণ বড়ো অন্তৰ্ভুক্ত হ'ব মন্ত্ৰীসভাত ! কাইলৈ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্ণ সম্ভাৱনা : মুখ্যমন্ত্ৰী