ETV Bharat / politics

অসমত বিজেপিয়ে মাৰিব চেঞ্চুৰী, পশ্চিমবংগত ডাবল চেঞ্চুৰী : হিমন্ত বিশ্ব শৰ্মা

পশ্চিমবংগত ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মা । ৰাজ্যখনত বিজেপিয়ে ২০০ আসন লাভ কৰাৰ ভৱিষ্যদ্বাণী কৰিলে ।

A file photo of Himanta Biswa Sarma at a poll campaign in Uttar Dinajpur
পশ্চিমবংগত অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ (IANS)
author img

By ETV Bharat Assamese Team

Published : April 20, 2026 at 2:30 PM IST

3 Min Read
Choose ETV Bharat

আলিপুৰদুৱাৰ : অহা ২৩ এপ্ৰিলত পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ৰাজ্যখনত প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছে । শাসকীয় তৃণমূল কংগ্ৰেছৰ লগতে বিৰোধী বিজেপিয়েও ইজনৰ পিছত সিজন ষ্টাৰ কেম্পেইনাৰক প্ৰচাৰ অভিযানত নমাইছে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ৰাজ্যখনৰ কেইবাটাও স্থানত বিজেপি প্ৰাৰ্থীৰ হৈ ধাৰাবাহিকভাৱে প্ৰচাৰ চলাই আছে । তাৰ মাজতে এখন সভাত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে অসমত বিজেপিয়ে ১০০ খন আসন লাভ কৰাৰ সমান্তৰালকৈ পশ্চিমবংগত ২০০ খন আসনত জয়লাভ কৰিব । মাদাৰিহাটৰ বীৰপাৰা চাৰ্কাছ খেলপথাৰত এক নিৰ্বাচনী সভাত অংশ লৈ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে ।

বিজেপি প্ৰাৰ্থী লক্ষ্মণ লিম্বুৰ সমৰ্থনত প্ৰচাৰ সভাত ভাষণ দি শৰ্মাই কয়, "অসমত ভোটদান ইতিমধ্যে সমাপ্ত হৈছে; তাত বিজেপিয়ে ১০০ খন আসন লাভ কৰি 'শতক' অৰ্জন কৰিবলৈ সাজু হৈছে । পশ্চিমবংগত আমি ২০০ খন আসন লাভ কৰি 'ডাবল চেঞ্চুৰী' অৰ্জন কৰিম ।" ভাষণৰ আৰম্ভণিৰে পৰাই ৰাজ্যৰ শাসকীয় দলটোক লক্ষ্য কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আগ্ৰাসী স্থিতি গ্ৰহণ কৰে । তেওঁ বংগৰ চাহ শ্ৰমিকসকলক উচিত মজুৰি আৰু সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে বুলি অভিযোগ কৰে । ইয়াৰ বিপৰীতে অসমৰ বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ বাবে অধিক মজুৰি, ৰেচন যোগান, নিয়মীয়া বোনাচ নিশ্চিত কৰিছে বুলিও দাবী কৰে ।

দুৰ্গা পূজাৰ সময়ত ২০ শতাংশ বোনাচৰ কথা উল্লেখ কৰি তেওঁ ঘোষণা কৰে, "বিজেপি চৰকাৰে শ্ৰমিকসকলক মৰ্যাদা আৰু সন্মানেৰে ব্যৱহাৰ কৰিব জানে ।" পশ্চিমবংগ চৰকাৰৰ অভিলাষী আঁচনি 'লক্ষ্মী ভাণ্ডাৰ'কো সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, "দেৱী লক্ষ্মীয়ে ইমান সামান্য ধন আগবঢ়ায় নেকি ? যদি বিজেপি ক্ষমতালৈ আহে তেন্তে আমি মাহিলী ৩ হাজাৰ টকাৰ প্ৰদানেৰে 'মা অন্নপূৰ্ণাৰ ভাণ্ডাৰ' আঁচনি ৰূপায়ণ কৰিম ।"

অনুপ্ৰৱেশৰ প্ৰসংগতো অসমৰ মুখ্যমন্ত্ৰীগৰাকী সৰব হৈ পৰে । তেওঁ কয় যে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু সীমান্ত নিৰাপত্তা যথেষ্ট শক্তিশালী কৰা হ'ব । একে সময়তে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিকো তীব্ৰ সমালোচনা কৰি তেওঁ কয়, "ইয়াত 'মা-মাটি-মানুহ' চৰকাৰ নাই, বৰঞ্চ গুণ্ডাৰ শাসনহে চলিছে ।"

ভাষণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ সাধাৰণ জনতাক কেইবাটাও প্ৰতিশ্ৰুতি দিয়ে । তাৰ ভিতৰত অন্যতন নিবনুৱা যুৱক-যুৱতীৰ বাবে মাহিলী ৩০০০ টকাৰ ভাট্টা । তেওঁ কয় যে বিজেপি শাসনলৈ আহিলে নিবনুৱা যুৱক-যুৱতীসকলক চাকৰি নোহোৱা পৰ্যন্ত মাহিলী ৩ হাজাৰ টকা কৰা প্ৰদান কৰা হ'ব । মুখ্যমন্ত্ৰীয়ে লগতে কয়, "অচিৰেই পৰিৱৰ্তন হ'ব; মমতা বেনাৰ্জীৰ বিদায় এতিয়া মাথোঁ সময়ে ক'ব ।" অসমৰ মুখ্যমন্ত্ৰীৰ এই ধৰণৰ ঘোষণাবোৰে নিশ্চিতভাৱে পশ্চিমবংগৰ জনসাধাৰণৰ লগতে ৰাজনৈতিক মহলতো ব্যাপক চৰ্চা হৈছে ।

লগতে পঢ়ক :

প্ৰসংগ মহিলা সংৰক্ষণ বিধেয়ক : প্ৰতিক্ৰিয়া মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

বাংলাদেশী মুছলমান অনুপ্ৰৱেশকাৰীয়ে বংগ কাঢ়ি ল'ব : হিমন্ত বিশ্ব শৰ্মা