জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপনৰ লক্ষ্য়ৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’
ঢেকীয়াজুলি, বৰছলা, তেজপুৰ, নদুৱাৰ আৰু ৰঙাপৰাত বিজেপিৰ পোনপটীয়াকৈ সংযোগ যাত্ৰা ।

Published : February 28, 2026 at 4:05 PM IST
তেজপুৰ : বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিয়ে শোণিতপুৰ জিলাৰ পৰা আৰম্ভ কৰিছে ‘জন আশীৰ্বাদ যাত্ৰা’ । বৰছলাৰ গুপ্তেশ্বৰ মন্দিৰত পূজা অৰ্চনা কৰি আৰম্ভ কৰা 'জন আশীৰ্বাদ যাত্ৰা’ই পাঁচটা বিধনসভা সমষ্টি সামৰি লৈছে ।
এই উপলক্ষে আয়োজিত সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "ৰাইজৰ আশীৰ্বাদ, অসমৰ জনতাৰ আশীৰ্বাদৰে এই যাত্ৰা আৰম্ভ কৰিছো । আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আপোনালোকে যাতে আৰু ভাল কাম কৰিবলৈ আশীৰ্বাদ কৰিব । এই সময়ত আমি যিমান সম্ভৱ হয় অসমৰ ৰাইজক হিয়া উজাৰি সহায় কৰিছিলো । ভুলবশতঃ কৰিব পৰা কাম নোহোৱাকৈ থাকি গ'ল, তাৰ বাবে পুনৰ ৰাইজৰ পৰা ভাল কাম কৰাৰ সুবিধা লাভ কৰো ।"
অসমত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে শোণিতপুৰ জিলাত ‘জন আশীৰ্বাদ যাত্ৰা’ আৰম্ভ কৰে । বিজেপিৰ এই যাত্ৰাই জিলাখনৰ বিভিন্ন অঞ্চলত ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি কৰে । এই যাত্ৰাৰ সূচী অনুসৰি মুখ্যমন্ত্ৰীয়ে ঢেকীয়াজুলি, বৰছলা, তেজপুৰ, নদুৱাৰ আৰু ৰঙাপৰা এই পাঁচটা সমষ্টিৰ কেইবাটাও অঞ্চলত উপস্থিত হৈ জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰে ।

পথসভা আৰু জনসমাগমত মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ উন্নয়নমূলক আঁচনি, আন্তঃগাঁথনিৰ উন্নয়ন, শিক্ষা-স্বাস্থ্য খণ্ডৰ সংস্কাৰ আৰু আত্মনিৰ্ভৰ অসমৰ দৃষ্টিভংগী সন্দৰ্ভত বক্তব্য আগবঢায় । যাত্ৰাৰ সময়ছোৱাত বিজেপিৰ দলীয় পতাকা আৰু সমৰ্থকৰ ভিৰে বিভিন্ন স্থানত ।

এই সন্দৰ্ভত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা তথা বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই কয়, "সভাপতি দিলীপ শইকীয়া আৰু সকলো ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম । পথৰ কাষত অজস্ৰ গুণমুগ্ধই ভিৰ কৰিছে, আশীৰ্বাদ দিছে আৰু অপেক্ষাত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে । ৰাইজৰ আশীৰ্বাদ আমাৰ সাহস । সকলো সময়তে আমি ৰাইজৰ আশীৰ্বাদ লৈয়ে আমি আগবাঢ়িছো, ৰাইজেই আমাৰ সাহস ।"

বৰছলাৰ গুপ্তেশ্বৰ মন্দিৰত পূজা অৰ্চনা কৰি আৰম্ভ কৰা এই জন আৰ্শীবাদ যাত্ৰাত ঢেকীয়াজুলিত এখন ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰি ৰাইজৰ আৰ্শীবাদ লয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু অশোক সিংহলে ।


