ETV Bharat / politics

যোগেন মহনক ৰাজ্য়সভালৈ যাব নিদিয়ে সমষ্টিৰ ৰাইজে, বিজেপি কৰ্মীৰ প্ৰতিবাদ

মন্ত্ৰী যোগেন মহনক ৰাজ্যসভাৰ টিকট প্ৰদানৰ পাছতে মন্ত্ৰীজনৰ ঘৰ ঘেৰাও হাজাৰ হাজাৰ বিজেপি কৰ্মীৰ । ৰাজ্যসভা নহয়, মাহমৰা সমষ্টিত বিধায়ক হিচাপে বিচাৰি প্ৰতিবাদ ।

Jogen Mohan
যোগেন মহনক মাহমৰাতে বিচাৰি বিজেপি কৰ্মীৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 4, 2026 at 7:57 AM IST

|

Updated : March 4, 2026 at 9:26 AM IST

3 Min Read
Choose ETV Bharat

মৰাণ : কেবিনেট মন্ত্ৰী যোগেন মহনক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পাছতে চৰাইদেউ জিলাৰ মাহমৰাত তীব্ৰ প্ৰতিবাদ । যোগেন মহনৰ মৰাণ নগৰস্থিত বাসগৃহৰ সন্মুখত সমবেত হাজাৰ হাজাৰ দলীয় কৰ্মী-সমৰ্থকৰ উত্তাল প্ৰতিবাদ ।‌ ৰাজ্যসভাৰ সাংসদৰ পৰিৱৰ্তে মাহমৰা সমষ্টিৰ বিধায়ক হিচাপেহে যোগেন মহনক বিচাৰে দলীয় কৰ্মী-সমৰ্থকে ।‌

আনহাতে, মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ ৰাজ্যিক নেতৃত্বক সিদ্ধান্ত বাতিলৰ দাবী সমষ্টিবাসীৰ । এই দাবীত মন্ত্ৰী যোগেন মহনৰ বাসগৃহৰ সন্মুখত মঙলবাৰে নিশা অৱস্থান কৰে প্ৰতিবাদী দলীয় কৰ্মী-সমৰ্থকে ।

যোগেন মহনক মাহমৰাতে বিচাৰি বিজেপি কৰ্মীৰ প্ৰতিবাদ (ETV Bharat Assam)

উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হ'বলগা ৰাজ্যসভা নিৰ্বাচনলৈ তৎপৰ হৈছে ভাৰতীয় জনতা পাৰ্টী । কেন্দ্ৰীয় বিজেপিয়ে অসমৰ ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে মঙলবাৰে দুজন‌ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে । দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা আৰু মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰে বিজেপিয়ে ।

কিন্তু মন্ত্ৰী যোগেন মহনে সমাগত বিধানসভা নিৰ্বাচনক লৈ সমষ্টিটোত সাংগঠনিক কাম-কাজত ব্যস্ত থকাৰ সময়তে মন্ত্ৰীগৰাকীৰ অনিচ্ছাৰ পাছতো ৰাজ্যসভাৰ টিকট প্ৰদান কৰাক লৈ তেওঁ নিজে ক্ষোভিত হোৱাৰ লগতে দলীয় কৰ্মীসকলো ক্ষোভিত হৈছে ।

ক্ষোভিত বিজেপি কৰ্মীসকলে কয়, "মন্ত্ৰী যোগেন মহনক আমি মাহমৰাৰ বিধায়ক হিচাপে বিচাৰোঁ । যোগেন মহন আমাৰ অভিভাৱক । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই আহি ঘোষণা কৰিছিল যোগেন মহন মাহমৰা সমষ্টিৰ বিধায়ক হ'ব । কিন্তু কিয় এই সিদ্ধান্ত ল'লে । মুখ্যমন্ত্ৰীয়ে নিজেই মহিলাসকলৰ আগত কোৱা কথা ৰাখক ।"

উল্লেখ্য যে ২০১৬ চনৰ পৰাই ধাৰাবাহিকভাৱে দুবাৰকৈ ভাৰতীয় জনতা পাৰ্টীৰ পৰা জয়লাভ কৰি কেবিনেট মন্ত্ৰীৰ দায়িত্ব পালন কৰি আহিছে মন্ত্ৰী যোগেন মহনে । ২০১৬ আৰু ২০২১ চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ধাৰাবাহিকভাৱে পৰাজিত কৰি মাহমৰা সমষ্টিৰ বিধায়ক হৈ আছে মন্ত্ৰী যোগেন মহন । আহোম জনগোষ্ঠীৰ নেতা হোৱা বাবেই সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতো কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ দৰে‌ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দিনতো বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব পালন কৰিবলৈ সুযোগ লাভ কৰিছিল । আনহাতে, মঙলবাৰে পুৱাৰ ভাগত মন্ত্ৰী যোগেন মহনে নিজেই সংবাদ মাধ্যমৰ আগত তেওঁ ৰাজ্যসভাৰ প্ৰাৰ্থী হ'বলৈ ইচ্ছা নাই বুলি জানিবলৈ দিছিল ।

তেওঁ কৈছিল, "আমাৰ ৰাজ্যসভাৰ ছীট তিনিটা । ছজনৰ লৈছে । গতিকে এইটো চিন্তা কৰিবলগা বিষয় নহয় । ৰাজ্যিক সভাপতি আছে, মুখ্যমন্ত্ৰী মহোদয় আছে, তেওঁলোকে বিবেচনা কৰি মনোনয়ন-পত্ৰ লৈছে । হাইকমাণ্ডৰ পৰা চূড়ান্ত হৈ নাম অহাৰ লগে লগে দিল্লীৰ পৰা নাম আহিব । সদ্যহতে মই ৰাজ্যসভাৰ বাবে আগ্ৰহী নহয় । সমষ্টিবাসী ৰাইজৰ লগতে থকাটোৱেই মই বেছি গুৰুত্ব দিছোঁ ।"

তেওঁ লগতে কয়, "মই হাইকমাণ্ডকো কৈছোঁ যে সমষ্টিত ৰাইজৰ বহু কাম কৰিবলৈ বাকী আছে, সমষ্টিত থাকিবলৈ পালে ভাল‌ হয় । আজি চূড়ান্ত হ'ব কোন‌ দুজন প্ৰাৰ্থীয়ে মনোনয়ন দিব । গতিকে এই ক্ষেত্ৰত মোৰ বিশেষ মন্তব্য দিবলগা নাই । দলে য'ত বহুৱাই সেইটো দলৰ‌ কথা । মই কৈছোঁ সমষ্টিত কাম কৰি ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবহে‌ বিচিৰোঁ ।"

কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে বিয়লি ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব ঘোষণাৰ পাছতেই তেওঁ সংবাদ মাধ্যমৰ পৰা আঁতৰি আছে ।

লগতে পঢ়ক :অসমৰ পৰা ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ'ব মহন-গোৱালা : ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক বিহাৰৰ পৰা প্ৰাৰ্থিত্ব
লগতে পঢ়ক :কংগ্ৰেছৰ প্ৰথমখন ৪২ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ
Last Updated : March 4, 2026 at 9:26 AM IST